--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে তেলেংগানাৰ এখন ৰেচন দোকানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ছবি থকা  ফ্লেক্স বেনাৰ স্থাপন কৰিব লাগে বুলি দাবী কৰাৰ  এদিন পিছতে ৩ ছেপ্তেম্বৰত তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ (টিআৰএছ) সমৰ্থকসকলে এল পি জি চিলিণ্ডাৰৰ ওপৰত প্ৰধানমন্ত্ৰীৰ মুখৰ ছবি  সংলগ্ন  কৰি  চিলিণ্ডাৰৰ বৰ্ধিত মূল্যৰ বাবে প্ৰধানমন্ত্ৰীক কৃতিত্ব দিয়ে।

 মোডীৰ ফটো লগাই থোৱা প্ৰতিটো চিলিণ্ডাৰৰ মূল্য আছিল  ১,১০৫ টকা৷  সংগঠনটোৱে  যোৱা আঠ বছৰত ৰন্ধন গেছৰ মূল্যবৃদ্ধিক লৈ প্ৰধানমন্ত্ৰীক উপহাস কৰিছিল।
টিআৰএছ নেতাসকলে আঙুলিয়াই দিছিল যে ২০১৪ চনত মোদী প্ৰধানমন্ত্ৰী হোৱাৰ সময়ত এল পি জিৰ মূল্য মাত্ৰ ৪১০ টকা আছিল।  মোদীৰ ছবি লগাই থোৱা চিলিণ্ডাৰৰ  ভিডিঅ' শ্বেয়াৰ কৰি টি আৰ এছৰ ছ'চিয়েল মিডিয়া আহ্বায়ক এম কৃশাঙ্কে নিৰ্মলা সীতা ৰমণকো কটাক্ষ কৰে৷  

 বিনামূলীয়াকৈ ভাৰতৰ  মানুহক সকলো দিয়াৰ পিছত, বিজেপি কৰ্মীসকলে প্ৰধানমন্ত্ৰীৰ  এখন ফটো ৰাখিবলৈ ক’লে  আপত্তি কৰাৰ কোনো থল নাই বুলি  মন্তব্য দিছিল নিৰ্মলা সীতাৰমণে৷ 

কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্ত জিতেশ পেটেলকো  প্ৰধানমন্ত্ৰীৰ ফটোৰ বাবেই  দুৰ্ব্যৱহাৰ কৰিছিল৷  তেওঁৰ এই আচৰণত অসন্তুষ্টি প্ৰকাশ কৰিছে তেলেংগানাৰ মন্ত্ৰী কে টি ৰামা ৰাওয়ে৷  

প্ৰধানমন্ত্ৰী মোদীৰ ফ্লেক্স বেনাৰ এখনৰ বাবেই অশোভনীয় আচৰণ প্ৰদৰ্শন কৰা কেন্দ্ৰীয় বিত্ত মন্ত্ৰী গৰাকীক তেলেংগানাৰ বিত্ত মন্ত্ৰী টি হৰিশ ৰাৱেও  সমালোচনা কৰে৷ ইয়াক হাস্যকৰ বুলি অভিহিত কৰি ৰাওৱে কয় যে, এনে দাবীয়ে কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰধানমন্ত্ৰীৰ দুৰ্বল কৰি তুলিব৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু