--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইজৰাইলে লেবাননত  বগা ফছফৰাছ বোমা ব্যৱহাৰ কৰিছে! এই ভয়াৱহ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে। উল্লেখ্য ফছফৰাছ বোমা  ইমানেই ভয়াৱহ যে ইয়াৰ ব্যৱহাৰ মানৱতাৰ বিৰুদ্ধে অপৰাধ বুলি গণ্য কৰা হয়। 

ৱাশ্বিংটন পোষ্টে শেহতীয়াকৈ ইজৰাইল-হামাছ যুদ্ধৰ বিষয়ে এখন  প্ৰতিবেদন প্ৰকাশ কৰিছে। অক্টোবৰত ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে (আইডিএফ) লেবাননৰ ধেৰা চহৰত এটা বগা ফছফৰাছ বোমা নিক্ষেপ কৰিছিল বুলি প্ৰতিবেদনত কোৱা হৈছে। এইবুলি অভিযোগ কৰা হৈছে যে লেবাননত  ইজৰাইলী আৰ্টিলাৰীৰ দ্বাৰা গুলীচালনাও কৰা হৈছিল। সেই আক্ৰমণটোত বহু নাগৰিক আহত হৈছিল।ইপিনে  ইজৰাইলী সেনাই দাবী  কৰিছে  যে সেই বোমাবোৰ  ধোঁৱাৰ নিৰ্গত কৰা বোমাহে আছিল, যিয়ে কেৱল ধোঁৱাহে নিৰ্গত কৰে। 

 
ইফালে, ৱাশ্বিংটন পোষ্টৰ প্ৰতিবেদন পোহৰলৈ অহাৰ লগে লগে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।  আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ কৌশলগত বিভাগৰ সমন্বয়ক জন কাৰ্বিক এই বিষয়ে সোধা-পোছা কৰা হয়। তেওঁ এইদৰে কৈছে: "আমেৰিকা যুক্তৰাষ্ট্ৰই  বন্ধুত্বপূৰ্ণ দেশসমূহৰ সৈন্যবাহিনীক এনে অস্ত্ৰ দিয়ে। অৱশ্যে, আমি আশা কৰোঁ যে সেইবোৰ আটাইতকৈ  বৈধ কাৰণত আৰু যুদ্ধৰ আন্তৰ্জাতিক নিয়ম অনুসৰি ব্যৱহাৰ কৰা হওঁক। "

লেবাননৰ সশস্ত্ৰ সংগঠন হিজবুল্লাহই  হামাছৰ কাষত থিয় দিছে। সেইবাবেই ইজৰাইলে লেবাননত আক্ৰমণ চলোৱা বুলি ধাৰণা কৰা হৈছে।  উল্লেখ্য বগা ফছফৰাছ হৈছে এক অতি বিষাক্ত পদাৰ্থ। ই ফছফৰাছৰ এক আইচ'টোপ। যি দেখাত  মমৰ দৰে। অক্সিজেনৰ সংস্পৰ্শলৈ আহিলে ই জ্বলি উঠে। ফুটাৰ লগে লগে ই উজ্জ্বল বগা ধোঁৱাৰ কুণ্ডলী এটা সৃষ্টি কৰে।ই যেতিয়াই  অক্সিজেনৰ সংস্পৰ্শলৈ আহে তেতিয়াই বিধ্বংসী জুইৰ সৃষ্টি কৰে।

 এই বোমাৰ পৰা নিৰ্গত পদাৰ্থ কেৱল ছালৰ জড়িয়তেই  নহয়,  উশাহ-নিশাহৰ জৰিয়তেও শৰীৰত প্ৰৱেশ কৰিব পাৰে আৰু মৃত্যু ঘটাব পাৰে। কোৱা হয় যে ১৮০০ চনত আইৰিছ সেনাই ব্ৰিটিছ বাহিনীৰ বিৰুদ্ধে বগা ফছফৰাছ বোমা  ব্যৱহাৰ কৰিছিল। 

ব্ৰিটিছ সেনাই পৰৱৰ্তী দুয়োখন বিশ্বযুদ্ধত এই অস্ত্ৰ ব্যৱহাৰ কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনা বাহিনীয়েও ইৰাণৰ বিৰুদ্ধে বগা ফছফৰাছ বোমা নিক্ষেপ কৰাৰ অভিযোগ উত্থাপিত হৈছিল।
  

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক