--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  অহা ২৬ জুনত অনুষ্ঠিত হ’ব লোকসভাৰ অধিৱেশন। লোকসভাৰ পৰৱৰ্তী অধ্যক্ষ কোন হ’ব সেই সন্দৰ্ভত জল্পনা-কল্পনাৰ মাজতে আৰম্ভ হৈছে ৰাজনৈতিক অস্থিৰতা। বিশেষকৈ এন ডি এ শিবিৰত যথেষ্ট চিন্তা-চৰ্চা  চলি আছে।

ইয়াৰ পূৰ্বে শুনা গৈছিল যে টিডিপিয়ে বিজেপিৰ পৰা লোকসভাৰ অধ্যক্ষ পদ দাবী কৰিব পাৰে। নীতিশ কুমাৰৰ জেডিইয়েও হয়তো টিডিপিক এইজ্ঞক্ষেত্ৰত সমৰ্থন জনাব পাৰে। কিন্তু এন ডি এ শিবিৰৰ সূত্ৰ অনুসৰি টিডিপিয়ে অধ্যক্ষ পদৰ দাবীৰ পৰা পিছুৱাই গৈছে। টিডিপিয়ে সৰ্বসন্মতিক্ৰমে কাৰোবাক মনোনীত কৰিলে বিজেপিক সমৰ্থন কৰাত আপত্তি নাই দলটোৰ। নীতিশ কুমাৰৰ দলটোৱেও সুৰ  অলপ বেছি কোমল কৰিছে। মিত্ৰজোঁটৰ প্ৰধান অংশীদাৰ হিচাপে অধ্যক্ষ পদৰ বাবে বিজেপিৰ প্ৰথম দাবী আছে বুলি মন্তব্য কৰিছে জেডিইউ নেতা কে চি ত্যাগীয়ে।

যদিও এন ডি এৰ ভিতৰৰ সমস্যা সমাধান হৈছে তথাপিও অধ্যক্ষ নিৰ্বাচনৰ বাবে ইণ্ডিয়া মিত্ৰজোঁটে  নিজাকৈ ৰণনীতিৰ পৰিকল্পনা কৰিছে। বিনাযুদ্ধে  অধ্যক্ষ পদ বিজেপিক গতাই দিয়াৰ পক্ষপাতী নহয় ইণ্ডিয়া মিত্ৰজোঁট। যদি এন ডি এৰ অংশীদাৰ টিডিপি বা জেডিইউৰ কোনোবা এজনক অধ্যক্ষ  হিচাপে নিযুক্তি দিয়া হয়, তেন্তে সেই সিদ্ধান্তক  বিৰোধীয়ে  সমৰ্থন জনাব বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে। কিন্তু বিজেপিয়ে যদি অধ্যক্ষ পদটো  সহযোগী দলৰ সলনি নিজৰ হাতত ৰখাৰ কথা ভাবে  , তেন্তে ইণ্ডিয়া মিত্ৰজোঁটে  বিকল্প প্ৰাৰ্থীৰ কথা চিন্তা  কৰিব পাৰে।  সূত্ৰ অনুসৰি যদি চৰকাৰে উপাধ্যক্ষ পদ বিৰোধীৰ হাতত এৰি দিবলৈ সন্মত নহয়, তেন্তে  ইণ্ডিয়া  মিত্ৰজোঁটে অধ্যক্ষ পদৰ প্ৰাৰ্থী দিব পাৰে।   

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু