--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নেপালৰ এজন ২৬ বছৰীয়া যুৱকৰ পেটৰ পৰা ভদকাৰ বটল এটা উলিয়াই আনিবলৈ অস্ত্ৰোপচাৰ কৰিবলগীয়া হ'ল চিকিৎসকে। এই ঘটনাৰ সন্দৰ্ভত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

ৰাউতহাট জিলাৰ গুজৰা পৌৰসভাৰ নুৰছাদ মনছুৰী নামৰ যুৱকজনে পেটৰ তীব্ৰ বিষৰ বাবে চিকিৎসকৰ কাষ চাপে।  চিকিৎসা পৰীক্ষাৰ সময়ত যুৱকজনৰ পেটত ভদকাৰ বটল থকা কথাটো ধৰা পৰে।

পাঁচ দিন পূৰ্বে চিকিৎসালয়ত ভৰ্তি হোৱাৰ পাছত বটলটো সফলতাৰে উলিওৱাৰ বাবে ডেৰ ঘণ্টাৰ অস্ত্ৰোপচাৰ কৰা হৈছিল।

এজন চিকিৎসকে কয় যে বটলটোৱে তেওঁৰ অন্ত্ৰ ফালি পেলাইছিল, যাৰ ফলত মল লিক হৈছিল আৰু অন্ত্ৰ ফুলিছিল। এতিয়া তেওঁ বিপদৰ পৰা মুক্ত।

আৰক্ষীৰ মতে, নুৰছাদৰ বন্ধুসকলে হয়তো তেওঁক মদ্যপান কৰি থাকোতে মলদ্বাৰৰ মাজেৰে বটল এটা জোৰকৈ সোমাই দিছিল।

সন্দেহ কৰা হৈছে যে বটলটো নুৰছাদৰ মলদ্বাৰৰ মাজেৰে জোৰকৈ পেটত সোমাইছিল। ভাগ্য ভাল যে যুৱকজনৰ মৃত্যু নহ'ল।

ঘটনা সন্দৰ্ভত ৰাউতহাট আৰক্ষীয়ে শ্বেখ সমীম নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰাৰ লগতে নুৰছাদৰ দুই এজন বন্ধুকো জেৰা কৰিছে।

ৰাউতহাটৰ আৰক্ষী অধীক্ষক বীৰ বাহাদুৰ বুঢ়া মাগৰে কয় যে ''নুৰছাদৰ আন কেইজনমান বন্ধু পলাতক হৈ আছে আৰু আমি তেওঁলোকক বিচাৰি আছো।''








FOLLOW US F
POPULAR
FEATURE
TRENDY
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী