--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: স্পেইনৰ আদালতে এজন প্ৰভাৱশালী ব্যক্তিক ২৫ বছৰ বিনা বেতনে ঘৰুৱা শ্ৰমৰ বাবে প্ৰাক্তন পত্নীক ২০০০০০ ইউৰো অৰ্থাৎ প্ৰায় এক কোটি ৮০ লাখ টকাৰ ধন দিবলৈ নিৰ্দেশ দিছে। এই ধনৰাশি আদালতে তেওঁৰ বিবাহৰ সময়ত কাম কৰাৰ নূন্যতম মজুৰিৰ ভিত্তিত নিৰ্ধাৰণ কৰিছে।

সংবাদ সংস্থা এ এফ পিৰ প্ৰতিবেদন অনুসৰি স্পেইনৰ দক্ষিণ আন্দালুছিয়াৰ এখন আদালতে এই সিদ্ধান্ত লৈছে। ৰায়দান দিওঁতে আদালতে কয় যে ব্যক্তিজনে বিয়াৰ পিছত বাৰ্ষিক মৌলিক দৰমহাৰ ভিত্তিত অতি সোনকালে এই ধনৰাশি পত্নীক দিব লাগিব। ৰায়দানৰ প্ৰতিলিপি দেশৰ আগশাৰীৰ বাতৰি কাকততো প্ৰকাশ পাইছে। যি দম্পতীৰ গোচৰত আদালতে এই ৰায় দিছে, তেওঁলোকৰ দুগৰাকী কন্যাও আছে। দুয়োজনেই সম্পত্তিভিত্তিক আইন অনুসৰি বিবাহপাশত আবদ্ধ হৈছিল, যাৰ অৰ্থ আছিল যে তেওঁলোক দুয়োয়ে যি উপাৰ্জন কৰিব সেয়া তেওঁলোকৰ নিজৰ হ’ব। ইয়াৰ বাবেই পত্নীয়ে গোটেই জীৱন যিমানেই উপাৰ্জন কৰিলেও তাৰ ওপৰত অধিকাৰ কেৱল পত্নীৰহে থাকিব।

এই গোচৰৰ সৈতে জড়িত সকলো নথি-পত্ৰ ৭ মাৰ্চত আদালতত দাখিল কৰা হৈছিল। আদালতত ক্ৰছ ইকজামিনেচনৰ সময়ত পত্নীৰ অধিবক্তাই কয় যে তেওঁৰ ক্লায়েণ্টে বিয়াৰ পিছত ঘৰতে কাম কৰিবলৈ নিজকে উৎসৰ্গা কৰিছিল। যাৰ অৰ্থ আছিল ঘৰ আৰু পৰিয়ালৰ যত্ন লোৱা। আইনী কাগজত দেখুওৱা হৈছে যে ১৯৯৫ চনৰ জুনৰ পৰা ২০২০ চনৰ ডিচেম্বৰৰ ভিতৰত পত্নীয়ে যদি আন ঠাইত কাম কৰিলেহেঁতেন তেন্তে বছৰি কিমান উপাৰ্জন কৰিলেহেঁতেন?

ইয়াৰ সমান্তৰালকৈ আদালতে মহিলাগৰাকীৰ স্বামীক শিশুসকলৰ বাবে সুকীয়াকৈ শিশু যত্নৰ ভাট্টা দিবলৈ নিৰ্দেশ দিছে। আদালতৰ এই সিদ্ধান্তত সুখী মহিলাগৰাকীয়ে দেশৰ ন্যায়িক ব্যৱস্থাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ