--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পত্নীয়ে ঘৰত কৰা কামৰ বাবে কোনো দিনেই কোনো পাৰিশ্ৰমিক লাভ নকৰে। অথচ একেখিনি কাম বাহিৰৰ কোনোবাই কৰিলে নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট পৰিমাণৰ ধন আদায় দিব লাগে। এক কথাত পত্নীয়ে সম্পূৰ্ণ অবৈতনিকভাবেই কৰি যায় ঘৰুৱা কাম-কাজ। কিন্তু এইবাৰ এগৰাকী পতিক তেওঁৰ পত্নীয়ে বিগত ২০ বছৰ ধৰি কৰি থকা ঘৰুৱা কাম-কাজৰ বাবে ১.৭৫ কোটি টকা আদায় দিবলৈ পতিক নিৰ্দেশ দিছে এখন আদালতে।

স্পেইনৰ এখন আদালতে এজন লোকক তেওঁৰ প্ৰাক্তন পত্নীক বিবাহৰ পিছত দুটা দশকৰো অধিক কাল  'অবৈতনিকভাবে কৰা  ঘৰুৱা কামৰ ' পাৰিশ্ৰমিক হিচাবে  প্ৰায় ১.৭৫  কোটি টকা  পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছে। নিউয়ৰ্ক পোষ্টে  প্ৰকাশ কৰা বাতৰি অনুসৰি  দম্পতীহালৰ বিবাহৰ সময়ছোৱাৰ পিছৰে পৰা  বাৰ্ষিক নিম্নতম মজুৰিৰ ওপৰত ভিত্তি কৰি বিবাহ বিচ্ছেদৰ পিছত সেই পৰিমাণৰ  ধন আদায় দিবলৈ কোৱা হৈছে। বিচাৰক লৰা ৰুইজ আলামিনোছে লোক জনৰ পত্নী ইভানা মৰেলক বিবাহৰ পিছত  ঘৰত আগবঢ়োৱা ২৫   বছৰৰ সেৱাৰ বাবে সেই ধন প্ৰদানৰ নিৰ্দেশ দিছে। 

দম্পতীহালৰ ২০২০ চনত বিবাহ বিচ্ছেদ হৈছিল। আদালতে লোকজনক পত্নীক মাহিলী  ৰক্ষণাবেক্ষণকৰ ধনো পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছে।   দম্পতীহালৰ ২০ আৰু ১৪ বছৰ বয়সৰ দুগৰাকী কন্যাকো মাহিলী  ৬৩৩ ডলাৰকৈ দিব লাগিব। মৰেলে কয় যে পৰিয়ালটোত তেওঁ তেওঁৰ  সকলো "সময়, শক্তি আৰু প্ৰেম" দিয়া স্বত্বেও স্বামীৰ পৰা তেওঁ আৰু তেওঁৰ কন্যা দুগৰাকীয়ে অত্যাচাৰৰ বাবে একো পোৱা নাই। সেয়ে তেওঁক ২৫ বছৰে ঘৰত কৰা কামৰ পাৰিশ্ৰমিক লাগিব। 

মৰেলে লগতে কয় "মই মোৰ স্বামীক তেওঁৰ কামত সমৰ্থন কৰি আছিলো... তেওঁৰ বিত্তীয় বিষয়ত মোৰ  প্ৰৱেশাধিকাৰ নাছিল; সকলোবোৰ তেওঁৰ নামতে আছিল"  তেওঁ লগতে কয় যে স্বামীয়ে তেওঁৰ সম্পত্তি নিজৰ লগতে ৰাখক আৰু তেওঁলোকৰ উমৈহতীয়া সম্পত্তি ভাগ  কৰক। গোচৰটোত নাম উল্লেখ নকৰা  স্বামীগৰাকীৰ জিম ব্যৱসায় আছে আৰু তেওঁৰ কেইবাটাও বিলাসী অট্টালিকাও ।  মৰেলে কয় - তেওঁ আশা কৰিছে যে এই গোচৰটোৱে আন মহিলাসকলৰ বাবে এক উদাহৰণ আৰু অনুপ্ৰেৰণা হিচাপে কাম কৰিব ।











FOLLOW US F
POPULAR
FEATURE
TRENDY
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী