--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: স্পেইনৰ আদালতে এজন প্ৰভাৱশালী ব্যক্তিক ২৫ বছৰ বিনা বেতনে ঘৰুৱা শ্ৰমৰ বাবে প্ৰাক্তন পত্নীক ২০০০০০ ইউৰো অৰ্থাৎ প্ৰায় এক কোটি ৮০ লাখ টকাৰ ধন দিবলৈ নিৰ্দেশ দিছে। এই ধনৰাশি আদালতে তেওঁৰ বিবাহৰ সময়ত কাম কৰাৰ নূন্যতম মজুৰিৰ ভিত্তিত নিৰ্ধাৰণ কৰিছে।

সংবাদ সংস্থা এ এফ পিৰ প্ৰতিবেদন অনুসৰি স্পেইনৰ দক্ষিণ আন্দালুছিয়াৰ এখন আদালতে এই সিদ্ধান্ত লৈছে। ৰায়দান দিওঁতে আদালতে কয় যে ব্যক্তিজনে বিয়াৰ পিছত বাৰ্ষিক মৌলিক দৰমহাৰ ভিত্তিত অতি সোনকালে এই ধনৰাশি পত্নীক দিব লাগিব। ৰায়দানৰ প্ৰতিলিপি দেশৰ আগশাৰীৰ বাতৰি কাকততো প্ৰকাশ পাইছে। যি দম্পতীৰ গোচৰত আদালতে এই ৰায় দিছে, তেওঁলোকৰ দুগৰাকী কন্যাও আছে। দুয়োজনেই সম্পত্তিভিত্তিক আইন অনুসৰি বিবাহপাশত আবদ্ধ হৈছিল, যাৰ অৰ্থ আছিল যে তেওঁলোক দুয়োয়ে যি উপাৰ্জন কৰিব সেয়া তেওঁলোকৰ নিজৰ হ’ব। ইয়াৰ বাবেই পত্নীয়ে গোটেই জীৱন যিমানেই উপাৰ্জন কৰিলেও তাৰ ওপৰত অধিকাৰ কেৱল পত্নীৰহে থাকিব।

এই গোচৰৰ সৈতে জড়িত সকলো নথি-পত্ৰ ৭ মাৰ্চত আদালতত দাখিল কৰা হৈছিল। আদালতত ক্ৰছ ইকজামিনেচনৰ সময়ত পত্নীৰ অধিবক্তাই কয় যে তেওঁৰ ক্লায়েণ্টে বিয়াৰ পিছত ঘৰতে কাম কৰিবলৈ নিজকে উৎসৰ্গা কৰিছিল। যাৰ অৰ্থ আছিল ঘৰ আৰু পৰিয়ালৰ যত্ন লোৱা। আইনী কাগজত দেখুওৱা হৈছে যে ১৯৯৫ চনৰ জুনৰ পৰা ২০২০ চনৰ ডিচেম্বৰৰ ভিতৰত পত্নীয়ে যদি আন ঠাইত কাম কৰিলেহেঁতেন তেন্তে বছৰি কিমান উপাৰ্জন কৰিলেহেঁতেন?

ইয়াৰ সমান্তৰালকৈ আদালতে মহিলাগৰাকীৰ স্বামীক শিশুসকলৰ বাবে সুকীয়াকৈ শিশু যত্নৰ ভাট্টা দিবলৈ নিৰ্দেশ দিছে। আদালতৰ এই সিদ্ধান্তত সুখী মহিলাগৰাকীয়ে দেশৰ ন্যায়িক ব্যৱস্থাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী