--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০০৮ চনৰ ২৬ নৱেম্বৰত পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন  লস্কৰ-ই-তৈবা (এল ই টি)ৰ সন্ত্ৰাসবাদীয়ে  মুম্বাইৰ কেইবাটাও স্থানত  আক্ৰমণ সংঘটিত কৰিছিল। সন্ত্ৰাসবাদী তাহাউৰ ৰাণা ধ্বংসাত্মক ষড়যন্ত্ৰত জড়িত আছিল বুলি ইতিমধ্যে প্ৰমাণ পোৱা গৈছে। পলাতক অৱস্থাত থকা তাহাউৰ ৰাণাক শীঘ্ৰে ভাৰতলৈ আনিব পৰা যাব। 

ৱাশ্বিংটনৰ এখন ফেডাৰেল আদালতে ২৬/১১ ৰ মুম্বাই আক্ৰমণৰ অন্যতম অভিযুক্ত পাকিস্তানী বংশোদ্ভুত কানাডিয়ান ব্যৱসায়ী তাহাউৰ ৰাণাক ভাৰতলৈ  প্ৰত্যাৰ্পণৰ নিৰ্দেশ দিছে। দুবছৰ আগতে ভাৰতে  ২০০৮ চনৰ সন্ত্ৰাসবাদী আক্ৰমণৰ অভিযুক্ত ৰাণাক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰিবলৈ আবেদন কৰিছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনৰ চৰকাৰেও ভাৰতৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাইছিল আৰু ৰাণাক আদালতলৈ প্ৰেৰণ কৰিছিল।নতুন দিল্লীয়ে প্ৰায় ডেৰ দশক আগতে ৱাশ্বিংটনক মুম্বাই আক্ৰমণৰ অভিযুক্ত ডেভিদ কোলমেন হেডলীৰ দীৰ্ঘদিনীয়া বন্ধু ৰাণাক ভাৰতলৈ ওভতাই আনিবলৈ  আবেদন জনাইছিল। 

কিন্তু ভাৰতৰ সেই আবেদন  কাৰ্যকৰী নহ'ল। তাৰ পৰিৱৰ্তে তেওঁক  মুকলি কৰি দিয়াহে  হৈছিল। ভাৰতে অভিযোগ কৰিছিল যে ৰাণা ২০০৮ চনৰ ২৬ নৱেম্বৰত পাকিস্তানৰ পৰা  অহা ১০ জন লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা  মুম্বাই আক্ৰমণৰ পৰিকল্পনাত পোনপটীয়াকৈ জড়িত আছিল।

১৯৯৭ চনৰ দ্বিপাক্ষিক বন্দী প্ৰত্যাৰ্পণ চুক্তিৰ অধীনত ভাৰতে পুনৰ আবেদন  কৰাৰ পিছত মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত ২০২০ চনৰ জুন মাহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰক্ষীয়ে ৰাণাক পুনৰ গ্ৰেপ্তাৰ কৰিছিল। ৰাণাৰ জামিনৰ আবেদন কেলিফৰ্ণিয়াৰ আদালতত দাখিল কৰা হৈছিল, কিন্তু ডেৰ বছৰ পূৰ্বে সেয়া  নাকচ কৰা হৈছিল। ফলত ৰাণাৰ  প্ৰত্যাৰ্পণৰ পথ তেতিয়াই প্ৰশস্ত হৈছিল। শেহতীয়াকৈ মাৰ্কিন আদলতে দিয়া নিৰ্দেশৰ পিছত ৰাণাক হয়তো শীঘ্ৰে ভাৰতলৈ আনিব পৰা যাব।












FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ