--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ যেন আন্তৰাষ্ট্ৰীয় ৰাজনীতিত চলিছে যুদ্ধৰ উকমুকনি। এছিয়া মহাদেশৰ সাগৰীয় দেশ দক্ষিণ কোৰিয়াৰ চিউলৰ পৰা লাভ কৰা খবৰ অনুসৰি পুনৰ উত্তৰ কোৰিয়াই  কম দূৰত্ব অতিক্ৰম কৰা বেলেষ্টিক মিছাইল নিক্ষেপ  কৰিছে।  প্ৰাপ্ত খবৰ অনুসৰিদক্ষিণ কোৰিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই গুৰুত্বপূৰ্ণ যুটীয়া সামৰিক অনুশীলন আৰম্ভ কৰাৰ কেইদিনমান পূৰ্বে পিয়ংইয়ংৰ তৰফৰ পৰা সামৰিক শক্তি প্ৰদৰ্শন কৰা হৈছে।  চিউলৰ সামৰিক বাহিনীয়ে উল্লেখ কৰে যে উত্তৰ কোৰিয়াই বৃহস্পতিবাৰে এটা কম দূৰত্বৰ বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে ।


আন্তৰাষ্ট্ৰীয় ৰাজনীতিত এই কথা সকলোৰে জ্ঞাত যে দুয়োখন কোৰিয়াৰ মাজৰ সম্পৰ্ক দশকৰ ভিতৰতে আটাইতকৈ বেয়া বিন্দুত আছে।  পাৰমাণৱিকভাৱে সশস্ত্ৰ উত্তৰ কোৰিয়াই অধিক নিষিদ্ধ অস্ত্ৰ পৰীক্ষা চলাই আছে আৰু তাৰ বাবে চিউলে প্ৰতিক্ৰিয়াস্বৰূপে ৱাশ্বিংটনৰ সৈতে নিৰাপত্তা সহযোগিতা বৃদ্ধি কৰিবলৈ আগবঢ়া দেখা গৈছে।

বিগত বছৰত কিমৰ জং উনে উত্তৰ কোৰিয়াক এক "অপৰিৱৰ্তনীয়" পাৰমাণৱিক শক্তি হিচাপে ঘোষণা কৰিছিল আৰু কৌশলগত পাৰমাণৱিক অস্ত্ৰ উৎপাদন দ্ৰুতগতিত বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছিল, কিয়নো আমেৰিকাই মিত্ৰ চিউলক ৰক্ষা কৰিবলৈ অঞ্চলটোলৈ অধিক সম্পদ স্থানান্তৰ কৰিব বিচাৰিছে যাতে ভৱিষ্যতে উত্তৰ কোৰিয়াৰ যিকোনো সামৰিক আক্ৰমণৰ পৰা দক্ষিণ কোৰিয়াক ৰক্ষণাবেক্ষণ দিব পৰা যায়৷

চিউলৰ এজন উচ্চপদস্থ সেনা বিষয়াই জনোৱা অনুসৰি "উত্তৰৰ পশ্চিম বন্দৰ চহৰ নাম্পোৰ পৰা সন্ধিয়া ৬:২০ বজাত এটা কম দূৰত্বৰ বেলিষ্টিক মিছাইল নিক্ষেপ কৰাহৈছে ।তেওঁ লগতে কয় যে ই উত্তৰ কোৰিয়াই একেটা অঞ্চলৰ পৰা একেসময়তে একাধিক কম দূৰত্বৰ বেলিষ্টিক মিছাইল নিক্ষেপ কৰাৰ সম্ভাৱনা বৃদ্ধি কৰিছে।  উত্তৰ কোৰিয়াই দীৰ্ঘদিন ধৰি দাবী কৰি আহিছে যে ইয়াৰ পাৰমাণৱিক অস্ত্ৰ আৰু ক্ষেপণাস্ত্ৰ কাৰ্যসূচী আত্মৰক্ষাৰ বাবেহে । 

এই সপ্তাহৰ আৰম্ভণিতে উত্তৰ কোৰিয়াই আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে  "ইচ্ছাকৃতভাৱে" উত্তেজনা বৃদ্ধি কৰাৰ অভিযোগ উত্থাপন হৈছে। কিমৰ ভগ্নীয়ে সতৰ্ক কৰি দিছিল যে যদি আমেৰিকাই পিয়ংইয়ংৰ মিছাইল পৰীক্ষা প্ৰতিৰোধ কৰে ইয়াক "যুদ্ধৰ স্পষ্ট ঘোষণা" হিচাপে গণ্য কৰা হ’ব। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ