--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ যেন আন্তৰাষ্ট্ৰীয় ৰাজনীতিত চলিছে যুদ্ধৰ উকমুকনি। এছিয়া মহাদেশৰ সাগৰীয় দেশ দক্ষিণ কোৰিয়াৰ চিউলৰ পৰা লাভ কৰা খবৰ অনুসৰি পুনৰ উত্তৰ কোৰিয়াই  কম দূৰত্ব অতিক্ৰম কৰা বেলেষ্টিক মিছাইল নিক্ষেপ  কৰিছে।  প্ৰাপ্ত খবৰ অনুসৰিদক্ষিণ কোৰিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই গুৰুত্বপূৰ্ণ যুটীয়া সামৰিক অনুশীলন আৰম্ভ কৰাৰ কেইদিনমান পূৰ্বে পিয়ংইয়ংৰ তৰফৰ পৰা সামৰিক শক্তি প্ৰদৰ্শন কৰা হৈছে।  চিউলৰ সামৰিক বাহিনীয়ে উল্লেখ কৰে যে উত্তৰ কোৰিয়াই বৃহস্পতিবাৰে এটা কম দূৰত্বৰ বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে ।


আন্তৰাষ্ট্ৰীয় ৰাজনীতিত এই কথা সকলোৰে জ্ঞাত যে দুয়োখন কোৰিয়াৰ মাজৰ সম্পৰ্ক দশকৰ ভিতৰতে আটাইতকৈ বেয়া বিন্দুত আছে।  পাৰমাণৱিকভাৱে সশস্ত্ৰ উত্তৰ কোৰিয়াই অধিক নিষিদ্ধ অস্ত্ৰ পৰীক্ষা চলাই আছে আৰু তাৰ বাবে চিউলে প্ৰতিক্ৰিয়াস্বৰূপে ৱাশ্বিংটনৰ সৈতে নিৰাপত্তা সহযোগিতা বৃদ্ধি কৰিবলৈ আগবঢ়া দেখা গৈছে।

বিগত বছৰত কিমৰ জং উনে উত্তৰ কোৰিয়াক এক "অপৰিৱৰ্তনীয়" পাৰমাণৱিক শক্তি হিচাপে ঘোষণা কৰিছিল আৰু কৌশলগত পাৰমাণৱিক অস্ত্ৰ উৎপাদন দ্ৰুতগতিত বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছিল, কিয়নো আমেৰিকাই মিত্ৰ চিউলক ৰক্ষা কৰিবলৈ অঞ্চলটোলৈ অধিক সম্পদ স্থানান্তৰ কৰিব বিচাৰিছে যাতে ভৱিষ্যতে উত্তৰ কোৰিয়াৰ যিকোনো সামৰিক আক্ৰমণৰ পৰা দক্ষিণ কোৰিয়াক ৰক্ষণাবেক্ষণ দিব পৰা যায়৷

চিউলৰ এজন উচ্চপদস্থ সেনা বিষয়াই জনোৱা অনুসৰি "উত্তৰৰ পশ্চিম বন্দৰ চহৰ নাম্পোৰ পৰা সন্ধিয়া ৬:২০ বজাত এটা কম দূৰত্বৰ বেলিষ্টিক মিছাইল নিক্ষেপ কৰাহৈছে ।তেওঁ লগতে কয় যে ই উত্তৰ কোৰিয়াই একেটা অঞ্চলৰ পৰা একেসময়তে একাধিক কম দূৰত্বৰ বেলিষ্টিক মিছাইল নিক্ষেপ কৰাৰ সম্ভাৱনা বৃদ্ধি কৰিছে।  উত্তৰ কোৰিয়াই দীৰ্ঘদিন ধৰি দাবী কৰি আহিছে যে ইয়াৰ পাৰমাণৱিক অস্ত্ৰ আৰু ক্ষেপণাস্ত্ৰ কাৰ্যসূচী আত্মৰক্ষাৰ বাবেহে । 

এই সপ্তাহৰ আৰম্ভণিতে উত্তৰ কোৰিয়াই আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে  "ইচ্ছাকৃতভাৱে" উত্তেজনা বৃদ্ধি কৰাৰ অভিযোগ উত্থাপন হৈছে। কিমৰ ভগ্নীয়ে সতৰ্ক কৰি দিছিল যে যদি আমেৰিকাই পিয়ংইয়ংৰ মিছাইল পৰীক্ষা প্ৰতিৰোধ কৰে ইয়াক "যুদ্ধৰ স্পষ্ট ঘোষণা" হিচাপে গণ্য কৰা হ’ব। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী