--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অযোধ্যাত নিৰ্মাণ উঠিছে ৰামলালাৰ  মন্দিৰ। সম্পূৰ্ণ হৈছে প্ৰায় প্ৰথম পৰ্যায়ৰ কাম। ২০২৪ চনৰ ২২ জানুৱাৰীত মন্দিৰ পবিত্ৰ কৰাৰ পূৰ্বে সকলো প্ৰস্তুতি চূড়ান্ত কৰা হৈছে। উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক সিদ্ধান্তৰ পিছতে ৰামমন্দিৰ নিৰ্মাণৰ পৰিকল্পনা সম্পূৰ্ণ হৈ উঠিছে। শ্ৰী ৰাম জন্মভূমি বাবৰি মছজিদ বিবাদত ২০১৯ চনত উচ্চতম ন্যায়ালয়ে ঐতিহাসিক সিদ্ধান্ত লৈছিল। ইয়াৰ পিছত কেন্দ্ৰৰ নৰেন্দ্ৰ মোদীৰ চৰকাৰে শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্ট  গঠন কৰি ৰাম মন্দিৰ নিৰ্মাণৰ পৰিকল্পনা যুগুত কৰে। 

ট্ৰাষ্টৰ দ্বাৰা নিৰ্মাণ কৰা  মন্দিৰটো দেখি সকলোৱে গৌৰৱ অনুভৱো কৰে। নাগাৰা শৈলীত নিৰ্মাণ কৰি থকা হৈছে অযোধ্যাৰ ৰামমন্দিৰ। ইয়াৰ আৰ্হি প্ৰস্তুত কৰিছে বিখ্যাত স্থপত্যবিদ চন্দ্ৰকান্ত ভাই সোমপুৰাৰ এটা দলে। এই মন্দিৰ সন্দৰ্ভত ট্ৰাষ্টীয়ে দাবী কৰিছে যে হাজাৰ বছৰলৈকে ইয়াৰ কোনো মেৰামতিৰ প্ৰয়োজন নহ’ব। এই মন্দিৰে যুগ যুগ ধৰি ভগৱান শ্ৰীৰামৰ মহিমাৰ কথা মানুহক সোঁৱৰাই  থাকিব।

ৰাম জন্মভূমিত নিৰ্মাণ হৈ থকা এই ৰামমন্দিৰটো মূলতঃ ৰাজস্থানৰ মিৰ্জাপুৰ আৰু বংসী-পাহাৰপুৰৰ গুলপীয়া বেলেগ বেলেগ ধৰণৰ  শিল আৰু  মাৰ্বলৰ দ্বাৰা নিৰ্মিত। ইয়াৰ উপৰি ইয়াত ১৭ হাজাৰ গ্ৰেনাইট শিল ব্যৱহাৰ কৰা হৈছে, যাৰ প্ৰতিটোৰ ওজন ২ টন। শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ সাধাৰণ সম্পাদক চম্পট ৰায়ে কয় যে মন্দিৰ নিৰ্মাণত এতিয়ালৈকে ২১ লাখ ঘনফুট গ্ৰেনাইট, অন্যান্য শিল আৰু মাৰ্বল ব্যৱহাৰ কৰা হৈছে। এই মন্দিৰটো মানুহৰ আস্থা আৰু ভক্তিৰ কেন্দ্ৰবিন্দু হৈ পৰিব। এই মন্দিৰে শ্ৰীৰামৰ শক্তিক ৰাইজৰ আগত বিমূৰ্ত কৰি তোলাত  সফল হ’ব। আনহাতে অনুমান কৰা হৈছে যে ২০২৪ চনৰ ২৭ জানুৱাৰীৰ পৰা সাধাৰণ জনতাৰ বাবে মুকলি কৰা হ’ব ৰাম মন্দিৰ।

বিশেষজ্ঞৰ পৰামৰ্শ মতে মন্দিৰ নিৰ্মাণত তীখা আৰু সাধাৰণ চিমেণ্ট ব্যৱহাৰ কৰা হোৱা নাই। আইআইটি চেন্নাইৰ লগত আলোচনাৰ অন্তত স্থাপন কৰা ভেটিটো ১২ মিটাৰ দ’। ভেটিটোত মুঠ ৪৭ টা তৰপ স্থাপন কৰা হৈছে। লগতে ৰায়ে কয় যে কমেও ১০০০ বছৰলৈকে মন্দিৰটোৰ কোনো ধৰণৰ মেৰামতিৰ প্ৰয়োজন নহ’ব। আনকি ৬.৫ প্ৰাবল্যৰ ভূমিকম্পয়ো ইয়াৰ ভেটি জোকাৰিব নোৱাৰিব। 

ৰাম মাণ্ডাৰী নিৰ্মাণ সমিতিৰ অধ্যক্ষ নৃপেন্দ্ৰ মিশ্ৰই প্ৰথম পৰ্যায়ৰ অৰ্থাৎ তলৰ মহলাৰ নিৰ্মাণ কাম সম্পূৰ্ণ কৰিবলৈ ১৫ ডিচেম্বৰৰ সময়সীমা নিৰ্ধাৰণ কৰিছিল। দ্বিতীয় পৰ্যায়ত প্ৰথম আৰু দ্বিতীয় মহলা, সকলো চিত্ৰ আৰু মূৰ্তিৰ কামৰ লগতে প্ৰায় ৩৬০টা বিশাল খুঁটাৰ ওপৰত খোদিত কাম কৰিব লাগিব। এই কাম ২০২৪ চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ’ব। প্ৰথম মহলাত ৰাম দৰবাৰ থাকিব আৰু প্ৰতিটো স্তম্ভত  বিভিন্ন দেৱ-দেৱীৰ ২৫-৩০ টাকৈ মূৰ্তি খোদিত কৰা হ’ব। তৃতীয় পৰ্যায়ত ৭১ একৰ মাটিত এটা প্ৰেক্ষাগৃহ আৰু এখন দেৱাল নিৰ্মাণ কৰা হ’ব। ইয়াত ব্ৰঞ্জৰ দেৱালত চিত্ৰ আৰু সপ্তঋষিৰ মন্দিৰ আদি অন্তৰ্ভুক্ত কৰা হৈছে। এই কাম ২০২৫ চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ’ব।

২২ জানুৱাৰীৰ অভিষেক অনুষ্ঠানৰ পূৰ্বে মন্দিৰ ট্ৰাষ্টে অযোধ্যাৰ তিনিটা ভিন্ন স্থানত গোপনে নিৰ্মাণ কৰা ৰামলাল্লাৰ প্ৰায় ৭ ফুট উচ্চতাৰ তিনিটা মূৰ্তিৰ ভিতৰত এটা মূৰ্তি বাছনি কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত এই নিৰ্বাচিত মূৰ্তি মন্দিৰত  স্থাপন কৰা হ’ব আৰু ২৭ জানুৱাৰীৰ পুৱাৰ পিছত ভক্তসকলে ২৫ ফুট দূৰত্বৰ পৰা সেই মূৰ্তি  দৰ্শন কৰিব পাৰিব। আৰু এই মন্দিৰৰ আন এক আলোকীয় কথা  হৈছে প্ৰতি ৰামনৱমীৰ দিনা দুপৰীয়া ১২ বজাত মূৰ্তিটোৰ কপালত সূৰ্যৰ পোহৰ বেঁকাকৈ  প্ৰতিফলিত হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক