--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা পিটিআইৰ মুৰব্বী ইমৰাণ খানে মঙলবাৰে (৩০ মে’) জিন্না হাউছ আক্ৰমণকে ধৰি চাৰিটা গোচৰত সন্ত্ৰাসবাদ বিৰোধী আদালতত হাজিৰ হয়। ইয়াৰ সময়ত তেওঁ শুকুৰবাৰ (২ জুন)লৈকে তেওঁৰ প্ৰত্যাশিত জামিনৰ সন্দৰ্ভত আদালতত বণ্ড দাখিল কৰে।

পাকিস্তানী সংবাদ মাধ্যমে কয় যে ইমৰাণ খানে এ টি চি লাহোৰৰ ন্যায়াধীশ ইজাজ আহমেদ বুটাৰৰ সন্মুখত হাজিৰ হৈ সন্ত্ৰাসবাদৰ চাৰিটা গোচৰত এক লাখ পাকিস্তানী টকাকৈ জামিনৰ ধন জমা দিছিল, য’ত তেওঁক ইতিমধ্যে ২ জুনলৈকে গ্ৰেপ্তাৰৰ পৰা সুৰক্ষিত কৰা হৈছে৷খবৰ অনুসৰি উচ্চ নিৰাপত্তাৰ মাজত আদালতত হাজিৰ হোৱাৰ সময়ত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ পক্ষত অধিবক্তাৰ এটা দলে শ্লোগান উত্থাপন কৰে।

আজি আদালতত ন্যায়াধীশগৰাকীয়ে পৰৱৰ্তী শুনানিৰ বাবে পঞ্জাৱ আৰক্ষীৰ ডি আই জি (অপাৰেচন)ক চমন কৰি ইমৰাণ খানৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ উত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। তাৎপৰ্যপূৰ্ণভাৱে ১৮ মে’ত আৰক্ষীয়ে ইমৰাণ খানৰ জামান পাৰ্কৰ বাসগৃহৰ বাবে এটিচিৰ পৰা চাৰ্চ ৱাৰেণ্ট লাভ কৰিছিল। আদালতৰ পৰা ওলাই অহাৰ পিছত ইমৰাণ খানে চৰকাৰলৈ বাৰ্তা প্ৰেৰণ কৰি কয় যে আগন্তুক দুই-তিনি সপ্তাহত নিৰ্বাচন ঘোষণা কৰিব লাগে।

তাৎপৰ্যপূৰ্ণভাৱে যোৱা ৯ মে’ত ইমৰাণ খানক গ্ৰেপ্তাৰ কৰাৰ পিছত সমগ্ৰ দেশতে হিংসাত্মক বিক্ষোভৰ সৃষ্টি হয়। তেওঁৰ দলৰ কৰ্মীসকলে লাহোৰ কৰ্পছ কমাণ্ডাৰ হাউচ (জিন্না হাউচ), মিয়ানৱালী এয়াৰবেছ আৰু ফৈছালাবাদৰ আই এছ আই বিল্ডিংকে ধৰি বিশটাতকৈও অধিক সামৰিক প্ৰতিষ্ঠান আৰু চৰকাৰী ভৱন ভাঙি পেলায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস