--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰত হিংসা এতিয়াও অব্যাহত আছে। শেহতীয়াকৈ মণিপুৰত সংঘটিত হিংসাত্মক কাণ্ডত কমেও দুজন লোক নিহত আৰু ছয়জন আহত হোৱাৰ খবৰ পোহৰলৈ আহিছে। ইয়াৰ লগে লগে মণিপুৰত অস্থিৰতা অব্যাহত আছে।

বিষ্ণুপুৰ জিলাৰ ছটা ঘৰত অগ্নিসংযোগ কৰিছে দুৰ্বৃত্তই। আৰক্ষীয়ে জনোৱা মতে, ফৌগাকচাও ইখাই, কাংৱাই, হেইকোল আৰু তেৰাখংছাংবি অঞ্চলত আক্ৰমণকাৰীয়ে গুলীচালনা কৰাৰ ফলত দুজন সাধাৰণ নাগৰিক নিহত হোৱাৰ লগতে দুজন নিৰাপত্তাৰক্ষীকে ধৰি আন ৬ জন আহত হয়।

হেইকোল আৰু ফৌগাকচাও ইখাই অঞ্চলত অস্ত্ৰধাৰী আক্ৰমণকাৰীয়ে গুলীচালনা কৰা ফলত মঙলবাৰে বেয়াকৈ আঘাতপ্ৰাপ্ত হোৱা এজন গাঁৱৰ লোকে শুকুৰবাৰে আঘাতপ্ৰাপ্ত হৈ মৃত্যুক সাৱটি লয়।

বিষ্ণুপুৰ জিলাৰ ফৌগাকচাও ইখাই মানিং লেইকাইত আক্রমণকাৰীয়ে ছটাকৈ ঘৰ জ্বলাই দিয়ে৷ কেন্দ্ৰীয় বাহিনী আৰু আৰক্ষীয়ে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

ৰাজ্যখনৰ পৰিস্থিতি এতিয়াও অস্থিৰ আৰু উত্তেজনাপূৰ্ণ যদিও নিয়ন্ত্ৰণত আছে বুলি এগৰাকী বিষয়াই জানিবলৈ দিয়ে। ৰাজ্যৰ আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে এতিয়ালৈকে বিভিন্ন পাহাৰ আৰু উপত্যকা অঞ্চলত মুঠ ৩১১টা বাংকাৰ ধ্বংস কৰিছে।

ৰাজ্যখনৰ স্পৰ্শকাতৰ আৰু ভিতৰুৱা এলেকাত ৰাজ্যৰ আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান চলাইছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস