--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাগ্য যেতিয়া সুপ্ৰসন্ন হয় তেতিয়া কোনো বাধাই যেন ভাগ্যক ৰুধিব নোৱাৰে। বহুতেই জীৱনত  কোটিপতি হোৱাৰ সপোন দেখে, আনকি ৰাতিটোৰ ভিতৰতে কোটিপতি হোৱাৰ সপোনো বহুতে দেখে। কিন্তু সকলোৰে ভাগ্যত সেয়া হৈ নুঠে।কেৰালাৰ এঘাৰগৰাকী মহিলাৰ কথাটো অৱশ্যে অলপ বেলেগ। এঘাৰগৰাকী মহিলাই ২৫০ টকাৰে ক্ৰয় কৰি লাভ কৰিছে  ১০  কোটি টকা ।

কিন্তু এয়াই  প্ৰথম বাৰৰ বাবে নহয়। তেওঁলোকে আগতেও লটাৰীত একেলগে টকা জিকিছিল। লটাৰী জিকা এঘাৰগৰাকী মহিলা পেছাত পৌৰ নিগমৰ কৰ্মচাৰী। তেওঁলোকে মালাপ্পুৰম জিলাৰ প্লাষ্টিক আৱৰ্জনা পৃথকীকৰণ বিভাগত কাম কৰে। কিন্তু তেওঁলোকে সেই কাম কৰি  সামান্য উপাৰ্জনহে কৰে। কঠোৰ পৰিশ্ৰম কৰা স্বত্বেও তেওঁলোকে তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ আৰু অভাৱ দূৰ কৰিবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছে।

 সেয়ে  তেওঁলোকে ভাগ্য ঘূৰাই পোৱাৰ আশাত  সকলোৱে একেলগে লটাৰীৰ টিকট  কাটিবলৈ সিদ্ধান্ত লৈছিল। এনেকৈয়ে এদিন সকলোৱে পইচা তুলি লটাৰীৰ  টিকট এখন কিনিছিল। কি আচৰিত তেওঁলোকে ক্ৰয় কৰা  লটাৰীৰ টিকট খনতেই ১০ কোটি টকাৰ পুৰস্কাৰটো আছিল।  এতিয়া সকলোৱে টকাখিনি সমানে ভগাই লৈছে। এই ঘটনাৰ পিছতে তেওঁলোক অধিক আত্মবিশ্বাসী হৈ পৰিছে। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস