--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলিউডত এসময়ত ধুমুহাৰ সৃষ্টি কৰা 'জিম্মী জিম্মী আজা আজাগানটো মনত আছেনে? বাপ্পী লাহিৰিয়ে সংগীত পৰিচালনা কৰা ১৯৮২ চনৰ 'ডিস্কো ডেন্সাৰৰ সেই গানটো নিশ্চয় শ্ৰোতাৰ কাণত এতিয়াও বাজি থাকে। গানটোত কণ্ঠ নিগৰাইছিল পাৰ্বতী খান আৰু বিজয় বেনেডিক্টে।

 

'জিম্মী জিম্মী আজা আজাএতিয়া কেৱল ভাৰততে নহয়, ভাৰতৰ চুবুৰীয়া চীনতো অশেষ জনপ্ৰিয়তা লাভ কৰিছে। আনকি দেশখনত হোৱা এক প্ৰতিবাদতো গানটো ব্যৱহাৰ হোৱা পৰলক্ষিত হৈছে।

 

বৰ্তমান কভিড লকডাউনক লৈ চীনত প্ৰতিবাদ চলি আছে। টিকটকৰ যোগেৰে অনেক চীনা নাগৰিকে কভিডক লৈ চৰকাৰৰ শেহতীয়া পদক্ষেপসমূহৰ প্ৰতিবাদ কৰি আহিছে। তেনে এটা প্ৰতিবাদী টিকটক ভিডিঅত বাপ্পী লাহিৰিৰ 'জিম্মী জিম্মী আজা আজাব্যৱহাৰ কৰা দেখা গৈছে।

 

বাপ্পী লাহিৰিৰ গানটো চীনৰ মান্দাৰিন ভাষাত 'জিয়ে মি জিয়ে মিৰ ধৰণে গোৱা হৈছে। চীনা ভাষাত ইয়াৰ অৰ্থ হৈছে 'মোক ভাত দিয়া মোক ভাত দিয়া। লকডাউনৰ সময়ত দেশখনত দেখা দিয়া  খাদ্যৰ অনাটনকে ইয়াৰ দ্বাৰা প্ৰকাশ কৰা হৈছে। চীনত টিকটককে ধৰি সামাজিক মাধ্যমসমূহক কাড়া নজৰ ৰখা হয়, কিন্তু উক্ত ভিডিঅটো ইয়াৰ সাৰি যাবলৈ সক্ষম হয়।

 

উল্লেখ্য যে চীনত শেহতীয়াকৈ কভিডে পুনৰ প্ৰাদুৰ্ভাৱ ঘটিছে। সেয়ে দেশখনত জিৰ’-কভিড পলিচি লোৱা হৈছে। এই অনুসৰি চাংহাইকে ধৰি কেইবাখনো চহৰত সপ্তাহজুৰি লকডাউন দিয়া হৈছে। সেইবাবেই প্ৰতিবাদী হৈ পৰিছে দেশখনৰ লোকসকল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ব'ল ব'মৰ নামত ডুমডুমাত উচ্চ প্ৰাবল্য শব্দত ক্ষুণ্ণ বীৰ লাচিত সেনা
NCERT-ৰ কিতাপত অপাৰেচন সিন্দুৰৰ বিশেষ পাঠ!
এতিয়াৰ পৰা UPI এপৰ জৰিয়তে চাব নোৱাৰিব একাউণ্টৰ জমা ধন
দিলীপ শইকীয়াসহ দেশৰ ১৭ বিশিষ্ট সাংসদক 'সংসদ ৰত্ন' বঁটা
বিশ্বৰ জনপ্ৰিয় গণতান্ত্রিক নেতাৰ শীৰ্ষ স্থানত নৰেন্দ্ৰ মোদী
চেণ্টকমৰ মুৰব্বীক সৰ্বোচ্চ ৰাজ্যিক সন্মান প্ৰদান পাকিস্তানৰ