--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কাশ্মীৰ উপত্যকাত পর্যটন-কালৰ আৰম্ভণি ৰূপে, অহা ২৬ মার্চত ডাল হ্রদ আৰু ঝাবাৰৱান পাহাৰৰ মাজত থকা এছিয়াৰ বৃহত্তম টিউলিপ বাগিচাখন দর্শনার্থীৰ বাবে মুকলি কৰা হ'ব। মুকলি কৰিব কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই। 

উল্লেখযোগ্য যে এসময়ৰ জম্মু-কাশ্মীৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী গোলাম নবী আজাদে ২০০৭ চনত ৰাজ্যখনত পর্যটন-কাল আগুৱাই আনিবলৈ ইন্দিৰা গান্ধী মেম'ৰিয়েল টিউলিপ গার্ডেন নামৰ এই বাগিচাখন স্থাপন কৰিছিল। 

তাৰ আগতে ৰাজ্যখনৰ পৰ্যটন-কাল আছিল গ্রীষ্ম আৰু শীতকাল। পূৰ্বতে এই বাগিচাখন চিৰাজ বাগ নামেৰে জনাজাত আছিল। এইবাৰ নতুনকৈ যোগ দিয়া দুটা তৰহৰ টিউলিপৰ সৈতে বাগিচাখনত মুঠ ৭৪ তৰহৰ টিউলিপ আছে। 

ইয়াৰ সৈতে বাগিচাখনত আছে হাইয়াচিনথ (মেটেকা জাতীয় বিভিন্ন ফুল), ডেফ'ডিল, মাছকেৰী আৰু চাইক্লেমিন। বাগিচাখনৰ কৰ্তৃপক্ষৰ মতে, এই বছৰ ৫৫ হেক্টৰ মাটিত (প্রায় ২১৯ বিঘা) ১৭ লাখ টিউলিপৰ আলু ৰোপণ কৰা হৈছে। উল্লেখযোগ্য যোৱা বৰ্ষত ৪.৬৫ দর্শনার্থীয়ে এই টিউলিপ বাগিচা দর্শন কৰিছিল।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা