--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অসমৰ গৌৰৱ ড'না শুভলক্ষ্মীয়ে ৰাষ্ট্ৰীয় স্তৰত নিজৰ প্ৰতিভাৰ পৰিচয় দি দেশৰ অন্যতম প্ৰতিষ্ঠিত প্ৰতিযোগিতা "Young Psychologist Competition"-ত তৃতীয় স্থান অধিকাৰ কৰি অসমক গৌৰৱান্বিত কৰিছে। এই প্ৰতিযোগিতা ক্ৰাইষ্ট ইউনিভাৰ্চিটি, বেংগালুৰু (মধ্য কেম্পাছ)-ত অনুষ্ঠিত হৈছিল।

ড'না শুভলক্ষ্মী বৰ্তমান ক্ৰাইষ্ট ইউনিভাৰ্চিটি, যশৱন্তপুৰ কেম্পাছ-ত বি.এছ.ছি. মনোবিজ্ঞান (Psychology) বিভাগৰ ছাত্ৰী। এই প্ৰতিযোগিতাত ১৪০ টা গৱেষণা প্ৰবন্ধৰ মাজৰ পৰা কেৱল ৪০ টা চূড়ান্ত পৰ্যায়লৈ উন্নীত হৈছিল। তাৰে ভিতৰত ড'না আৰু তেওঁৰ দল শীৰ্ষ ১০ স্থানত অৱস্থান কৰিবলৈ সক্ষম হয়। তেওঁলোকৰ গৱেষণা আৰু প্ৰদৰ্শন অত্যন্ত প্রশংসনীয় বুলি বিবেচিত হয়।

ড'নাৰ এই সফলতাৰ আঁৰত আছে এক সমৃদ্ধ পৰিয়ালৰ প্ৰেৰণা। তেওঁ ড° স্নিগ্ধা চেতিয়াৰ জীয়ৰী, যি বৰ্তমানে কমান্ডান্ট (মেডিকেল), চিআৰপিএফ হিচাপে কৰ্মৰত। লগতে, তেওঁ কৃতী বঁটা বিজয়ী, প্ৰয়াত কুসুম চেতিয়াৰ নাতিনী, যি নামতি চাৰিআলি গাৰ্লছ হাইস্কুলৰ প্ৰাক্তন অধ্যক্ষ আছিল। প্ৰয়াত কুসুম চেতিয়াৰ স্বামী শ্ৰীযুত উমা কান্ত চেতিয়া।

ড'নাৰ এই সফলতাই অসমৰ যুৱ সমাজৰ বাবে অনুপ্ৰেৰণা হৈ উঠিছে। দেশৰ বিভিন্ন ৰাজ্যৰ প্ৰতিযোগীৰ মাজত প্ৰতিযোগিতা কৰি তৃতীয় স্থান লাভ কৰা ড'নাৰ এই সফলতা তেওঁৰ অধ্যৱসায়, বুদ্ধিমত্তা আৰু মনোবিজ্ঞানেৰ প্ৰতি তেওঁৰ গভীৰ আকৰ্ষণৰ প্ৰমাণ।

ড'না শুভলক্ষ্মীৰ এই গৌৰৱোজ্জ্বল সফলতাই অসমৰ নাম উজলাইছে আৰু আগন্তুক মনোবিজ্ঞানীসকলৰ বাবে এক আদৰ্শ স্থাপন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু