--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহ জনে তেওঁৰ টুইটাৰ একাউণ্টত হকে-বিহকে উচটনিমূলক মন্তব্য কৰাৰ অভিযোগ উঠিছিল। ভুল ইংৰাজী লিখি  তেওঁ বহুবাৰ চৰ্চালৈ আহিছে। তেওঁ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প। উচটনিমূলক মন্তব্যৰ বাবে ট্ৰাম্পৰ টুইটাৰ একাউণ্ট বিগত ২২ মাহ ধৰি বন্ধ কৰি ৰখা হৈছিল। এতিয়া  ২২ মাহৰ পিছত নিৰ্বাসন  যেন সমাপ্ত হ'ল! আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ হেণ্ডেলটো টুইটাৰত এলন মাস্কৰ কৃপাত  পুনৰ সক্ৰিয় হৈ পৰিছে।

 ট্ৰাম্পৰ টুইটাৰ একাউণ্ট ২০২১ চনৰ জানুৱাৰী মাহত  উচটনিমূলক মন্তব্যৰ বাবে বন্ধ কৰা হৈছিল।  ট্ৰাম্পে কৈছিল, "ইয়াৰ কোনো প্ৰয়োজন নাছিল। মই মোৰ নিজৰ  সামাজিক মাধ্যম খুলিম। বহু মানুহে মোক অনুসৰণ কৰে। "

এলন মাস্কে কাৰ্যভাৰ গ্ৰহণ কৰাৰ লগে লগে ট্ৰাম্প টুইটাৰলৈ উভতি আহিল।  দুদিন আগতে মাস্কে ট্ৰাম্পৰ টুইটাৰ হেণ্ডেল ঘূৰাই দিব লাগে নে নাই সেই সন্দৰ্ভত টুইটাৰত এটা 'পোল'ৰ আয়োজন কৰিছিল। তেওঁ জানিব বিচাৰিছিল যে ট্ৰাম্পৰ টুইটাৰ হেণ্ডেলটো ঘূৰাই দিয়া উচিত নে নাই। দেখা গৈছিল যে  ৫১.৮ শতাংশ টুইটাৰ ব্যৱহাৰকাৰীয়ে ট্ৰাম্পৰ একাউণ্ট ঘূৰাই দিবলৈ ভোট দিছিল। ৪৮.২ শতাংশ টুইটাৰ ব্যৱহাৰকাৰীয়ে বিপৰীতে বোট দিছিল। ভোটৰ ফলাফল স্পষ্ট হোৱাৰ লগে লগে ট্ৰাম্পৰ টুইটাৰ হেণ্ডেলটো সক্ৰিয় কৰা হৈছে।

এই সন্দৰ্ভত মাস্কে তেওঁৰ টুইটাৰ হেণ্ডেলত লিখিছে, "মানুহে তেওঁলোকৰ মতামত প্ৰকাশ কৰিছে। ট্ৰাম্পৰ একাউণ্ট পুনৰুদ্ধাৰ কৰা হৈছে। তেওঁ এটা লেটিন বাক্যাংশ যোগ কৰিছে, 'ভক্স পপুলি, ভক্স দেই', যাৰ অৰ্থ হৈছে 'জনমত হৈছে ঈশ্বৰৰ মতামত'। অৱশ্যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতিজনে তেওঁৰ টুইটাৰ একাউণ্ট ঘূৰাই পোৱাৰ বাবে একেবাৰে উৎসাহিত নহয়। তেওঁ কৈছে যে ইয়াৰ কোনো প্ৰয়োজন নাই।
 
উল্লেখ্য  আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত সমস্যাটো আৰম্ভ হৈছিল। ট্ৰাম্পৰ টুইটবোৰ উচটনিমূলক বুলি অভিযোগ উঠিছিল। টুইটাৰৰ ফালৰ পৰা তেওঁক কেইবাবাৰো সতৰ্ক কৰি দিয়া হৈছিল।প্ৰথমে তেওঁৰ  টুইটাৰ হেণ্ডেলটো অস্থায়ীভাৱে নিষ্ক্ৰিয় কৰা হৈছিল। 

ট্ৰাম্পো তাতো ক্ষান্ত হোৱা নাছিল। অৱশেষত ৯ জানুৱাৰীত ডনাল্ড ট্ৰাম্পৰ টুইটাৰ একাউণ্ট বন্ধ কৰি দিয়া হৈছিল।  এতিয়া ২২ মাহৰ পিছত নিষেধাজ্ঞা উঠাই লোৱা হৈছে। ডনাল্ড ট্ৰাম্প টুইটাৰলৈ পুনৰ ঘূৰি আহিছে। অৱশ্যে তেওঁ তেওঁৰ নিজৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এৰি টুইটাৰত সক্ৰিয় হ'ব নে নাই সেয়া সময়ত স্পষ্ট হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক