--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নেপালৰ এজন ২৬ বছৰীয়া যুৱকৰ পেটৰ পৰা ভদকাৰ বটল এটা উলিয়াই আনিবলৈ অস্ত্ৰোপচাৰ কৰিবলগীয়া হ'ল চিকিৎসকে। এই ঘটনাৰ সন্দৰ্ভত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

ৰাউতহাট জিলাৰ গুজৰা পৌৰসভাৰ নুৰছাদ মনছুৰী নামৰ যুৱকজনে পেটৰ তীব্ৰ বিষৰ বাবে চিকিৎসকৰ কাষ চাপে।  চিকিৎসা পৰীক্ষাৰ সময়ত যুৱকজনৰ পেটত ভদকাৰ বটল থকা কথাটো ধৰা পৰে।

পাঁচ দিন পূৰ্বে চিকিৎসালয়ত ভৰ্তি হোৱাৰ পাছত বটলটো সফলতাৰে উলিওৱাৰ বাবে ডেৰ ঘণ্টাৰ অস্ত্ৰোপচাৰ কৰা হৈছিল।

এজন চিকিৎসকে কয় যে বটলটোৱে তেওঁৰ অন্ত্ৰ ফালি পেলাইছিল, যাৰ ফলত মল লিক হৈছিল আৰু অন্ত্ৰ ফুলিছিল। এতিয়া তেওঁ বিপদৰ পৰা মুক্ত।

আৰক্ষীৰ মতে, নুৰছাদৰ বন্ধুসকলে হয়তো তেওঁক মদ্যপান কৰি থাকোতে মলদ্বাৰৰ মাজেৰে বটল এটা জোৰকৈ সোমাই দিছিল।

সন্দেহ কৰা হৈছে যে বটলটো নুৰছাদৰ মলদ্বাৰৰ মাজেৰে জোৰকৈ পেটত সোমাইছিল। ভাগ্য ভাল যে যুৱকজনৰ মৃত্যু নহ'ল।

ঘটনা সন্দৰ্ভত ৰাউতহাট আৰক্ষীয়ে শ্বেখ সমীম নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰাৰ লগতে নুৰছাদৰ দুই এজন বন্ধুকো জেৰা কৰিছে।

ৰাউতহাটৰ আৰক্ষী অধীক্ষক বীৰ বাহাদুৰ বুঢ়া মাগৰে কয় যে ''নুৰছাদৰ আন কেইজনমান বন্ধু পলাতক হৈ আছে আৰু আমি তেওঁলোকক বিচাৰি আছো।''








FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ