--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহ জনে তেওঁৰ টুইটাৰ একাউণ্টত হকে-বিহকে উচটনিমূলক মন্তব্য কৰাৰ অভিযোগ উঠিছিল। ভুল ইংৰাজী লিখি  তেওঁ বহুবাৰ চৰ্চালৈ আহিছে। তেওঁ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প। উচটনিমূলক মন্তব্যৰ বাবে ট্ৰাম্পৰ টুইটাৰ একাউণ্ট বিগত ২২ মাহ ধৰি বন্ধ কৰি ৰখা হৈছিল। এতিয়া  ২২ মাহৰ পিছত নিৰ্বাসন  যেন সমাপ্ত হ'ল! আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ হেণ্ডেলটো টুইটাৰত এলন মাস্কৰ কৃপাত  পুনৰ সক্ৰিয় হৈ পৰিছে।

 ট্ৰাম্পৰ টুইটাৰ একাউণ্ট ২০২১ চনৰ জানুৱাৰী মাহত  উচটনিমূলক মন্তব্যৰ বাবে বন্ধ কৰা হৈছিল।  ট্ৰাম্পে কৈছিল, "ইয়াৰ কোনো প্ৰয়োজন নাছিল। মই মোৰ নিজৰ  সামাজিক মাধ্যম খুলিম। বহু মানুহে মোক অনুসৰণ কৰে। "

এলন মাস্কে কাৰ্যভাৰ গ্ৰহণ কৰাৰ লগে লগে ট্ৰাম্প টুইটাৰলৈ উভতি আহিল।  দুদিন আগতে মাস্কে ট্ৰাম্পৰ টুইটাৰ হেণ্ডেল ঘূৰাই দিব লাগে নে নাই সেই সন্দৰ্ভত টুইটাৰত এটা 'পোল'ৰ আয়োজন কৰিছিল। তেওঁ জানিব বিচাৰিছিল যে ট্ৰাম্পৰ টুইটাৰ হেণ্ডেলটো ঘূৰাই দিয়া উচিত নে নাই। দেখা গৈছিল যে  ৫১.৮ শতাংশ টুইটাৰ ব্যৱহাৰকাৰীয়ে ট্ৰাম্পৰ একাউণ্ট ঘূৰাই দিবলৈ ভোট দিছিল। ৪৮.২ শতাংশ টুইটাৰ ব্যৱহাৰকাৰীয়ে বিপৰীতে বোট দিছিল। ভোটৰ ফলাফল স্পষ্ট হোৱাৰ লগে লগে ট্ৰাম্পৰ টুইটাৰ হেণ্ডেলটো সক্ৰিয় কৰা হৈছে।

এই সন্দৰ্ভত মাস্কে তেওঁৰ টুইটাৰ হেণ্ডেলত লিখিছে, "মানুহে তেওঁলোকৰ মতামত প্ৰকাশ কৰিছে। ট্ৰাম্পৰ একাউণ্ট পুনৰুদ্ধাৰ কৰা হৈছে। তেওঁ এটা লেটিন বাক্যাংশ যোগ কৰিছে, 'ভক্স পপুলি, ভক্স দেই', যাৰ অৰ্থ হৈছে 'জনমত হৈছে ঈশ্বৰৰ মতামত'। অৱশ্যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতিজনে তেওঁৰ টুইটাৰ একাউণ্ট ঘূৰাই পোৱাৰ বাবে একেবাৰে উৎসাহিত নহয়। তেওঁ কৈছে যে ইয়াৰ কোনো প্ৰয়োজন নাই।
 
উল্লেখ্য  আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত সমস্যাটো আৰম্ভ হৈছিল। ট্ৰাম্পৰ টুইটবোৰ উচটনিমূলক বুলি অভিযোগ উঠিছিল। টুইটাৰৰ ফালৰ পৰা তেওঁক কেইবাবাৰো সতৰ্ক কৰি দিয়া হৈছিল।প্ৰথমে তেওঁৰ  টুইটাৰ হেণ্ডেলটো অস্থায়ীভাৱে নিষ্ক্ৰিয় কৰা হৈছিল। 

ট্ৰাম্পো তাতো ক্ষান্ত হোৱা নাছিল। অৱশেষত ৯ জানুৱাৰীত ডনাল্ড ট্ৰাম্পৰ টুইটাৰ একাউণ্ট বন্ধ কৰি দিয়া হৈছিল।  এতিয়া ২২ মাহৰ পিছত নিষেধাজ্ঞা উঠাই লোৱা হৈছে। ডনাল্ড ট্ৰাম্প টুইটাৰলৈ পুনৰ ঘূৰি আহিছে। অৱশ্যে তেওঁ তেওঁৰ নিজৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এৰি টুইটাৰত সক্ৰিয় হ'ব নে নাই সেয়া সময়ত স্পষ্ট হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
অপাৰেচন সিন্দুৰৰ সফলতাৰ আঁৰত ভাৰতীয় প্ৰযুক্তি আৰু মেক ইন ইণ্ডিয়াঃ প্ৰধানমন্ত্ৰী মোদী
মাৰ্ঘেৰিটাত টালি টোপোলা বান্ধিছে অবৈধ বেদখলকাৰীয়ে
মই যি বাটেৰে ওলালো আজি! কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গ'ল স্বনামধন্য নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্ত
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা
উচ্ছেদৰ পাছতে ৰজাপুখুৰী, গেলাজান নিজৰ বুলি দাবী নগাৰ
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?