--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এবছৰ, দুবছৰ নহয়, ২৬ বছৰ ধৰি তেওঁলোকে অধ্যয়ন কৰি আছে এমবিবিএছৰ পাঠ্যক্ৰম। কিন্তু এটা পৰীক্ষাতো উত্তীৰ্ণ হ’ব পৰা নাই তেওঁলোক।  লক্ষ্ণৌৰ কিং জৰ্জ মেডিকেল ইউনিভাৰ্চিটিৰ  চাৰিজন চিকিৎসা বিজ্ঞানৰ ছাত্ৰক অৱশেষত কৰ্তৃপক্ষই বহিষ্কাৰ কৰিছে। 

তেওঁলোকে যোৱা ২৬ বছৰ ধৰি একেখন মহাবিদ্যালয়তে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম অধ্যয়ন কৰি আছিল। কিন্তু আজিলৈকে তেওঁলোকে প্ৰথম ছেমিষ্টাৰটোওউত্তীৰ্ণ হ’বলৈ  সক্ষম হোৱা নাই। সেয়ে  মহাবিদ্যালয় কৰ্তৃপক্ষই তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। চাৰিওজন শিক্ষাৰ্থীকে বহিষ্কাৰ কৰা হৈছে। 

মহাবিদ্যালয়খনত  চিকিৎসা বিজ্ঞানৰ অধ্যয়ন সম্পূৰ্ণ কৰিবলৈ কোনো নিৰ্দিষ্ট সময়সীমা নাই। কিন্তু লক্ষ্ণৌৰ মহাবিদ্যালয়খনৰ  কৰ্তৃপক্ষই আৰু মানি পৰা নাই  যে কোনোবাই একেৰাহে ২৬  বছৰ ধৰি একেটা পাঠ্যক্ৰমতে অধ্যয়ন কৰি থাকিব।   কৰ্তৃপক্ষই  যোৱা ১০ বছৰ ধৰি অতি দুৰ্বল প্ৰদৰ্শন কৰা শিক্ষাৰ্থীযৰো তালিকা প্ৰস্তুত কৰিছে। দুৰ্বল ফলাফল প্ৰদৰ্শন কৰা  ৩৭ জন শিক্ষাৰ্থীক চিনাক্ত কৰা হৈছে। 

কৰ্তৃপক্ষই বহিষ্কাৰ কৰা ছাত্ৰ কেইজনৰ এজনে ১৯৯৭  চনৰ পৰা চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম  অধ্যয়ন কৰি আছে, আনহাতে এজন ১৯৯৯ চনৰ পৰা মহাবিদ্যালয়ৰ ছাত্ৰ হৈ আছে। বাকী দুজনে ২০০১ ৰ পৰা ২০০৬ চনৰ পৰা কিং জৰ্জ মেডিকেল বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছে। কিন্তু তেওঁলোকে আনকি প্ৰথম ছেমিষ্টাৰটোও উত্তীৰ্ণ হোৱা নাই।

 অৱশ্যে, মহাবিদ্যালয় কৰ্তৃপক্ষই দাবী কৰিছে যে দুৰ্বল শিক্ষাৰ্থীসকলৰ বাবে বিশেষ শ্ৰেণীৰ ব্যৱস্থা কৰা হৈছে। মহাবিদ্যালয়খনৰ কাৰ্যবাহী পৰিষদে কৈছে যে মহাবিদ্যালয়খনে চাৰিজন শিক্ষাৰ্থীক এইবাৰ  কোনো ৰেহাই দিব বিচৰা নাই। বহুতে কৈছে সেই চাৰিজন ছাত্ৰই কিবাকৈ উত্তীৰ্ণ হ’লে ৰোগীৰ অৱস্থা কি হ’লহেঁতেন সেয়া চিন্তনীয় বিষয়। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
নেপালত ক্ষুব্ধ জনতাই জুই লগাই দিলে হোটেলত; চতুৰ্থ মহলাৰ পৰা ভাৰতীয় দম্পতীৰ তললৈ জাঁপ, পত্নীৰ মৃত্যু
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ