--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাম্প্ৰদায়িক সংঘৰ্ষই জোকাৰি যোৱা হাৰিয়ানাৰ নুহত ধৰ্মীয় শোভাযাত্ৰাৰ সময়ত সংঘটিত হিংসাত্মক ঘটনাত নাল্লাহাদ মন্দিৰত আৱদ্ধ লোকসকলক উদ্ধাৰ কৰি নিশাটোৰ ভিতৰতে নায়িকাত পৰিণত হৈছে  এডিজিপি মমতা সিং। এইগৰাকী মহিলা আৰক্ষী বিষয়াৰ সাহসৰ বাবেই মন্দিৰত আশ্ৰয় লোৱা হাজাৰ হাজাৰ লোকৰ প্ৰাণ ৰক্ষা পৰিছিল।সেয়ে এতিয়া মমতা সিঙৰ বিষয়ে যথেষ্ট আলোচনা  হৈছে।  এক উত্তেজনাপূৰ্ণ পৰিস্থিতিত নুহ জিলাৰ  নাল্লাহাদ মন্দিৰত সোমাইছিল প্ৰায় ২৫০০ গৰাকী লোকে। আক্ৰমণকাৰীয়ে তেওঁলোকক আক্ৰমণ কৰাৰ বাবে সাজু হৈছিল। 

কিন্তু এনে সময়তে সাহসেৰে আক্ৰমণকাৰীক ভেটা দিছিল মমতা সিঙে।  কৌশলেৰে লোকসকলক  উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা লেডী সিংঘমক অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (আইন-শৃংখলা)ই এডিজিপি মমতা সিঙৰ সাহসিকতা আৰু সাহসৰ বাবে প্ৰশংসা কৰা হৈছে। হাৰিয়ানাৰ গৃহ মন্ত্ৰী অনিল ভিজেও তেওঁৰ সাহসৰ প্ৰশংসা কৰিছে আৰু কৈছে যে এডিজি মমতা সিঙৰ বাবেই লোকসকল নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰিছে। অনিল ভিজে কয়, "যেতিয়া মন্দিৰত বৃহৎ সংখ্যক লোকে  আশ্ৰয় লৈছিল তেতিয়া তেওঁলোকে তাৰ পৰা ওলাই অহাটো কঠিন আছিল। মন্দিৰৰ ভিতৰৰ পৰা বহুতে  মোক এটা গুগল অৱস্থান পঠিয়াইছিল। যেতিয়া মই প্ৰশাসনক এই কথা কৈছিলো, মমতা সিঙে অতি সাহসেৰে আৰক্ষী বাহিনীক নেতৃত্ব দিছিল। তেওঁলোকে সকলো লোকক উদ্ধাৰ কৰিছিল।"

 মমতা সিং এগৰাকী ১৯৯৬  বেচৰ আইপিএছ বিষয়া। চিকিৎসক হ'বলৈ এম.বি.বি.এছ. অধ্যয়ন এৰি আৰক্ষী সেৱাত যোগদান কৰা মমতা সিঙে আইন-শৃংখলাৰ ক্ষেত্ৰত অতি কঠোৰ। তেওঁ বাবা ৰাম ৰহিমৰ জীয়ৰী হৰমনপ্ৰীত সিঙক  আটক কৰাৰ বাবেও শিৰোনামলৈ আহিছিল।   মমতা সিঙেও ৰাষ্ট্ৰপতিৰ পৰা  পদক লাভ কৰিছে। ইয়াৰ উপৰি  উচ্চতম ন্যায়ালয়ে মানৱ অধিকাৰ আয়োগৰ বহু অনুসন্ধানত মমতা সিঙৰ অৱদানৰ বাবে প্ৰশংসা কৰিছে।উল্লেখ্য নুহৰ পৰা উদ্ভৱ হোৱা এই হিংসাত্মক ঘটনাগুৰুগ্ৰামলৈও বিয়পি পৰে। চহৰখনৰ চেক্টৰ ৫৭ ত জনতাৰ আক্ৰমণত এজন ২৬ বছৰীয়া ইমাম নিহত হয় আৰু এটা মছজিদ জ্বলাই দিয়া হয়। 

নুহত সংঘটিত হিংসাত্মক ঘটনাৰ সময়ত সোমবাৰে আহত হোৱা আৰু দুজন ব্যক্তিয়ে আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰিছে। মৃতসকলক গৃহৰক্ষী নীৰজ, গুৰসেৱক  শক্তি বুলি চিনাক্ত কৰা হৈছে। তেওঁলক ভাদাছ গাঁৱৰ বাসিন্দা আছিল। হিংসাত নিহত চতুৰ্থজন ব্যক্তিৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।  নুহত হিংসাৰ সময়ত আহত হোৱা ২৩ জন লোকৰ ভিতৰত দহজন আৰক্ষীৰ লোক। এতিয়ালৈকে সংঘৰ্ষৰ গোচৰত ১১৬ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
বলীউডে সুশান্তৰ দৰে কাৰ্তিকক আঁতৰাবলৈ চেষ্টা কৰিছে! সংগীত পৰিচালক অমল মালিকৰ দাবী
এইবাৰ মহিলাই নেতৃত্ব দিব বিজেপিক, দক্ষিণৰ তিনিগৰাকী নেত্ৰীৰ নাম চৰ্চাত
আমেৰিকাৰ ছিকাগ’ত তিনিদিনীয়া বিশেষ কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম অভিৱৰ্তন ২০২৫
আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিলে ডিগবৈৰ পাঁচ গৰাকী উদ্যমী মহিলাই
প্ৰটিন দেহত কমিলে নানা ক্ষতি হয়! জানি লওক সৱিশেষ
এমাহৰ ভিতৰতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা