--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সন্ত্ৰাসজৰ্জৰ পাকিস্তান এইবাৰ কঠোৰ হৈছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে। লস্কৰ-ই-তৈবা (এল ই টি)ৰ মুৰব্বী আৰু ২৬/১১ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ডক দৃষ্টান্তমূলক শাস্তি বিহিছে।

পাকিস্তানৰ এখন সন্ত্ৰাসবাদ বিৰোধী আদালতে শুকুৰবাৰে লস্কৰ-ই-তৈবা (এল ই টি)ৰ মুৰব্বী আৰু ২৬/১১ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়িদক নতুন সন্ত্ৰাসবাদী বিত্তীয় গোচৰত দণ্ডিত কৰে। আদালতে লগতে তেওঁৰ সকলো সম্পত্তি জব্দ কৰাৰ নিৰ্দেশ দিছিল। ইয়াৰ পূৰ্বে এনে পাঁচটা গোচৰত ৭০ বছৰীয়া মৌলবাদী ধৰ্মগুৰুজনক ইতিমধ্যে ৩৬ বছৰৰ কাৰাদণ্ডৰ বাবে দোষী সাব্যস্ত কৰা হৈছিল।

সন্ত্ৰাসবাদ বিৰোধী আদালতৰ (এটিচি) ন্যায়াধীশ এজাজ আহমেদ ভুটাৰে পঞ্জাব আৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী বিভাগৰ দ্বাৰা পঞ্জীয়ন কৰা দুখন এজাহাৰ ক্ৰমে, ২১/২০১৯ আৰু ৯০/২০১৯ৰ অধীনত ছয়িদক ৩২ বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছে। ২১/১৯ আৰু ৯০/১৯ত তেওঁক ক্ৰমান্বয়ে ১৫ বছৰ ৬ মাহ আৰু ১৬বছৰ ৬ মাহৰ বাবে দণ্ডিত কৰা হৈছে। ইয়াৰোপৰি আদালতে ছয়িদৰ ওপৰত ৩,৪০,০০০ মূল্যৰ জৰিমনা আৰোপ কৰে।

ছয়িদক আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী হিচাপে নামকৰণ কৰা হৈছিল। তেওঁক ২০০৮ চনৰ ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱ ১২৬৭ৰ অধীনতো তালিকাভুক্ত কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল