--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সন্ত্ৰাসজৰ্জৰ পাকিস্তান এইবাৰ কঠোৰ হৈছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে। লস্কৰ-ই-তৈবা (এল ই টি)ৰ মুৰব্বী আৰু ২৬/১১ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ডক দৃষ্টান্তমূলক শাস্তি বিহিছে।

পাকিস্তানৰ এখন সন্ত্ৰাসবাদ বিৰোধী আদালতে শুকুৰবাৰে লস্কৰ-ই-তৈবা (এল ই টি)ৰ মুৰব্বী আৰু ২৬/১১ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়িদক নতুন সন্ত্ৰাসবাদী বিত্তীয় গোচৰত দণ্ডিত কৰে। আদালতে লগতে তেওঁৰ সকলো সম্পত্তি জব্দ কৰাৰ নিৰ্দেশ দিছিল। ইয়াৰ পূৰ্বে এনে পাঁচটা গোচৰত ৭০ বছৰীয়া মৌলবাদী ধৰ্মগুৰুজনক ইতিমধ্যে ৩৬ বছৰৰ কাৰাদণ্ডৰ বাবে দোষী সাব্যস্ত কৰা হৈছিল।

সন্ত্ৰাসবাদ বিৰোধী আদালতৰ (এটিচি) ন্যায়াধীশ এজাজ আহমেদ ভুটাৰে পঞ্জাব আৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী বিভাগৰ দ্বাৰা পঞ্জীয়ন কৰা দুখন এজাহাৰ ক্ৰমে, ২১/২০১৯ আৰু ৯০/২০১৯ৰ অধীনত ছয়িদক ৩২ বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছে। ২১/১৯ আৰু ৯০/১৯ত তেওঁক ক্ৰমান্বয়ে ১৫ বছৰ ৬ মাহ আৰু ১৬বছৰ ৬ মাহৰ বাবে দণ্ডিত কৰা হৈছে। ইয়াৰোপৰি আদালতে ছয়িদৰ ওপৰত ৩,৪০,০০০ মূল্যৰ জৰিমনা আৰোপ কৰে।

ছয়িদক আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী হিচাপে নামকৰণ কৰা হৈছিল। তেওঁক ২০০৮ চনৰ ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱ ১২৬৭ৰ অধীনতো তালিকাভুক্ত কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক