--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰেমণ্ড গ্ৰুপৰ অধ্যক্ষ গৌতম সিংহানিয়াই সোমবাৰে বিচ্ছেদৰ কথা ঘোষণা কৰে৷ সিংহানিয়াই তেওঁ আৰু তেওঁৰ ৩২ বছৰীয়া পত্নী নৱাজ মোদী সিংহানিয়াৰ মাজত বিচ্ছেদৰ কথা সদৰী কৰে। ১২ নৱেম্বৰ দেওবাৰে স্বামীৰ দীপাৱলীৰ পাৰ্টীত অংশগ্ৰহণ কৰিবলৈ বাধা দিয়াৰ অভিযোগ উত্থাপন হোৱা এটা ভিডিঅ’ প্ৰকাশ পোৱাৰ কেইঘণ্টামান পাছতে এই কথা প্ৰকাশ পাইছে।

থানেৰ পৰ্টি ভেন্যুৰ বাহিৰত শ্বুট কৰা দাবী কৰা ভিডিঅ’টোত নৱাজ সিংহানিয়াক গেটত আন এগৰাকী মহিলাৰ সৈতে দেখা গৈছে, তেওঁ দাবী কৰিছে যে অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ পোৱাৰ  পাছতো তেওঁক নিৰাপত্তাৰক্ষীয়ে ৰখাইছিল।

উল্লেখ্য যে থানেৰ গৌতম সিংহনিয়াৰ সম্পত্তি জেকে গ্ৰামত দীপাৱলীৰ পাৰ্টী অনুষ্ঠিত কৰা হৈছিল৷ভাইৰেল ভিডিঅ’টোত নৱাজে কোৱা দেখা গৈছে যে তেওঁ তিনি ঘণ্টাৰো অধিক সময় নিজৰ গাড়ীৰে সভাস্থলীৰ বাহিৰত ৰৈ থাকিবলৈ বাধ্য হৈছিল।

সোমবাৰে গৌতম সিংহনিয়াই এক্সত এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে তেওঁ আৰু নৱাজ এতিয়া একেলগে নাই।তেওঁ লিখিছে "এই দীপাৱলী আগৰ দৰে হ'ব নোৱাৰে। ইয়াৰ পৰা নৱাজ আৰু মই বেলেগ বেলেগ পথত আগবাঢ়িম বুলি মোৰ বিশ্বাস।বিগত সময়চোৱা আমি প্ৰতিশ্ৰুতি, সংকল্প, বিশ্বাসেৰে অতিক্ৰম কৰিলোঁ কাৰণ ইয়াৰ লগে লগে আমাৰ জীৱনৰ দুটা আটাইতকৈ সুন্দৰ সংযোজন আহিল।তেওঁ লগতে কয়, "অনুগ্ৰহ কৰি এই ব্যক্তিগত সিদ্ধান্তক সন্মান কৰক আৰু সদয়ভাৱে আমাক সম্পৰ্কৰ সকলো দিশ নিষ্পত্তি কৰাৰ স্থান দিয়ক। এই সময়ছোৱাত সমগ্ৰ পৰিয়ালটোৰ বাবে আপোনাৰ শুভেচ্ছা বিচাৰি।"উল্লেখ্য যে গৌতম সিংহনিয়াই ১৯৯৯ চনত অধিবক্তা নাদৰ মোদীৰ কন্যা নৱাজ মোদীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক