--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাঁচ বছৰ একেলগে থকাৰ পিছত বিবাহৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতে নিজৰ পুৰুষ সংগীৰ বিৰুদ্ধে ধাৰাবাহিক ধৰ্ষণ আৰু আস্থা ভংগৰ গোচৰ ৰুজু কৰিছিল এগৰাকী মহিলাই। সেই গোচৰৰ অভিযুক্তক দোষমুক্ত কৰি শুকুৰবাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ দুজন ন্যায়াধীশে মন্তব্য কৰে যে, “যৌন নিৰ্যাতনৰ দফাসমূহে মহিলাৰ প্ৰতি পক্ষপাতিত্ব কৰাটো সঠিক। কিন্তু তাৰ অৰ্থ এইটো নহয় যে সদায় পুৰুষ সংগীৰ দোষ।"

প্ৰায় সাত বছৰ একেলগে কটোৱাৰ পিছত ২০১৯ চনত মহিলাগৰাকীয়ে নিজৰ পুৰুষ সংগীৰ বিৰুদ্ধে আৰক্ষীৰ এজাহাৰ দাখিল কৰে। কয় যে তেওঁৰ সংগীয়ে বিয়াৰ প্ৰতিশ্ৰুতিৰ অধীনত বছৰ বছৰ ধৰি তেওঁৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিছিল, ধৰ্ষণো কৰিছিল। কিন্তু পিছত সি তাইক বিয়া কৰাবলৈ মান্তি নহ’ল। নিজৰ জাতিৰ কথা উল্লেখ কৰি আপত্তিজনক কথাও কৈছিল। যৌন নিৰ্যাতনৰ লগতে অনুসূচিত জাতি আইনৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে আৰক্ষীয়ে। কিন্তু নিম্ন আদালতে গোচৰৰ শুনানি গ্ৰহণ কৰি সংগীজনক দোষমুক্ত কৰে।

গোচৰ অনুসৰি ২০১০ চনত মহিলাগৰাকীয়ে আন এজন পুৰুষৰ সৈতে আইনগতভাৱে বিবাহপাশত আবদ্ধ হৈছিল। কিন্তু অভিযুক্তৰ পৰা লুকুৱাই ৰাখি সম্পৰ্ক স্থাপন কৰে। নিম্ন আদালতৰ ন্যায়াধীশগৰাকীয়ে মন্তব্য কৰে যে, “বিবাহ বিচ্ছেদ অবিহনে এগৰাকী বিবাহিত মহিলাই দ্বিতীয় বিবাহ কৰিব নোৱাৰে। মহিলাগৰাকীয়ে অভিযুক্তৰ পৰা বিবাহৰ খবৰ লুকুৱাই ৰাখি সম্পৰ্ক স্থাপন কৰিছিল। তেওঁ নিজৰ জাতিৰ বিষয়েও ভুৱা তথ্য দিছিল। এই মিছা কথা জানিব পাৰি অভিযুক্ত সংগীয়ে বিবাহৰ প্ৰতিশ্ৰুতিৰ পৰা পিছুৱাই যায়। ইয়াৰ উপৰিও পাঁচ-সাত বছৰ ধৰি আবেদনকাৰীয়ে অভিযুক্তৰ সৈতে সম্পৰ্ক বজাই ৰাখিছিল, বিভিন্ন ঠাইত স্বেচ্ছাই সহবাস কৰিছিল। এতিয়া আপোনাৰ সংগীক ধৰ্ষণৰ অভিযোগ দিব নোৱাৰিব।"

উচচ ন্যায়ালয়ৰ দুই ন্যায়াধীশ ৰাহুল চতুৰ্বেদী আৰু নন্দপ্ৰসাদ শুকতাই গোচৰৰ শুনানি গ্ৰহণ কৰি মন্তব্য কৰি কয় যে, ‘এইটো দেখা গৈছে যে বাদীয়ে অভিযুক্তক মূৰ্খ কৰি তুলিছে। বিয়াখন লুকুৱাই সি সম্পৰ্ক স্থাপন কৰিছে, জাতিগত পৰিচয়ৰ কথাও মিছা কথা কৈছে। এতিয়া তেওঁৰ সংগীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি শাস্তি দিবলৈ চেষ্টা কৰিছে।” ইয়াৰ পিছত ন্যায়াধীশসকলে নিম্ন আদালতৰ ৰায়ক সমৰ্থন কৰি অভিযুক্তক দোষমুক্ত কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু