--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গাম্বিয়াৰ চৰকাৰে কৈছে  যে ভাৰতত তৈয়াৰ কৰা কাফ চিৰাপেই  নৱজাতকৰ মৃত্যুৰ বাবে দায়ী বুলি কোনো প্ৰমাণ নাই। এই কথা প্ৰকাশ কৰিছে খোদ গাম্বিয়াৰ চৰকাৰেই।গাম্বিয়াৰ মেডিচিন কণ্ট্ৰোল এজেন্সিৰ এজন বিষয়াই জনোৱা অনুসৰি গাম্বিয়াত শিশুৰ মৃত্যুৰ বাবে ভাৰতৰ কাফ চিৰাপ দায়ী বুলি এতিয়ালৈকে কোনো প্ৰমাণ পোৱা হোৱা নাই।

উল্লেখ্য আফ্ৰিকাৰ গাম্বিয়াত ৬৬ টা শিশুৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত ভাৰতত তৈয়াৰ কৰা চাৰিটা কাফ চিৰাপক দায়ী কৰা হৈছিল। ইফালে, ভাৰত চৰকাৰৰ সূত্ৰই জনাইছে যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত দেখা গৈছে যে শিশুসকল ডায়েৰিয়াত ভুগি আছিল। কিন্তু ভাৰত চৰকাৰে প্ৰশ্ন কৰিছে যে তেওঁলোকক কিয় কাফ চিৰাপ দিয়া হৈছিল। হাৰিয়ানাৰ চনিপতত 'মেডেন ফাৰ্মাচিউটিকেল লিমিটেড'-এ উৎপাদন কৰা কাফ চিৰাপকলৈ  বিশ্ব স্বাস্থ্য সংস্থাই উদ্বেগ প্ৰকাশ কৰিছিল। চাৰিটা কাহ চিৰাপ ক্ৰমে  প্ৰমেথাজিন অৰেল চলুশ্বন, কফমালিন বেবী কাহ চিৰাপ, মেকফ বেবী কফ চিৰাপ আৰু মাগ্ৰিপ এন কোল্ড চিৰাপ খোৱাৰ পিছতে শিশুসকলৰ মৃত্যু ঘটা বুলি বহুতে অভিযোগ কৰিছিল। ঘটনাটো পৰীক্ষা কৰি চাবলৈ ভাৰত চৰকাৰে এখন বিশেষ সমিতিও গঠন কৰিছে। 

এখন সংবাদমেলত বিশ্ব স্বাস্থ্য সংস্থাৰ মুকব্বী  টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছে কৈছিল "এই ঔষধবোৰ বৃক্কৰ গুৰুতৰ সমস্যাৰ সৃষ্টি কৰাৰ বাবেই ৬৬ টা শিশুৰ মৃত্যুৰ  হ'ব পাৰে," । "কেন্দ্ৰীয় ঔষধ মানক নিয়ন্ত্ৰণ সংস্থাই (চিডিএছচিঅ') বিশ্ব স্বাস্থ্য সংস্থাৰ অভিযোগৰ আধা ঘণ্টাৰ ভিতৰতে বিষয়টো চোৱা-চিতা কৰা আৰম্ভ কৰিছিল। হাৰিয়ানাৰ ঔষধ নিয়ন্ত্ৰক সংস্থা, ৰাজ্যিক ঔষধ নিয়ন্ত্ৰকৰ সৈতেও যোগাযোগ কৰা হৈছিল। প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে যিটো কোম্পানীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে সেই কোম্পানীটো হাৰিয়ানাৰ ৰাজ্যিক ঔষধ নিয়ন্ত্ৰকৰ দ্বাৰা অনুজ্ঞাপ্ৰাপ্ত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা