--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পত্নীয়ে ঘৰত কৰা কামৰ বাবে কোনো দিনেই কোনো পাৰিশ্ৰমিক লাভ নকৰে। অথচ একেখিনি কাম বাহিৰৰ কোনোবাই কৰিলে নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট পৰিমাণৰ ধন আদায় দিব লাগে। এক কথাত পত্নীয়ে সম্পূৰ্ণ অবৈতনিকভাবেই কৰি যায় ঘৰুৱা কাম-কাজ। কিন্তু এইবাৰ এগৰাকী পতিক তেওঁৰ পত্নীয়ে বিগত ২০ বছৰ ধৰি কৰি থকা ঘৰুৱা কাম-কাজৰ বাবে ১.৭৫ কোটি টকা আদায় দিবলৈ পতিক নিৰ্দেশ দিছে এখন আদালতে।

স্পেইনৰ এখন আদালতে এজন লোকক তেওঁৰ প্ৰাক্তন পত্নীক বিবাহৰ পিছত দুটা দশকৰো অধিক কাল  'অবৈতনিকভাবে কৰা  ঘৰুৱা কামৰ ' পাৰিশ্ৰমিক হিচাবে  প্ৰায় ১.৭৫  কোটি টকা  পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছে। নিউয়ৰ্ক পোষ্টে  প্ৰকাশ কৰা বাতৰি অনুসৰি  দম্পতীহালৰ বিবাহৰ সময়ছোৱাৰ পিছৰে পৰা  বাৰ্ষিক নিম্নতম মজুৰিৰ ওপৰত ভিত্তি কৰি বিবাহ বিচ্ছেদৰ পিছত সেই পৰিমাণৰ  ধন আদায় দিবলৈ কোৱা হৈছে। বিচাৰক লৰা ৰুইজ আলামিনোছে লোক জনৰ পত্নী ইভানা মৰেলক বিবাহৰ পিছত  ঘৰত আগবঢ়োৱা ২৫   বছৰৰ সেৱাৰ বাবে সেই ধন প্ৰদানৰ নিৰ্দেশ দিছে। 

দম্পতীহালৰ ২০২০ চনত বিবাহ বিচ্ছেদ হৈছিল। আদালতে লোকজনক পত্নীক মাহিলী  ৰক্ষণাবেক্ষণকৰ ধনো পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছে।   দম্পতীহালৰ ২০ আৰু ১৪ বছৰ বয়সৰ দুগৰাকী কন্যাকো মাহিলী  ৬৩৩ ডলাৰকৈ দিব লাগিব। মৰেলে কয় যে পৰিয়ালটোত তেওঁ তেওঁৰ  সকলো "সময়, শক্তি আৰু প্ৰেম" দিয়া স্বত্বেও স্বামীৰ পৰা তেওঁ আৰু তেওঁৰ কন্যা দুগৰাকীয়ে অত্যাচাৰৰ বাবে একো পোৱা নাই। সেয়ে তেওঁক ২৫ বছৰে ঘৰত কৰা কামৰ পাৰিশ্ৰমিক লাগিব। 

মৰেলে লগতে কয় "মই মোৰ স্বামীক তেওঁৰ কামত সমৰ্থন কৰি আছিলো... তেওঁৰ বিত্তীয় বিষয়ত মোৰ  প্ৰৱেশাধিকাৰ নাছিল; সকলোবোৰ তেওঁৰ নামতে আছিল"  তেওঁ লগতে কয় যে স্বামীয়ে তেওঁৰ সম্পত্তি নিজৰ লগতে ৰাখক আৰু তেওঁলোকৰ উমৈহতীয়া সম্পত্তি ভাগ  কৰক। গোচৰটোত নাম উল্লেখ নকৰা  স্বামীগৰাকীৰ জিম ব্যৱসায় আছে আৰু তেওঁৰ কেইবাটাও বিলাসী অট্টালিকাও ।  মৰেলে কয় - তেওঁ আশা কৰিছে যে এই গোচৰটোৱে আন মহিলাসকলৰ বাবে এক উদাহৰণ আৰু অনুপ্ৰেৰণা হিচাপে কাম কৰিব ।











FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ