--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীনৰ ৰাষ্ট্ৰপতি ঝি  জিনপিঙে শুকুৰবাৰে দেশ খনৰ ৰাষ্ট্ৰপ্ৰধান হিচাপে তৃতীয় কাৰ্যকালৰ বাবে পুনৰ দায়িত্ব গ্ৰহণ কৰিবলৈ সাজু হৈছে।  শাসনাধিষ্ঠিত কমিউনিষ্ট পাৰ্টিৰ নেতৃত্ব দিয়া জিনপিঙে  ১৯৪৯ চনৰে পৰা দেশ খনত  কমিউনিষ্ট শাসন চলাৰ  পিছত চীনৰ আটাইতকৈ দীঘলীয়া সময়ৰ বাবে দায়িত্বতত থকা ৰাষ্ট্ৰপতি হিচাবে পৰিগণিত হৈছে।

দেশখনৰ  আইনসভাৰ ৩,০০০ সদস্যই শুক্ৰবাৰে তেওঁক আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰপতি হিচাপে আৰু পাঁচ বছৰৰ বাবে দায়িত্ব অৰ্পন কৰিব।  বাৰ্ষিক বৈঠকত ঝিক  কেন্দ্ৰীয় সামৰিক আয়োগৰ অধ্যক্ষ হিচাপে পুনৰ নিযুক্তি দিব বুলি আশা কৰা হৈছে। ফলত ঝি  বিশ্বৰ সৰ্ববৃহৎ সশস্ত্ৰ বাহিনীৰ প্ৰধান হিচাপে পৰিগণিত হ’ব। তেওঁ ইতিমধ্যে পিপলছ লিবাৰেচন আৰ্মীৰ মুৰব্বী  পদত অধিষ্ঠিত হৈছে। ৬৯ বছৰীয়া ঝি জিনপিঙে আজি  সহজে নেচনেল পিপলছ কংগ্ৰেছৰ সমৰ্থন লাভ কৰাৰ সম্ভাৱনা আছে। 

 উল্লেখ্য  জিনপিঙৰ পূৰ্বসূৰী জিয়াং জেমিন আৰু হু জিনতাওয়ে ১০ বছৰ কাৰ্যকালৰ পিছত ক্ষমতা ত্যাগ কৰিছিল। জিনপিঙে  সেই নিয়ম সলনি কৰিছিল।  ২০১৮ চনত কৰা চীনৰ সাংবিধানিক সংস্কাৰৰ জড়িয়তে জিনপিঙে  ৰাষ্ট্ৰপতিৰ কাৰ্যকাল বৃদ্ধি কৰিছিল।   চাউথ চাইনা মৰ্ণিং পোষ্টৰ মতে জিনপিঙৰ বাবে তৃতীয় কাৰ্যকাল প্ৰত্যাহ্বানপূৰ্ণ হ’ব। কাৰণ দেশ খনক অৰ্থনৈতিক বিকাশৰ পথত আগুৱাই নিবলৈ তেওঁ বহু কষ্ট কৰিব লাগিব। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ