--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০০৮ চনৰ ২৬ নৱেম্বৰত পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন  লস্কৰ-ই-তৈবা (এল ই টি)ৰ সন্ত্ৰাসবাদীয়ে  মুম্বাইৰ কেইবাটাও স্থানত  আক্ৰমণ সংঘটিত কৰিছিল। সন্ত্ৰাসবাদী তাহাউৰ ৰাণা ধ্বংসাত্মক ষড়যন্ত্ৰত জড়িত আছিল বুলি ইতিমধ্যে প্ৰমাণ পোৱা গৈছে। পলাতক অৱস্থাত থকা তাহাউৰ ৰাণাক শীঘ্ৰে ভাৰতলৈ আনিব পৰা যাব। 

ৱাশ্বিংটনৰ এখন ফেডাৰেল আদালতে ২৬/১১ ৰ মুম্বাই আক্ৰমণৰ অন্যতম অভিযুক্ত পাকিস্তানী বংশোদ্ভুত কানাডিয়ান ব্যৱসায়ী তাহাউৰ ৰাণাক ভাৰতলৈ  প্ৰত্যাৰ্পণৰ নিৰ্দেশ দিছে। দুবছৰ আগতে ভাৰতে  ২০০৮ চনৰ সন্ত্ৰাসবাদী আক্ৰমণৰ অভিযুক্ত ৰাণাক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰিবলৈ আবেদন কৰিছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনৰ চৰকাৰেও ভাৰতৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাইছিল আৰু ৰাণাক আদালতলৈ প্ৰেৰণ কৰিছিল।নতুন দিল্লীয়ে প্ৰায় ডেৰ দশক আগতে ৱাশ্বিংটনক মুম্বাই আক্ৰমণৰ অভিযুক্ত ডেভিদ কোলমেন হেডলীৰ দীৰ্ঘদিনীয়া বন্ধু ৰাণাক ভাৰতলৈ ওভতাই আনিবলৈ  আবেদন জনাইছিল। 

কিন্তু ভাৰতৰ সেই আবেদন  কাৰ্যকৰী নহ'ল। তাৰ পৰিৱৰ্তে তেওঁক  মুকলি কৰি দিয়াহে  হৈছিল। ভাৰতে অভিযোগ কৰিছিল যে ৰাণা ২০০৮ চনৰ ২৬ নৱেম্বৰত পাকিস্তানৰ পৰা  অহা ১০ জন লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা  মুম্বাই আক্ৰমণৰ পৰিকল্পনাত পোনপটীয়াকৈ জড়িত আছিল।

১৯৯৭ চনৰ দ্বিপাক্ষিক বন্দী প্ৰত্যাৰ্পণ চুক্তিৰ অধীনত ভাৰতে পুনৰ আবেদন  কৰাৰ পিছত মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত ২০২০ চনৰ জুন মাহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰক্ষীয়ে ৰাণাক পুনৰ গ্ৰেপ্তাৰ কৰিছিল। ৰাণাৰ জামিনৰ আবেদন কেলিফৰ্ণিয়াৰ আদালতত দাখিল কৰা হৈছিল, কিন্তু ডেৰ বছৰ পূৰ্বে সেয়া  নাকচ কৰা হৈছিল। ফলত ৰাণাৰ  প্ৰত্যাৰ্পণৰ পথ তেতিয়াই প্ৰশস্ত হৈছিল। শেহতীয়াকৈ মাৰ্কিন আদলতে দিয়া নিৰ্দেশৰ পিছত ৰাণাক হয়তো শীঘ্ৰে ভাৰতলৈ আনিব পৰা যাব।












FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ