--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলিউডত এসময়ত ধুমুহাৰ সৃষ্টি কৰা 'জিম্মী জিম্মী আজা আজা’ গানটো মনত আছেনে? বাপ্পী লাহিৰিয়ে সংগীত পৰিচালনা কৰা ১৯৮২ চনৰ 'ডিস্কো ডেন্সাৰ’ৰ সেই গানটো নিশ্চয় শ্ৰোতাৰ কাণত এতিয়াও বাজি থাকে। গানটোত কণ্ঠ নিগৰাইছিল পাৰ্বতী খান আৰু বিজয় বেনেডিক্টে।

 

'জিম্মী জিম্মী আজা আজা’ এতিয়া কেৱল ভাৰততে নহয়, ভাৰতৰ চুবুৰীয়া চীনতো অশেষ জনপ্ৰিয়তা লাভ কৰিছে। আনকি দেশখনত হোৱা এক প্ৰতিবাদতো গানটো ব্যৱহাৰ হোৱা পৰলক্ষিত হৈছে।

 

বৰ্তমান ক’ভিড লকডাউনক লৈ চীনত প্ৰতিবাদ চলি আছে। টিকটকৰ যোগেৰে অনেক চীনা নাগৰিকে ক’ভিডক লৈ চৰকাৰৰ শেহতীয়া পদক্ষেপসমূহৰ প্ৰতিবাদ কৰি আহিছে। তেনে এটা প্ৰতিবাদী টিকটক ভিডিঅ’ত বাপ্পী লাহিৰিৰ 'জিম্মী জিম্মী আজা আজা’ ব্যৱহাৰ কৰা দেখা গৈছে।

 

বাপ্পী লাহিৰিৰ গানটো চীনৰ মান্দাৰিন ভাষাত 'জিয়ে মি জিয়ে মি’ৰ ধৰণে গোৱা হৈছে। চীনা ভাষাত ইয়াৰ অৰ্থ হৈছে 'মোক ভাত দিয়া মোক ভাত দিয়া’। লকডাউনৰ সময়ত দেশখনত দেখা দিয়া  খাদ্যৰ অনাটনকে ইয়াৰ দ্বাৰা প্ৰকাশ কৰা হৈছে। চীনত টিকটককে ধৰি সামাজিক মাধ্যমসমূহক কাড়া নজৰ ৰখা হয়, কিন্তু উক্ত ভিডিঅ’টো ইয়াৰ সাৰি যাবলৈ সক্ষম হয়।

 

উল্লেখ্য যে চীনত শেহতীয়াকৈ ক’ভিডে পুনৰ প্ৰাদুৰ্ভাৱ ঘটিছে। সেয়ে দেশখনত জিৰ’-কভিড পলিচি লোৱা হৈছে। এই অনুসৰি চাংহাইকে ধৰি কেইবাখনো চহৰত সপ্তাহজুৰি লকডাউন দিয়া হৈছে। সেইবাবেই প্ৰতিবাদী হৈ পৰিছে দেশখনৰ লোকসকল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক