--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক নাৰকীয় ঘটনা পোহৰলৈ আহিছে উত্তৰ প্ৰদেশত । ৰাজ্য খনত এগৰাকী মহিলাই তেওঁৰ স্বামীক কুঠাৰেৰে হত্যা কৰি খালৰ পানীত পাঁচ টুকুৰাকৈ কাটি  পেলাই দিয়াৰ ঘটনাই উত্তৰ প্ৰদাশত জোকাৰণিৰ সৃষ্টি কৰিছে। আৰক্ষীৰ জেৰাৰ সময়ত অভিযুক্ত মহিলাগৰাকীয়ে তেওঁৰ অপৰাধ স্বীকাৰ কৰিছে বুলি জানিব পৰা গৈছে। 

৫৫ বছৰীয়া ৰাম পাল উত্তৰ প্ৰদেশৰ শিৱনগৰৰ বাসিন্দা আছিল। তেওঁৰ পত্নী দুলাৰো দেৱীয়ে আৰক্ষীৰ ওচৰত স্বীকাৰ কৰিছে  যে তেওঁ তেওঁৰ স্বামীক হত্যা কৰিছে।  তেওঁলোকৰ পুত্ৰ পুত্ৰ পাল তেওঁৰ পত্নী আৰু সন্তানৰ সৈতে ওচৰতে থাকে। কিছুদিন আগতে দুলাৰো ৰামৰ এজন বন্ধুৰ ঘৰলৈ গৈছিল। তাৰ পৰা উভতি অহাৰ পিছত তেওঁ তেওঁৰ পুত্ৰক কৈছিল যে ৰাম পালৰ কোনো সন্ধান নাই।
তদন্ত আৰম্ভ কৰাৰ পিছত আৰু সোধা-পোছা কৰি  আৰক্ষীয়ে দুলাৰোক সন্দেহ কৰিছিল। তেওঁৰ অসংলগ্ন কথাবোৰে সন্দেহক তীব্ৰতৰ কৰি তুলিছিল। অভিযুক্ত মহিলাগৰাকীয়ে পিছত আৰক্ষীৰ ওচৰত স্বীকাৰ কৰে যে তেওঁ তেওঁৰ স্বামীক হত্যা কৰিছে। তাই কয়  যে দেওবাৰে  যেতিয়া  তেওঁৰ স্বামী বিচনাত শুই আছিল তেতিয়াই তেওঁক ৰচীৰে বান্ধিছিল আৰু তেওঁৰ  শৰীৰটো কুঠাৰেৰে কাটিছিল। পিছত দেহটো পাঁচটুকুৰাকৈ কাটি খালত  পেলাই দিছিল। এই ঘটনাই সমগ্ৰ ৰাজ্য খনতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মহিলাগৰাকীয়ে কিয় তেওঁৰ স্বামীক হত্যা কৰিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ