--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কি হৈছে দেশৰ সামৰিক ব্যৱস্থাটোৰ অন্তৰ্ভাগত?যোৱা পাঁচ বছৰত (২০১৮ চনৰ পৰা ২০২২ চনলৈ) ৫৩, ৩৩৬ জন কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ জোৱানে চাকৰি এৰিছে। ইয়াত ৪৭ হাজাৰ জোৱানে স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰিছে। একে সময়তে ৬৩৩৬ জন জোৱানে পদত্যাগ কৰিছে। একে সময়তে ৬৫৮ জন CAPF জোৱানে আত্মহত্যা কৰে। মঙলবাৰে লোকসভাত কেন্দ্ৰীয় চৰকাৰে এই বিষয়ে অৱগত কৰে।

কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে জনোৱা মতে, ২০১৮ চনত ১০,৯৪০ জন, ২০১৯ চনত ১০,৩২৩ জন, ২০২০ চনত ৭,৬৯০ জন, ২০২১ চনত ১২,০০৩ জন আৰু ১২,৩৮০ জন জোৱানে চাকৰি এৰি থৈ গৈছে। কংগ্ৰেছৰ সাংসদ মণিকম ঠাকুৰৰ লিখিত প্ৰশ্নৰ উত্তৰত তেওঁ এই তথ্য দিয়ে।

তথ্য অনুসৰি সীমান্ত সুৰক্ষা বাহিনীৰ ২৩,৫৫৩ জন জোৱানে চাকৰি এৰিছিল, য’ত ২১,৬৯২ জনেই অৱসৰ গ্ৰহণ কৰিছিল আৰু ১৮৬১ জনেই চাকৰিৰ পৰা পদত্যাগ কৰিছিল। একে সময়তে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ১৩,৬৪০ জোৱানে চাকৰি এৰি দিয়ে। য’ত ১৩,০২৭ জনেই নিজাববীয়াকৈ অৱসৰ গ্ৰহণ কৰিছিল আৰু ৬১৩ জনেই পদত্যাগ কৰিছিল। অসম ৰাইফলছৰ পৰা ৫,৩৯৩ জন লোকে সেৱা এৰিলে। ৫,৩১৩ জনেই অৱসৰ গ্ৰহণ কৰাৰ লগতে ৮০ জন জোৱানে পদত্যাগ কৰে।

কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ ৫,১৫১ জন জোৱানে চাকৰি এৰিলে। ২,৮৬৮ জন চিআইএছএফৰ কৰ্মীয়ে অৱসৰ গ্ৰহণ কৰে আৰু ২,২৮৩ জনেই পদত্যাগ কৰে। তথ্য অনুসৰি ভাৰত-তিব্বত সীমান্ত আৰক্ষী (আই টি বি পি)ৰ পৰা ৩,১৬৫ জন জোৱানে এই সেৱা এৰি থৈ গৈছে। ইয়াৰে ২৩৫৪ জনেই ভি আৰ লৈছিল আৰু ৮১১ জনেই পদত্যাগ কৰিছিল। সশস্ত্ৰ সীমা বলৰ ২৪৩৪ জন জোৱানে সেৱা এৰি দিয়াৰ বিপৰীতে ১৭৪৬ জনেই স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰাৰ বিপৰীতে ৬৮৮ জনেই পদত্যাগ কৰে।

২০২২ চনত CAPF ৰ ১১,২১১ জন জোৱানে অৱসৰ গ্ৰহণ কৰিছিল আৰু ১১,১৬৯ জনেই পদত্যাগ কৰিছিল। ২০২১ চনত ১০,৭৬২ জন জোৱানে ভি আৰ লৈছিল আৰু ১২৪১ জন জোৱানে পদত্যাগ কৰিছিল। ২০২০ চনত ৬,৮৯১ জন জোৱানে স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিছিল আৰু ৭৯৯ জন জোৱানে সেৱাৰ পৰা পদত্যাগ কৰিছিল। ২০১৯ চনত ৮,৯০৮ জন জোৱানে ভি আৰ লৈছিল আৰু ১,৪১৫ জনেই পদত্যাগ কৰিছিল। ২০১৮ চনত ৯,২২৮ জন CAPF জোৱানে অৱসৰ গ্ৰহণ কৰাৰ বিপৰীতে ১,৭১২ জন জোৱানে সেৱাৰ পৰা পদত্যাগ কৰিছিল।

পাঁচ বছৰত আত্মহত্যা কৰা ৬৫৮ জন জোৱানৰ ভিতৰত ২৩০ জন চি আৰ পি এফ, ১৭৪ জন বি এছ এফ, ৯১ জন চি আই এছ এফ, ৬৫ জন এছ এছ বি, ৫১ জন আই টি বি পি আৰু ৪৭ জন আছাম ৰাইফলছৰ জোৱান। পৰিসংখ্যা অনুসৰি ২০২২ চনত ১৩৬ জন, ২০২১ চনত ১৫৫ জন, ২০২০ চনত ১৪২ জন, ২০১৯ চনত ১২৯ জন আৰু ২০১৮ চনত ৯৬ জন জোৱানে আত্মহত্যা কৰিছিল।

নিত্যানন্দ ৰায়ে কয় যে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু অসম ৰাইফলছৰ জোৱানৰ পদবী আৰু ছুটীৰ প্ৰক্ৰিয়া স্বচ্ছ কৰি তোলা হৈছে। সংবেদনশীল এলেকাত পোষ্ট কৰাৰ পাছত নিজৰ পছন্দৰ পোষ্টিঙৰ বাবেও বিবেচনা কৰা হয়। কৰ্তব্যৰত অৱস্থাত হোৱা আঘাতৰ বাবে চিকিৎসালয়ত ভৰ্তি হ’লে জোৱানক কৰ্তব্যত থকা বুলি গণ্য কৰা হয় বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
এমাহৰ ভিতৰতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা
২১ জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন
ৰাজ্যত আগন্তুক ৫ দিনলৈ আহিব বৰষুণ
বিলাসীপাৰাত চলিব অসম ইতিহাসৰ অন্যতম সৰ্ববৃহৎ উচ্ছেদ অভিযান
ডিমৌ-নিতাইপুখুৰী পথত দিনদুপৰতে দুৰ্বৃত্তই লুটি নিলে ১০ লক্ষাধিক টকা
বোকাখাতত আকাশৰ পৰা সৰি পৰিল ডাৱৰ!