--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুদীৰ্ঘ ২২ বছৰৰ মূৰত আজি অনুষ্ঠিত হ'ব দেশৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দল কংগ্ৰেছৰ সভাপতি নিৰ্বাচন। মূলতঃ গান্ধী পৰিয়ালৰ মাজতে আবদ্ধ হৈ থকা কংগ্ৰেছৰ সভাপতি পদটো এইবাৰেই প্ৰথম গান্ধী পৰিয়ালৰ বাহিৰৰ কোনো লোকৰ হাতলৈ যাব। আজি অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ দুই মূল প্ৰাৰ্থী হৈছে মল্লিকাৰ্জুন খাৰ্গে আৰু শশী থাৰুৰ। নিৰ্বাচনত গান্ধী পৰিয়ালৰ আশীৰ্বাদপুষ্ট খাৰ্গেৰেই বিজয় এক প্ৰকাৰ নিশ্চিত বুলি ধাৰণা কৰা হৈছে যদিও নিৰাশাৰ মাজতো থাৰুৰে হাত দাঙি দিয়া নাই। জয় সুনিশ্চিত নহয় বুলি জনাৰ পিছতো থাৰুৰে সৌসিদিনালৈ অব্যাহত ৰাখিছিৱল নিৰ্বাচনী প্ৰচাৰ। শেহতীয়াকৈ শশী থাৰুৰে গুৱাহাটীলৈ আহি নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে।

আজি দলটোৰ সভাপতি নিৰ্বাচিত কৰিব নিৰ্বাচনী কলেজিয়ামৰ অন্তৰ্ভুক্ত সমিতিৰ   প্ৰতিনিধিসকলে। যদিও খাৰ্গেক গান্ধী পৰিয়ালৰ 'অনানুষ্ঠানিক চৰকাৰী প্ৰাৰ্থী' হিচাপে গণ্য কৰা হৈছে আৰু বহু সংখ্যক জ্যেষ্ঠ নেতাই তেওঁক সমৰ্থন কৰিছে, থাৰুৰে নিজকে পৰিৱৰ্তনৰ প্ৰাৰ্থী হিচাপে নিজকে প্ৰক্ষেপ কৰিছে।

প্ৰায় ১৩৭  বছৰ পুৰণি দলটোৰ  ইতিহাসত এয়া ষষ্ঠবাৰৰ বাবে  অনুষ্ঠিত সভাপতিৰ নিৰ্বাচন হ'ব।আজি পুৱা  ১০  বজাৰ পৰা আবেলি ৪ বজালৈ  ভোটগ্ৰহণ অনুষ্ঠিত হ'ব, এইবেলি সভাপতিৰ নিৰ্বাচনত ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰা প্ৰাৰ্থী হিচাবে নাই।  থাৰুৰ আৰু খাৰ্গেৰ ভাগ্য কংগ্ৰেছ দলৰ ৯,০০০ৰো অধিক প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধিয়ে  নিৰ্ণয় কৰিব ।

দলটোৰ নতুন সভাপতিৰ নিৰ্বাচন ১৭ অক্টোবৰত অনুষ্ঠিত হোৱাৰ পিছত  ১৯ নৱেম্বৰত সভাপতি নিৰ্বাচনৰ ভোট গণনা কৰা হ’ব গণনা। কংগ্ৰেছৰ সভাপতি পদৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়া ২৪ ছেপ্টেম্বৰত আৰম্ভ হৈছিল। মনোনয়ন দাখিলৰ অন্তিম তাৰিখ আছিল  ৩০ ছেপ্টেম্বৰ।

লক্ষণীয়ভাৱে এই নিৰ্বাচনত অন্তৰ্ভুক্ত নাই গান্ধী পৰিয়ালৰ কোনো সদস্য। বহু নেতাৰ ্নুৰোধৰ পিছতো ৰাহুল গান্ধীয়ে কংগ্ৰেছ সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত লৈছিল। কংগ্ৰেছৰ সভাপতি পদৰ বাবে চূড়ান্ত প্ৰতিদ্বন্দিতা মল্লিকাৰ্জুন খাৰ্গে আৰু শশী থাৰুৰৰ মাজতে হ’ব। ঝাৰখণ্ডৰ প্ৰাক্তন মন্ত্ৰী কে এন ত্ৰিপাঠীয়েও কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিছিল যদিও তেওঁৰ মনোনয়ন নাকচ হৈছিল।
উল্লেখ্য পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰে পৰিচালিত কংগ্ৰেছত বহু কেইগৰাকী জ্যেষ্ঠ নেতাই স্থায়ী সভাপতি নিৰ্বাচন কৰিবলৈ চিঠি লিখিও এটা সময়ত  বিমুখ হ’বলগীয়া হৈছিল।

পূৰ্বে অনুষ্ঠিত কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ বৈঠকত এই সিদ্ধান্ত লোৱা হৈছিল যে ২০২১ চনৰ জুন মাহত দলটোৱে এগৰাকী স্থায়ী সভাপতি নিৰ্বাচন কৰিব। পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচন অন্ত পৰাৰ পিছতে কংগ্ৰেছে স্থায়ী সভাপতি নিৰ্বাচন কৰিব  সিদ্ধান্ত লোৱাৰ পিছতো সেয়া হৈ উঠা নাছিল। 

উল্লেখ্য ২০২১ বৰ্ষৰ আগষ্ট মাহত নেতৃত্বৰ পৰিৱৰ্তন বিচাৰি পত্ৰ লিখা নেতাসকলৰ দাবী একপ্ৰকাৰ অগ্ৰাহ্য কৰি  প্ৰত্যাশিতভাৱেই অন্তৱৰ্তীকালী সভাপতিৰ দায়িত্বত ছোনিয়া গান্ধীকে অধিষ্ঠিত কৰা হৈছিল।
এই কথাত  ক্ষুব্ধ নেতাসকলে গোলাম নবী আজাদৰ ঘৰত মিলিত হৈছিল এক বৈঠকত।

বিগত বৰ্ষৰ ২০ আগষ্টত কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠকত সিদ্ধান্ত লোৱা হৈছিল যে দলৰ অন্তৱৰ্তী সভাপতি হিচাপে ছোনিয়া গান্ধীয়েই কাৰ্যভাৰ চলাই নিব। উল্লেখ্য যে নেতৃত্বৰ পৰিৱৰ্তন তথা দলৰ সাংগঠনিক সাল-সলনি বিচাৰি ২৩গৰাকী জ্যেষ্ঠ কংগ্ৰেছী নেতাই এখন পত্ৰ লিখিছিল। সেই পত্ৰ লিখা নেতাসকলৰ ভিতৰত অন্যতম আছিল শশী থাৰুৰ। লক্ষ্যণীয় কথাটো হ'ল সেই সময়ত শশী থাৰুৰৰ লগত থাকি কংগ্ৰেছত পৰিয়ালতন্ত্ৰৰ বিৰোধিতা কৰা নেতাসকল পিছে এইবাৰৰ নিৰ্বাচনৰ সময়ত থাৰুৰৰ সৈতে নাই।








FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement