--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আভাসী পৃথিৱীখনে মানৱ মন আৰু চেতনাক নিয়ন্ত্ৰণ কৰিবলৈ লৈছে৷ নিয়ন্ত্ৰণ কৰিবলৈ লৈছে ভাৱাবেগ আৰু চিন্তা-চৈতন্যকো৷ ‘নেট দুনীয়া’ৰ লেখমাপহীন অলেখ সমলে আমাক ঘণ্টাৰ পাছত ঘণ্টা ব্যস্ত কৰি ৰাখিব পাৰে৷ তাৰেই কিছুমান সমল কেৱল মনোৰঞ্জনৰ উদ্দেশ্যে, অৱশ্যে আন কিছু সমলে কিছুমানে আমাৰ জ্ঞান বৃদ্ধি কৰাত সহায় কৰে। ইণ্টাৰনেটৰ পৰিধিবিহীন পৃথিৱীখনত এনে কিছু ঘটনাও ঘটে, যিয়ে মানৱতা আৰু ইতিবাচকতাৰ কথা কয়৷ শেহতীয়াকৈ নেটিজেনৰ হৃদয় চুই যোৱা এটি খবৰক লৈ চলিছে সৰব অথচ সৰস আলোচনা৷  

এয়া এগৰাকী খাদ্য বিতৰক প্ৰতিষ্ঠানৰ এজেণ্টৰ কাহিনী৷ বৃত্তিৰ প্ৰতি থকা তেওঁৰ শ্ৰদ্ধা আৰু আস্থাই এতিয়া আন বহুতকে যোগাইছে অনুপ্ৰেৰণা৷ তাৰিক খান নামৰ এগৰাকী লিংক্ডইন ব্যৱহাৰকাৰীয়ে শেহতীয়াকৈ এজন চুইগী ডেলিভাৰী এজেণ্টৰ কাহিনীৰে এটা প্ৰশংসাসূচক পোষ্ট শ্বেয়াৰ কৰিছে৷ য’ত বিতৰকগৰাকীক খালী ভৰিৰে কাম কৰা দেখা গৈছিল। কাৰণটো সোধাত, এজেণ্টজনে কৈছিল যে তেওঁ এটা দুৰ্ঘটনাত পতিত হৈছিল যাৰ ফলত তেওঁৰ ভৰি আৰু গোৰোহা ফুলি গৈছিল।


তাৰিক খানে পোষ্টটোত শ্বেয়াৰ কৰিছিল যে তেওঁ এজেণ্টজনৰ ওচৰলৈ লিফ্টত আহিছিল। খানে তেওঁক বিৰতি ল’বলৈ আৰু কাম বন্ধ কৰিবলৈ পৰামৰ্শ দিছিল। এজেণ্টজনে তৎক্ষণাৎ উত্তৰ দি কৈছিল, মোৰ খুৱাবলৈ এটা পৰিয়াল আছে আৰু তেওঁ সান্ধ্য ওলগ জনাই আঁতৰি গৈছিল।

তাৰ পাছত লিংক্ডইনত তাৰিক খানে লিখিছে, তেওঁৰ দৰে মানুহে মোক কঠোৰ পৰিশ্ৰম কৰিবলৈ আৰু প্ৰয়োজন হ’লে নিজকে সমৰ্পিত কৰিবলৈ অনুপ্ৰাণিত কৰিছে৷ তাৰিক খানে চুইগিক এই বিতৰকগৰাকীৰ কঠোৰ পৰিশ্ৰমক মান্যতা প্ৰদান কৰিবলৈ আহ্বান জনাইছে৷

পোষ্টটো মুহূৰ্ততে সমগ্ৰ ছ’চিয়েল মিডিয়াত বিয়পি পৰিছিল৷ আৰু এই পোষ্টটোৱেই এতিয়া হৈ পৰিছে চৰ্চাৰ বিষয় আৰু প্ৰেৰণাৰ অমল উৎস৷ যিসময়ত সংবাদ মাধ্যমৰ বিকল্প হোৱাৰ দিশে আগবাঢ়িছে ছ’চিয়েল মিডিয়া, তেনে সময়তে ছ’চিয়েল মিডিয়াৰ এই কাহিনীয়ে উন্মেষ ঘটাইছে নতুন চিন্তাৰ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু