--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যদি কোনো ব্যক্তিয়ে গোটেই ২৪ দিন গভীৰ টোপনিতে শুই থাকে আৰু পেটত খাদ্য বা পানীয় একোৱেই নাযায়, তেন্তে জীয়াই থকাটো অসম্ভৱ। কিন্তু জাপানৰ পৰা অহা এজন ব্যক্তি একো নোখোৱাকৈ ২৪ দিন জীয়াই থাকিল। ইয়াৰ আঁৰৰ কাৰণটো জানি আপুনি স্তম্ভিত হ’ব। 

২০০৬ চনত জাপানৰ এজন ৩৫ বছৰীয়া চৰকাৰী কৰ্মচাৰীৰ লগত এনে এক কাণ্ড সংঘটিত হৈছিল, যিটো আনকি বিজ্ঞানৰ বুজাব নোৱাৰা আছিল। যেতিয়া মিটছুটাকা উচিকোছিয়ে মাউণ্ট ৰোকোৰ যাত্ৰাৰ পৰা খোজকাঢ়ি উভতি অহাৰ সিদ্ধান্ত ল’লে, কিন্তু তেওঁ মাজ বাটতে হেৰাই গ’ল। ওচৰৰে এখন নদীত ভৰি পিছলি যোৱাৰ বাবে তেওঁৰ নিতম্বৰ হাড় ভাঙি গৈছিল। তথাপিও হাৰ নমনাকৈয়ে তেওঁ আগবাঢ়ি গৈ থাকিল।

কিছুদিন পাছত ভাগৰুৱা হোৱাৰ বাবে তেওঁৰ টোপনি আহিবলৈ ধৰিলে আৰু তেওঁ পথাৰ এখনৰ ওচৰলৈ গৈ টোপনিত ডুব গ’ল। মানুহজন সাৰ পোৱাত তেওঁ এখন চিকিৎসালয়ত আছিল আৰু তেওঁ গম পালে যে তেওঁ ২৪ দিনৰ পাছত তেওঁ সাৰ পাইছে। আচলতে এজন লোকে তেওঁক দেখোতে তেওঁৰ প্ৰায় মৃত্যু হোৱা যেন লাগিছিল যদিও তেওঁৰ হৃদস্পন্দন চলি আছিল। শৰীৰৰ উষ্ণতা ২২ ডিগ্ৰী চেলছিয়াছলৈ হ্ৰাস পোৱাৰ বাবে শৰীৰৰ বহু অংশই সঠিকভাৱে কাম কৰা বন্ধ কৰি দিছিল। অৱশ্যে এনে অৱস্থাৰ পিছতো মিটছুটকক জীয়াই থকা দেখি চিকিৎসকসকলে যথেষ্ট আচৰিত হৈছিল।

বিশেষজ্ঞসকলৰ মতে, ব্যক্তিজনৰ জীয়াই থকাৰ প্ৰবৃত্তিই ২৪ দিন কাম কৰি থকাৰ বাবে তেওঁৰ শৰীৰ হাইবাৰনেচনলৈ গৈছিল। এই কাৰণেই তেওঁৰ শৰীৰে জীয়াই থাকিবলৈ অতি কম শক্তি ব্যৱহাৰ কৰিছিল আৰু খোৱা-পানী নোখোৱাকৈ তেওঁৰ মৃত্যু হোৱা নাছিল। ২ মাহৰ চিকিৎসাৰ পিছত এতিয়া মিটছুকা ঠিকেই আছে। এতিয়ালৈকে বিজ্ঞানীসকলে এনেদৰে এজন ব্যক্তি শীতনিদ্ৰালৈ যোৱাৰ ধৰণ সম্পৰ্কে গৱেষণা কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক