--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰত হিংসা এতিয়াও অব্যাহত আছে। শেহতীয়াকৈ মণিপুৰত সংঘটিত হিংসাত্মক কাণ্ডত কমেও দুজন লোক নিহত আৰু ছয়জন আহত হোৱাৰ খবৰ পোহৰলৈ আহিছে। ইয়াৰ লগে লগে মণিপুৰত অস্থিৰতা অব্যাহত আছে।

বিষ্ণুপুৰ জিলাৰ ছটা ঘৰত অগ্নিসংযোগ কৰিছে দুৰ্বৃত্তই। আৰক্ষীয়ে জনোৱা মতে, ফৌগাকচাও ইখাই, কাংৱাই, হেইকোল আৰু তেৰাখংছাংবি অঞ্চলত আক্ৰমণকাৰীয়ে গুলীচালনা কৰাৰ ফলত দুজন সাধাৰণ নাগৰিক নিহত হোৱাৰ লগতে দুজন নিৰাপত্তাৰক্ষীকে ধৰি আন ৬ জন আহত হয়।

হেইকোল আৰু ফৌগাকচাও ইখাই অঞ্চলত অস্ত্ৰধাৰী আক্ৰমণকাৰীয়ে গুলীচালনা কৰা ফলত মঙলবাৰে বেয়াকৈ আঘাতপ্ৰাপ্ত হোৱা এজন গাঁৱৰ লোকে শুকুৰবাৰে আঘাতপ্ৰাপ্ত হৈ মৃত্যুক সাৱটি লয়।

বিষ্ণুপুৰ জিলাৰ ফৌগাকচাও ইখাই মানিং লেইকাইত আক্রমণকাৰীয়ে ছটাকৈ ঘৰ জ্বলাই দিয়ে৷ কেন্দ্ৰীয় বাহিনী আৰু আৰক্ষীয়ে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

ৰাজ্যখনৰ পৰিস্থিতি এতিয়াও অস্থিৰ আৰু উত্তেজনাপূৰ্ণ যদিও নিয়ন্ত্ৰণত আছে বুলি এগৰাকী বিষয়াই জানিবলৈ দিয়ে। ৰাজ্যৰ আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে এতিয়ালৈকে বিভিন্ন পাহাৰ আৰু উপত্যকা অঞ্চলত মুঠ ৩১১টা বাংকাৰ ধ্বংস কৰিছে।

ৰাজ্যখনৰ স্পৰ্শকাতৰ আৰু ভিতৰুৱা এলেকাত ৰাজ্যৰ আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান চলাইছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে