--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইটোৰ পিছত সিটোকৈ ভূমিকম্পই জোকাৰ আছে জাপানক। বছৰটোৰ প্ৰথম দিনটোতে জাপানক এক ডাঙৰ প্ৰাকৃতিক দুৰ্যোগে জোকাৰি যায়।  সোমবাৰে ৰিখটাৰ স্কেলত ৭.৪ প্ৰাবল্যৰ ভূমিকম্পই দেশখন কঁপাই তুলিছিল। তেতিয়াৰে পৰা ১৫৫ বাৰ কম্পন অনুভৱ কৰা হৈছে। শেহতীয়া তথ্য অনুসৰি এতিয়ালৈকে ৩০  জন লোকৰ ভূমিকম্পৰ ফলত  মৃত্যু হৈছে। অৱশ্যে, হতাহতৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা আছে ।  বহু লোক এতিয়াও ধ্বংসস্তূপৰ মাজত আৱদ্ধ হৈ আছে। প্ৰধানমন্ত্ৰী ফুমিও কিছিদাই প্ৰকাশ কৰা মতে উদ্ধাৰ অভিযান আজিও চলি আছে। 

প্ৰধানমন্ত্ৰী কিছিদাই কয় "নতুন বছৰৰ প্ৰথম দিনটোত আমি এক ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈছো," ।  ভূমিকম্পৰ ফলত বহু  ঘৰ খহি পৰিছে আৰু ৰাস্তাবোৰ বেয়াকৈ  ক্ষতিগ্ৰস্ত হৈছে।ভূমিকম্পৰ সময়তে এটা অট্টালিকা জুয়ে আবৰি ধৰে। জাপানৰ বতৰ বিজ্ঞান সংস্থাই মঙলবাৰে প্ৰকাশ কৰা মতে  সোমবাৰৰ পৰা ইশিকাৱা আৰু আন কেইবাটাও ঠাইত কমেও ১৫৫ টা আফটাৰশ্বক অনুভৱ কৰা হৈছে। বেছিভাগ কম্পন ৰিখটাৰ স্কেলত ৩ ৰ ওপৰত আছিল। দেশ খনত ইতিমধ্যে ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে।  

বেছিভাগ মৃত্যু ইশিকাৱাতে  হৈছে। ৱাজিমা বন্দৰৰ ওচৰত কেইবাজনো লোকৰ মৃত্যু ঘটিছে।  জাপানৰ আত্ম-প্ৰতিৰক্ষা বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ চলাই গৈছে। কিছিদাই প্ৰকাশ কৰা মতে সেনাৰ প্ৰায় ১,০০০ জোৱানে উদ্ধাৰ  অভিযানত অংশগ্ৰহণ কৰিছে। শেহতীয়াকৈ অৱশ্যে ছুনামীৰ সতৰ্কবাণী উঠাই লোৱা হৈছে।  উদ্ধাৰকাৰীৰ দলে বিধ্বস্ত হৈ পৰা  নোটো উপদ্বীপত আজি উদ্ধাৰ অভিযান চলাইছে।     
 টকিঅ'ৰ ভাৰতীয় দূতাবাসে এই ভয়ংকৰ পৰিস্থিতিত এটা হেল্পলাইন নম্বৰ মুকলি কৰিছে। ভাৰতীয় দূতাবাসে  পিস্থিতি সন্দৰ্ভত  বিবৃতি জাৰি কৰিছে। দূতাবাসে হেল্পলাইন নম্বৰ আৰু এটা ইমেইল আইডিৰ মুকলি কৰাৰ লগতে  নিয়ন্ত্ৰণ কক্ষও স্থাপন কৰিছে। 

জাপানী সংবাদ মাধ্যমৰ মতে ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল ইশিকাৱাৰ নোটো অঞ্চলত। ৰাজধানী টকিঅ'ৰ পৰা আৰম্ভ কৰি বহু মুখ্য চহৰত কম্পন অনুভৱ কৰা হৈছিল। স্থানীয় প্ৰশাসনে কয় যে ধ্বংসস্তূপৰ তলত বহু লোক আৱদ্ধ হৈ আছে। বতৰ বিজ্ঞান বিভাগে আশংকা কৰিছে যে সাগৰৰ  ঢৌ ৫ মিটাৰলৈকে উঠিব পাৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ