--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গাম্বিয়াৰ চৰকাৰে কৈছে  যে ভাৰতত তৈয়াৰ কৰা কাফ চিৰাপেই  নৱজাতকৰ মৃত্যুৰ বাবে দায়ী বুলি কোনো প্ৰমাণ নাই। এই কথা প্ৰকাশ কৰিছে খোদ গাম্বিয়াৰ চৰকাৰেই।গাম্বিয়াৰ মেডিচিন কণ্ট্ৰোল এজেন্সিৰ এজন বিষয়াই জনোৱা অনুসৰি গাম্বিয়াত শিশুৰ মৃত্যুৰ বাবে ভাৰতৰ কাফ চিৰাপ দায়ী বুলি এতিয়ালৈকে কোনো প্ৰমাণ পোৱা হোৱা নাই।

উল্লেখ্য আফ্ৰিকাৰ গাম্বিয়াত ৬৬ টা শিশুৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত ভাৰতত তৈয়াৰ কৰা চাৰিটা কাফ চিৰাপক দায়ী কৰা হৈছিল। ইফালে, ভাৰত চৰকাৰৰ সূত্ৰই জনাইছে যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত দেখা গৈছে যে শিশুসকল ডায়েৰিয়াত ভুগি আছিল। কিন্তু ভাৰত চৰকাৰে প্ৰশ্ন কৰিছে যে তেওঁলোকক কিয় কাফ চিৰাপ দিয়া হৈছিল। হাৰিয়ানাৰ চনিপতত 'মেডেন ফাৰ্মাচিউটিকেল লিমিটেড'-এ উৎপাদন কৰা কাফ চিৰাপকলৈ  বিশ্ব স্বাস্থ্য সংস্থাই উদ্বেগ প্ৰকাশ কৰিছিল। চাৰিটা কাহ চিৰাপ ক্ৰমে  প্ৰমেথাজিন অৰেল চলুশ্বন, কফমালিন বেবী কাহ চিৰাপ, মেকফ বেবী কফ চিৰাপ আৰু মাগ্ৰিপ এন কোল্ড চিৰাপ খোৱাৰ পিছতে শিশুসকলৰ মৃত্যু ঘটা বুলি বহুতে অভিযোগ কৰিছিল। ঘটনাটো পৰীক্ষা কৰি চাবলৈ ভাৰত চৰকাৰে এখন বিশেষ সমিতিও গঠন কৰিছে। 

এখন সংবাদমেলত বিশ্ব স্বাস্থ্য সংস্থাৰ মুকব্বী  টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছে কৈছিল "এই ঔষধবোৰ বৃক্কৰ গুৰুতৰ সমস্যাৰ সৃষ্টি কৰাৰ বাবেই ৬৬ টা শিশুৰ মৃত্যুৰ  হ'ব পাৰে," । "কেন্দ্ৰীয় ঔষধ মানক নিয়ন্ত্ৰণ সংস্থাই (চিডিএছচিঅ') বিশ্ব স্বাস্থ্য সংস্থাৰ অভিযোগৰ আধা ঘণ্টাৰ ভিতৰতে বিষয়টো চোৱা-চিতা কৰা আৰম্ভ কৰিছিল। হাৰিয়ানাৰ ঔষধ নিয়ন্ত্ৰক সংস্থা, ৰাজ্যিক ঔষধ নিয়ন্ত্ৰকৰ সৈতেও যোগাযোগ কৰা হৈছিল। প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে যিটো কোম্পানীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে সেই কোম্পানীটো হাৰিয়ানাৰ ৰাজ্যিক ঔষধ নিয়ন্ত্ৰকৰ দ্বাৰা অনুজ্ঞাপ্ৰাপ্ত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক