--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইজৰাইলে লেবাননত  বগা ফছফৰাছ বোমা ব্যৱহাৰ কৰিছে! এই ভয়াৱহ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে। উল্লেখ্য ফছফৰাছ বোমা  ইমানেই ভয়াৱহ যে ইয়াৰ ব্যৱহাৰ মানৱতাৰ বিৰুদ্ধে অপৰাধ বুলি গণ্য কৰা হয়। 

ৱাশ্বিংটন পোষ্টে শেহতীয়াকৈ ইজৰাইল-হামাছ যুদ্ধৰ বিষয়ে এখন  প্ৰতিবেদন প্ৰকাশ কৰিছে। অক্টোবৰত ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে (আইডিএফ) লেবাননৰ ধেৰা চহৰত এটা বগা ফছফৰাছ বোমা নিক্ষেপ কৰিছিল বুলি প্ৰতিবেদনত কোৱা হৈছে। এইবুলি অভিযোগ কৰা হৈছে যে লেবাননত  ইজৰাইলী আৰ্টিলাৰীৰ দ্বাৰা গুলীচালনাও কৰা হৈছিল। সেই আক্ৰমণটোত বহু নাগৰিক আহত হৈছিল।ইপিনে  ইজৰাইলী সেনাই দাবী  কৰিছে  যে সেই বোমাবোৰ  ধোঁৱাৰ নিৰ্গত কৰা বোমাহে আছিল, যিয়ে কেৱল ধোঁৱাহে নিৰ্গত কৰে। 

 
ইফালে, ৱাশ্বিংটন পোষ্টৰ প্ৰতিবেদন পোহৰলৈ অহাৰ লগে লগে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।  আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ কৌশলগত বিভাগৰ সমন্বয়ক জন কাৰ্বিক এই বিষয়ে সোধা-পোছা কৰা হয়। তেওঁ এইদৰে কৈছে: "আমেৰিকা যুক্তৰাষ্ট্ৰই  বন্ধুত্বপূৰ্ণ দেশসমূহৰ সৈন্যবাহিনীক এনে অস্ত্ৰ দিয়ে। অৱশ্যে, আমি আশা কৰোঁ যে সেইবোৰ আটাইতকৈ  বৈধ কাৰণত আৰু যুদ্ধৰ আন্তৰ্জাতিক নিয়ম অনুসৰি ব্যৱহাৰ কৰা হওঁক। "

লেবাননৰ সশস্ত্ৰ সংগঠন হিজবুল্লাহই  হামাছৰ কাষত থিয় দিছে। সেইবাবেই ইজৰাইলে লেবাননত আক্ৰমণ চলোৱা বুলি ধাৰণা কৰা হৈছে।  উল্লেখ্য বগা ফছফৰাছ হৈছে এক অতি বিষাক্ত পদাৰ্থ। ই ফছফৰাছৰ এক আইচ'টোপ। যি দেখাত  মমৰ দৰে। অক্সিজেনৰ সংস্পৰ্শলৈ আহিলে ই জ্বলি উঠে। ফুটাৰ লগে লগে ই উজ্জ্বল বগা ধোঁৱাৰ কুণ্ডলী এটা সৃষ্টি কৰে।ই যেতিয়াই  অক্সিজেনৰ সংস্পৰ্শলৈ আহে তেতিয়াই বিধ্বংসী জুইৰ সৃষ্টি কৰে।

 এই বোমাৰ পৰা নিৰ্গত পদাৰ্থ কেৱল ছালৰ জড়িয়তেই  নহয়,  উশাহ-নিশাহৰ জৰিয়তেও শৰীৰত প্ৰৱেশ কৰিব পাৰে আৰু মৃত্যু ঘটাব পাৰে। কোৱা হয় যে ১৮০০ চনত আইৰিছ সেনাই ব্ৰিটিছ বাহিনীৰ বিৰুদ্ধে বগা ফছফৰাছ বোমা  ব্যৱহাৰ কৰিছিল। 

ব্ৰিটিছ সেনাই পৰৱৰ্তী দুয়োখন বিশ্বযুদ্ধত এই অস্ত্ৰ ব্যৱহাৰ কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনা বাহিনীয়েও ইৰাণৰ বিৰুদ্ধে বগা ফছফৰাছ বোমা নিক্ষেপ কৰাৰ অভিযোগ উত্থাপিত হৈছিল।
  

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক