--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এবছৰ, দুবছৰ নহয়, ২৬ বছৰ ধৰি তেওঁলোকে অধ্যয়ন কৰি আছে এমবিবিএছৰ পাঠ্যক্ৰম। কিন্তু এটা পৰীক্ষাতো উত্তীৰ্ণ হ’ব পৰা নাই তেওঁলোক।  লক্ষ্ণৌৰ কিং জৰ্জ মেডিকেল ইউনিভাৰ্চিটিৰ  চাৰিজন চিকিৎসা বিজ্ঞানৰ ছাত্ৰক অৱশেষত কৰ্তৃপক্ষই বহিষ্কাৰ কৰিছে। 

তেওঁলোকে যোৱা ২৬ বছৰ ধৰি একেখন মহাবিদ্যালয়তে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম অধ্যয়ন কৰি আছিল। কিন্তু আজিলৈকে তেওঁলোকে প্ৰথম ছেমিষ্টাৰটোওউত্তীৰ্ণ হ’বলৈ  সক্ষম হোৱা নাই। সেয়ে  মহাবিদ্যালয় কৰ্তৃপক্ষই তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। চাৰিওজন শিক্ষাৰ্থীকে বহিষ্কাৰ কৰা হৈছে। 

মহাবিদ্যালয়খনত  চিকিৎসা বিজ্ঞানৰ অধ্যয়ন সম্পূৰ্ণ কৰিবলৈ কোনো নিৰ্দিষ্ট সময়সীমা নাই। কিন্তু লক্ষ্ণৌৰ মহাবিদ্যালয়খনৰ  কৰ্তৃপক্ষই আৰু মানি পৰা নাই  যে কোনোবাই একেৰাহে ২৬  বছৰ ধৰি একেটা পাঠ্যক্ৰমতে অধ্যয়ন কৰি থাকিব।   কৰ্তৃপক্ষই  যোৱা ১০ বছৰ ধৰি অতি দুৰ্বল প্ৰদৰ্শন কৰা শিক্ষাৰ্থীযৰো তালিকা প্ৰস্তুত কৰিছে। দুৰ্বল ফলাফল প্ৰদৰ্শন কৰা  ৩৭ জন শিক্ষাৰ্থীক চিনাক্ত কৰা হৈছে। 

কৰ্তৃপক্ষই বহিষ্কাৰ কৰা ছাত্ৰ কেইজনৰ এজনে ১৯৯৭  চনৰ পৰা চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম  অধ্যয়ন কৰি আছে, আনহাতে এজন ১৯৯৯ চনৰ পৰা মহাবিদ্যালয়ৰ ছাত্ৰ হৈ আছে। বাকী দুজনে ২০০১ ৰ পৰা ২০০৬ চনৰ পৰা কিং জৰ্জ মেডিকেল বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছে। কিন্তু তেওঁলোকে আনকি প্ৰথম ছেমিষ্টাৰটোও উত্তীৰ্ণ হোৱা নাই।

 অৱশ্যে, মহাবিদ্যালয় কৰ্তৃপক্ষই দাবী কৰিছে যে দুৰ্বল শিক্ষাৰ্থীসকলৰ বাবে বিশেষ শ্ৰেণীৰ ব্যৱস্থা কৰা হৈছে। মহাবিদ্যালয়খনৰ কাৰ্যবাহী পৰিষদে কৈছে যে মহাবিদ্যালয়খনে চাৰিজন শিক্ষাৰ্থীক এইবাৰ  কোনো ৰেহাই দিব বিচৰা নাই। বহুতে কৈছে সেই চাৰিজন ছাত্ৰই কিবাকৈ উত্তীৰ্ণ হ’লে ৰোগীৰ অৱস্থা কি হ’লহেঁতেন সেয়া চিন্তনীয় বিষয়। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস