--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আভাসী পৃথিৱীখনে মানৱ মন আৰু চেতনাক নিয়ন্ত্ৰণ কৰিবলৈ লৈছে৷ নিয়ন্ত্ৰণ কৰিবলৈ লৈছে ভাৱাবেগ আৰু চিন্তা-চৈতন্যকো৷ ‘নেট দুনীয়া’ৰ লেখমাপহীন অলেখ সমলে আমাক ঘণ্টাৰ পাছত ঘণ্টা ব্যস্ত কৰি ৰাখিব পাৰে৷ তাৰেই কিছুমান সমল কেৱল মনোৰঞ্জনৰ উদ্দেশ্যে, অৱশ্যে আন কিছু সমলে কিছুমানে আমাৰ জ্ঞান বৃদ্ধি কৰাত সহায় কৰে। ইণ্টাৰনেটৰ পৰিধিবিহীন পৃথিৱীখনত এনে কিছু ঘটনাও ঘটে, যিয়ে মানৱতা আৰু ইতিবাচকতাৰ কথা কয়৷ শেহতীয়াকৈ নেটিজেনৰ হৃদয় চুই যোৱা এটি খবৰক লৈ চলিছে সৰব অথচ সৰস আলোচনা৷  

এয়া এগৰাকী খাদ্য বিতৰক প্ৰতিষ্ঠানৰ এজেণ্টৰ কাহিনী৷ বৃত্তিৰ প্ৰতি থকা তেওঁৰ শ্ৰদ্ধা আৰু আস্থাই এতিয়া আন বহুতকে যোগাইছে অনুপ্ৰেৰণা৷ তাৰিক খান নামৰ এগৰাকী লিংক্ডইন ব্যৱহাৰকাৰীয়ে শেহতীয়াকৈ এজন চুইগী ডেলিভাৰী এজেণ্টৰ কাহিনীৰে এটা প্ৰশংসাসূচক পোষ্ট শ্বেয়াৰ কৰিছে৷ য’ত বিতৰকগৰাকীক খালী ভৰিৰে কাম কৰা দেখা গৈছিল। কাৰণটো সোধাত, এজেণ্টজনে কৈছিল যে তেওঁ এটা দুৰ্ঘটনাত পতিত হৈছিল যাৰ ফলত তেওঁৰ ভৰি আৰু গোৰোহা ফুলি গৈছিল।


তাৰিক খানে পোষ্টটোত শ্বেয়াৰ কৰিছিল যে তেওঁ এজেণ্টজনৰ ওচৰলৈ লিফ্টত আহিছিল। খানে তেওঁক বিৰতি ল’বলৈ আৰু কাম বন্ধ কৰিবলৈ পৰামৰ্শ দিছিল। এজেণ্টজনে তৎক্ষণাৎ উত্তৰ দি কৈছিল, মোৰ খুৱাবলৈ এটা পৰিয়াল আছে আৰু তেওঁ সান্ধ্য ওলগ জনাই আঁতৰি গৈছিল।

তাৰ পাছত লিংক্ডইনত তাৰিক খানে লিখিছে, তেওঁৰ দৰে মানুহে মোক কঠোৰ পৰিশ্ৰম কৰিবলৈ আৰু প্ৰয়োজন হ’লে নিজকে সমৰ্পিত কৰিবলৈ অনুপ্ৰাণিত কৰিছে৷ তাৰিক খানে চুইগিক এই বিতৰকগৰাকীৰ কঠোৰ পৰিশ্ৰমক মান্যতা প্ৰদান কৰিবলৈ আহ্বান জনাইছে৷

পোষ্টটো মুহূৰ্ততে সমগ্ৰ ছ’চিয়েল মিডিয়াত বিয়পি পৰিছিল৷ আৰু এই পোষ্টটোৱেই এতিয়া হৈ পৰিছে চৰ্চাৰ বিষয় আৰু প্ৰেৰণাৰ অমল উৎস৷ যিসময়ত সংবাদ মাধ্যমৰ বিকল্প হোৱাৰ দিশে আগবাঢ়িছে ছ’চিয়েল মিডিয়া, তেনে সময়তে ছ’চিয়েল মিডিয়াৰ এই কাহিনীয়ে উন্মেষ ঘটাইছে নতুন চিন্তাৰ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ