--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইটোৰ পিছত সিটোকৈ ভূমিকম্পই জোকাৰ আছে জাপানক। বছৰটোৰ প্ৰথম দিনটোতে জাপানক এক ডাঙৰ প্ৰাকৃতিক দুৰ্যোগে জোকাৰি যায়।  সোমবাৰে ৰিখটাৰ স্কেলত ৭.৪ প্ৰাবল্যৰ ভূমিকম্পই দেশখন কঁপাই তুলিছিল। তেতিয়াৰে পৰা ১৫৫ বাৰ কম্পন অনুভৱ কৰা হৈছে। শেহতীয়া তথ্য অনুসৰি এতিয়ালৈকে ৩০  জন লোকৰ ভূমিকম্পৰ ফলত  মৃত্যু হৈছে। অৱশ্যে, হতাহতৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা আছে ।  বহু লোক এতিয়াও ধ্বংসস্তূপৰ মাজত আৱদ্ধ হৈ আছে। প্ৰধানমন্ত্ৰী ফুমিও কিছিদাই প্ৰকাশ কৰা মতে উদ্ধাৰ অভিযান আজিও চলি আছে। 

প্ৰধানমন্ত্ৰী কিছিদাই কয় "নতুন বছৰৰ প্ৰথম দিনটোত আমি এক ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈছো," ।  ভূমিকম্পৰ ফলত বহু  ঘৰ খহি পৰিছে আৰু ৰাস্তাবোৰ বেয়াকৈ  ক্ষতিগ্ৰস্ত হৈছে।ভূমিকম্পৰ সময়তে এটা অট্টালিকা জুয়ে আবৰি ধৰে। জাপানৰ বতৰ বিজ্ঞান সংস্থাই মঙলবাৰে প্ৰকাশ কৰা মতে  সোমবাৰৰ পৰা ইশিকাৱা আৰু আন কেইবাটাও ঠাইত কমেও ১৫৫ টা আফটাৰশ্বক অনুভৱ কৰা হৈছে। বেছিভাগ কম্পন ৰিখটাৰ স্কেলত ৩ ৰ ওপৰত আছিল। দেশ খনত ইতিমধ্যে ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে।  

বেছিভাগ মৃত্যু ইশিকাৱাতে  হৈছে। ৱাজিমা বন্দৰৰ ওচৰত কেইবাজনো লোকৰ মৃত্যু ঘটিছে।  জাপানৰ আত্ম-প্ৰতিৰক্ষা বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ চলাই গৈছে। কিছিদাই প্ৰকাশ কৰা মতে সেনাৰ প্ৰায় ১,০০০ জোৱানে উদ্ধাৰ  অভিযানত অংশগ্ৰহণ কৰিছে। শেহতীয়াকৈ অৱশ্যে ছুনামীৰ সতৰ্কবাণী উঠাই লোৱা হৈছে।  উদ্ধাৰকাৰীৰ দলে বিধ্বস্ত হৈ পৰা  নোটো উপদ্বীপত আজি উদ্ধাৰ অভিযান চলাইছে।     
 টকিঅ'ৰ ভাৰতীয় দূতাবাসে এই ভয়ংকৰ পৰিস্থিতিত এটা হেল্পলাইন নম্বৰ মুকলি কৰিছে। ভাৰতীয় দূতাবাসে  পিস্থিতি সন্দৰ্ভত  বিবৃতি জাৰি কৰিছে। দূতাবাসে হেল্পলাইন নম্বৰ আৰু এটা ইমেইল আইডিৰ মুকলি কৰাৰ লগতে  নিয়ন্ত্ৰণ কক্ষও স্থাপন কৰিছে। 

জাপানী সংবাদ মাধ্যমৰ মতে ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল ইশিকাৱাৰ নোটো অঞ্চলত। ৰাজধানী টকিঅ'ৰ পৰা আৰম্ভ কৰি বহু মুখ্য চহৰত কম্পন অনুভৱ কৰা হৈছিল। স্থানীয় প্ৰশাসনে কয় যে ধ্বংসস্তূপৰ তলত বহু লোক আৱদ্ধ হৈ আছে। বতৰ বিজ্ঞান বিভাগে আশংকা কৰিছে যে সাগৰৰ  ঢৌ ৫ মিটাৰলৈকে উঠিব পাৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে