--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  অহা ২৬ জুনত অনুষ্ঠিত হ’ব লোকসভাৰ অধিৱেশন। লোকসভাৰ পৰৱৰ্তী অধ্যক্ষ কোন হ’ব সেই সন্দৰ্ভত জল্পনা-কল্পনাৰ মাজতে আৰম্ভ হৈছে ৰাজনৈতিক অস্থিৰতা। বিশেষকৈ এন ডি এ শিবিৰত যথেষ্ট চিন্তা-চৰ্চা  চলি আছে।

ইয়াৰ পূৰ্বে শুনা গৈছিল যে টিডিপিয়ে বিজেপিৰ পৰা লোকসভাৰ অধ্যক্ষ পদ দাবী কৰিব পাৰে। নীতিশ কুমাৰৰ জেডিইয়েও হয়তো টিডিপিক এইজ্ঞক্ষেত্ৰত সমৰ্থন জনাব পাৰে। কিন্তু এন ডি এ শিবিৰৰ সূত্ৰ অনুসৰি টিডিপিয়ে অধ্যক্ষ পদৰ দাবীৰ পৰা পিছুৱাই গৈছে। টিডিপিয়ে সৰ্বসন্মতিক্ৰমে কাৰোবাক মনোনীত কৰিলে বিজেপিক সমৰ্থন কৰাত আপত্তি নাই দলটোৰ। নীতিশ কুমাৰৰ দলটোৱেও সুৰ  অলপ বেছি কোমল কৰিছে। মিত্ৰজোঁটৰ প্ৰধান অংশীদাৰ হিচাপে অধ্যক্ষ পদৰ বাবে বিজেপিৰ প্ৰথম দাবী আছে বুলি মন্তব্য কৰিছে জেডিইউ নেতা কে চি ত্যাগীয়ে।

যদিও এন ডি এৰ ভিতৰৰ সমস্যা সমাধান হৈছে তথাপিও অধ্যক্ষ নিৰ্বাচনৰ বাবে ইণ্ডিয়া মিত্ৰজোঁটে  নিজাকৈ ৰণনীতিৰ পৰিকল্পনা কৰিছে। বিনাযুদ্ধে  অধ্যক্ষ পদ বিজেপিক গতাই দিয়াৰ পক্ষপাতী নহয় ইণ্ডিয়া মিত্ৰজোঁট। যদি এন ডি এৰ অংশীদাৰ টিডিপি বা জেডিইউৰ কোনোবা এজনক অধ্যক্ষ  হিচাপে নিযুক্তি দিয়া হয়, তেন্তে সেই সিদ্ধান্তক  বিৰোধীয়ে  সমৰ্থন জনাব বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে। কিন্তু বিজেপিয়ে যদি অধ্যক্ষ পদটো  সহযোগী দলৰ সলনি নিজৰ হাতত ৰখাৰ কথা ভাবে  , তেন্তে ইণ্ডিয়া মিত্ৰজোঁটে  বিকল্প প্ৰাৰ্থীৰ কথা চিন্তা  কৰিব পাৰে।  সূত্ৰ অনুসৰি যদি চৰকাৰে উপাধ্যক্ষ পদ বিৰোধীৰ হাতত এৰি দিবলৈ সন্মত নহয়, তেন্তে  ইণ্ডিয়া  মিত্ৰজোঁটে অধ্যক্ষ পদৰ প্ৰাৰ্থী দিব পাৰে।   

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ