--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএতিয়াৰ পৰা ‘দ্য কেৰালা ষ্ট’ৰী’ পশ্চিমবংগো প্ৰদৰ্শিত হ’ব। উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিলে পশ্চিম বংগ চৰকাৰৰ নিষেধাজ্ঞা। শীৰ্ষ আদালতত আঘাত হানিলে পশ্চিম বংগ চৰকাৰৰ এই আদেশক।

উল্লেখযোগ্য যে শেহতীয়াকৈ 'দ্য কেৰালা ষ্ট’ৰী’ বংগৰ কোনো চিনেমা হলত প্ৰদৰ্শিত নহ’ব বুলি নিষেধাজ্ঞা জাৰি কৰা হয়। মুখ্যমন্ত্ৰী মমতাই কয় যে এই ছবিখনক লৈ কোনো ধৰণৰ অশান্তি হ’ব নালাগে। এই নিষেধাজ্ঞা ৮ মে’ত জাৰি কৰা হৈছিল। ইয়াৰ পিছতে মমতাৰ সিদ্ধান্তক লৈ বহু আলোচনা আৰম্ভ হ’ল। ছবিখনৰ নিৰ্মাতাসকলে ছবিখনক নিষিদ্ধ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।

এই গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে পৰ্যবেক্ষণ কৰিলে যে দেশৰ সকলো ৰাজ্যতে ‘দ্য কেৰালা ষ্ট’ৰী’ প্ৰদৰ্শন কৰা হৈছে।ভাৰতৰ আন ক’তো অশান্তিৰ খবৰ নাছিল। তিনিদিন ধৰি চলি থকা ছবিখন বংগত কোনো ধৰণৰ অশান্তিৰ নজিৰ নাই। যাৰ বাবে ৰাজ্য চৰকাৰৰ নিষেধাজ্ঞা অনিদিষ্টকাললৈ স্থগিত ৰখা হৈছে।

উচ্চতম ন্যায়ালয়ত ছবিখন নিষিদ্ধ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰতিনিধিসকলে উচ্চতম ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰে। উচ্চতম ন্যায়ালয়ে লক্ষ্য কৰিলে, এই ছবিখন নিষিদ্ধ কৰাৰ সিদ্ধান্তৰ কোনো ন্যায্যতা নাই। মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে বংগত ছবিখনক কেন্দ্ৰ কৰি অশান্তিৰ সৃষ্টি হ’লে ছবিখন নিষিদ্ধ কৰিব পৰা গ’লহেঁতেন। কিন্তু আদালতে কোনো ধৰণৰ অশান্তি নোহোৱাকৈ সমগ্ৰ ৰাজ্যতে ছবিখন নিষিদ্ধ কৰাৰ কোনো ন্যায্যতা নাপালে।আদালতে পৰ্যবেক্ষণ কৰিলে যে চিনেমাখন নিষিদ্ধ কৰিলে নাগৰিকৰ মৌলিক অধিকাৰ খৰ্ব কৰা হ’ব। কেৱল ধাৰণাৰ ভিত্তিত মৌলিক অধিকাৰক এইদৰে কৰ্তন কৰিব নোৱাৰি।

এই ছবিখনৰ বাবেই মহাৰাষ্ট্ৰত অশান্তিৰ সৃষ্টি হৈছে বুলি উল্লেখ কৰি ‘দ্য কেৰালা ষ্ট’ৰী’ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত শপতনামা দিছিল ৰাজ্য চৰকাৰে। কিন্তু ছবিখনৰ প্ৰযোজকৰ অধিবক্তাই প্ৰতিহত কৰি কয় যে মহাৰাষ্ট্ৰত অশান্তিৰ মাজতো ছবিখন তাত নিষিদ্ধ কৰা হোৱা নাছিল।


উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশৰ পিছত আপাততঃ পশ্চিম বংগত ‘কেৰালা কাহিনী’ দেখুৱাবলৈ কোনো বাধা নাই। যিসকলে ছবিখন চাব বিচাৰে, তেওঁলোকে চিনেমা হললৈ গৈ ছবিখন চাব পাৰে। এই গোচৰৰ পৰৱৰ্তী শুনানি ১৮ জুলাইত উচ্চতম ন্যায়ালয়ত হ’ব।

‘দ্য কেৰালা ষ্ট’ৰী’ক লৈ উচ্চতম ন্যায়ালয়ৰ নিলম্বনৰ পিছত শাসকীয় দলৰ মুখপাত্ৰ তৃণমূল কুনাল ঘোষে কয় যে, উচ্চতম ন্যায়ালয়ে যদি স্থগিতাদেশ দিয়ে তেন্তে ৰাজ্যৰ আৰু কোনো দায়িত্ব নাই। অশান্তিৰ পৰা হাত সাৰিবলৈ ৰাজ্যখনে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। উচ্চতম ন্যায়ালয়ে স্থগিত ৰখাৰ নিৰ্দেশ দিয়াৰ পিছত এইবাৰ যদি ক’ৰবাত কিবা হয় তেন্তে সেয়া এতিয়া ৰাজ্যৰ দায়িত্ব নহয়।

এই সন্দৰ্ভত ৰাজ্যৰ মন্ত্ৰী শশী পাঞ্জাই কয় যে, উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশৰ পিছত এইবাৰ কি পদক্ষেপ লোৱা হ’ব সেয়া মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত ল’ব। যিকোনো মুখ্যমন্ত্ৰীয়ে নিজৰ ৰাজ্যৰ কল্যাণৰ কথা মনত ৰাখি সিদ্ধান্ত লোৱাৰ ক্ষমতা আছে।''

পৰিচালক সুদীপ্ত সেনৰ ‘দ্য কেৰালা ষ্ট’ৰী’ যোৱা ৫ মে’ত মুক্তি পাইছিল। মুক্তিৰ পূৰ্বেও এই ছবিখনক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। অভিযোগ কৰা হৈছে যে ছবিখনৰ বিষয়বস্তুৱে সাম্প্ৰদায়িকতাক উচটনি দিয়ে। কেৰালা, তামিলনাডুকে ধৰি কেইবাখনো ৰাজ্যত ছবিখনক লৈ বিক্ষিপ্ত অশান্তিৰ সৃষ্টি হৈছে। বিৰোধীয়ে ছবিখন নিষিদ্ধ কৰিবলৈ দাবী জনাইছে। আনহাতে, ‘দ্য কেৰালা ষ্ট’ৰী’ক বহল দৰ্শকৰ মাজলৈ লৈ যোৱাৰ বাবে বিজেপি শাসিত মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যত কৰ ৰেহাই দিয়া হৈছে।













FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ