--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অসমৰ গৌৰৱ ড'না শুভলক্ষ্মীয়ে ৰাষ্ট্ৰীয় স্তৰত নিজৰ প্ৰতিভাৰ পৰিচয় দি দেশৰ অন্যতম প্ৰতিষ্ঠিত প্ৰতিযোগিতা "Young Psychologist Competition"-ত তৃতীয় স্থান অধিকাৰ কৰি অসমক গৌৰৱান্বিত কৰিছে। এই প্ৰতিযোগিতা ক্ৰাইষ্ট ইউনিভাৰ্চিটি, বেংগালুৰু (মধ্য কেম্পাছ)-ত অনুষ্ঠিত হৈছিল।

ড'না শুভলক্ষ্মী বৰ্তমান ক্ৰাইষ্ট ইউনিভাৰ্চিটি, যশৱন্তপুৰ কেম্পাছ-ত বি.এছ.ছি. মনোবিজ্ঞান (Psychology) বিভাগৰ ছাত্ৰী। এই প্ৰতিযোগিতাত ১৪০ টা গৱেষণা প্ৰবন্ধৰ মাজৰ পৰা কেৱল ৪০ টা চূড়ান্ত পৰ্যায়লৈ উন্নীত হৈছিল। তাৰে ভিতৰত ড'না আৰু তেওঁৰ দল শীৰ্ষ ১০ স্থানত অৱস্থান কৰিবলৈ সক্ষম হয়। তেওঁলোকৰ গৱেষণা আৰু প্ৰদৰ্শন অত্যন্ত প্রশংসনীয় বুলি বিবেচিত হয়।

ড'নাৰ এই সফলতাৰ আঁৰত আছে এক সমৃদ্ধ পৰিয়ালৰ প্ৰেৰণা। তেওঁ ড° স্নিগ্ধা চেতিয়াৰ জীয়ৰী, যি বৰ্তমানে কমান্ডান্ট (মেডিকেল), চিআৰপিএফ হিচাপে কৰ্মৰত। লগতে, তেওঁ কৃতী বঁটা বিজয়ী, প্ৰয়াত কুসুম চেতিয়াৰ নাতিনী, যি নামতি চাৰিআলি গাৰ্লছ হাইস্কুলৰ প্ৰাক্তন অধ্যক্ষ আছিল। প্ৰয়াত কুসুম চেতিয়াৰ স্বামী শ্ৰীযুত উমা কান্ত চেতিয়া।

ড'নাৰ এই সফলতাই অসমৰ যুৱ সমাজৰ বাবে অনুপ্ৰেৰণা হৈ উঠিছে। দেশৰ বিভিন্ন ৰাজ্যৰ প্ৰতিযোগীৰ মাজত প্ৰতিযোগিতা কৰি তৃতীয় স্থান লাভ কৰা ড'নাৰ এই সফলতা তেওঁৰ অধ্যৱসায়, বুদ্ধিমত্তা আৰু মনোবিজ্ঞানেৰ প্ৰতি তেওঁৰ গভীৰ আকৰ্ষণৰ প্ৰমাণ।

ড'না শুভলক্ষ্মীৰ এই গৌৰৱোজ্জ্বল সফলতাই অসমৰ নাম উজলাইছে আৰু আগন্তুক মনোবিজ্ঞানীসকলৰ বাবে এক আদৰ্শ স্থাপন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা