--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লিবিয়াৰ এখন আদালতে হত্যাকে ধৰি বিভিন্ন অপৰাধত আই এছ (ইছলামিক ষ্টেট)ৰ ২৩জন উগ্ৰপন্থীক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে। ইয়াৰ উপৰিও ১৪ জনক যাৱজ্জীৱন কাৰাদণ্ড আৰু ১৪ জনক বিভিন্ন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে। সোমবাৰে আদালতে এই ৰায়দান ঘোষণা কৰে।

দেশৰ ৰাজহুৱা পৰামৰ্শদাতা কাৰ্যালয়ে এক বিবৃতিত এই তথ্য প্ৰদান কৰে। বিবৃতিটোত এই কথাও উল্লেখ কৰা হৈছে যে আদালতে ৫জন লোকক দোষমুক্ত কৰিছে। আনহাতে, বিচাৰৰ সময়ত তিনিজনৰ মৃত্যু হয়।

উল্লেখ্য যে ২০১১ চনত লিবিয়াত গণ অভ্যুত্থান হৈছিল। এই অভ্যুত্থানক সমৰ্থন কৰিছিল নাটোৱে।

সেই সুযোগতে আই এছৰ লিবিয়া শাখাটো অতি সক্ৰিয় হৈ উঠিছিল। তেওঁলোকে ২০১৫ চনত ত্ৰিপুলীৰ এখন হোটেলত আক্ৰমণ চলাই ৯ জন লোকক হত্যা কৰিছিল।ইয়াৰ পূৰ্বে আই এছ উগ্ৰপন্থীয়ে কেইবাজনো ইজিপ্তৰ খ্ৰীষ্টানক অপহৰণ আৰু  হত্যা কৰিছিল। এই হত্যাকাণ্ডৰ ঘটনাসমূহ আনকি ভিডিঅ’ত বন্দী কৰি প্ৰচাৰো কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস