--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে তেলেংগানাৰ এখন ৰেচন দোকানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ছবি থকা  ফ্লেক্স বেনাৰ স্থাপন কৰিব লাগে বুলি দাবী কৰাৰ  এদিন পিছতে ৩ ছেপ্তেম্বৰত তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ (টিআৰএছ) সমৰ্থকসকলে এল পি জি চিলিণ্ডাৰৰ ওপৰত প্ৰধানমন্ত্ৰীৰ মুখৰ ছবি  সংলগ্ন  কৰি  চিলিণ্ডাৰৰ বৰ্ধিত মূল্যৰ বাবে প্ৰধানমন্ত্ৰীক কৃতিত্ব দিয়ে।

 মোডীৰ ফটো লগাই থোৱা প্ৰতিটো চিলিণ্ডাৰৰ মূল্য আছিল  ১,১০৫ টকা৷  সংগঠনটোৱে  যোৱা আঠ বছৰত ৰন্ধন গেছৰ মূল্যবৃদ্ধিক লৈ প্ৰধানমন্ত্ৰীক উপহাস কৰিছিল।
টিআৰএছ নেতাসকলে আঙুলিয়াই দিছিল যে ২০১৪ চনত মোদী প্ৰধানমন্ত্ৰী হোৱাৰ সময়ত এল পি জিৰ মূল্য মাত্ৰ ৪১০ টকা আছিল।  মোদীৰ ছবি লগাই থোৱা চিলিণ্ডাৰৰ  ভিডিঅ' শ্বেয়াৰ কৰি টি আৰ এছৰ ছ'চিয়েল মিডিয়া আহ্বায়ক এম কৃশাঙ্কে নিৰ্মলা সীতা ৰমণকো কটাক্ষ কৰে৷  

 বিনামূলীয়াকৈ ভাৰতৰ  মানুহক সকলো দিয়াৰ পিছত, বিজেপি কৰ্মীসকলে প্ৰধানমন্ত্ৰীৰ  এখন ফটো ৰাখিবলৈ ক’লে  আপত্তি কৰাৰ কোনো থল নাই বুলি  মন্তব্য দিছিল নিৰ্মলা সীতাৰমণে৷ 

কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্ত জিতেশ পেটেলকো  প্ৰধানমন্ত্ৰীৰ ফটোৰ বাবেই  দুৰ্ব্যৱহাৰ কৰিছিল৷  তেওঁৰ এই আচৰণত অসন্তুষ্টি প্ৰকাশ কৰিছে তেলেংগানাৰ মন্ত্ৰী কে টি ৰামা ৰাওয়ে৷  

প্ৰধানমন্ত্ৰী মোদীৰ ফ্লেক্স বেনাৰ এখনৰ বাবেই অশোভনীয় আচৰণ প্ৰদৰ্শন কৰা কেন্দ্ৰীয় বিত্ত মন্ত্ৰী গৰাকীক তেলেংগানাৰ বিত্ত মন্ত্ৰী টি হৰিশ ৰাৱেও  সমালোচনা কৰে৷ ইয়াক হাস্যকৰ বুলি অভিহিত কৰি ৰাওৱে কয় যে, এনে দাবীয়ে কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰধানমন্ত্ৰীৰ দুৰ্বল কৰি তুলিব৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী