--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটকত কংগ্ৰেছৰ বিশাল বিজয়কলৈ এতিয়া উৎফুল্লিত দলটোৰ নেতা-কৰ্মীসকল। এনে সময়তে এজন মুছলমান বিধায়কে দেশৰ সৰ্ববৃহৎ হনুমান মন্দিৰ নিৰ্মাণ কৰিব বুলি ঘোষণা কৰিছে। কৰ্ণাটকত কংগ্ৰেছৰ বিপুল বিজয়ৰ পিছত ইৰফান আনছাৰী নামৰ বিধায়কগৰাকীয়ে  এই সিদ্ধান্ত লৈছে। কৰ্ণাটকত তেওঁৰ বিজয়ৰ পিছতে ভগৱান হনুমানৰ প্ৰতি তেওঁৰ ভক্তি বৃদ্ধি পাইছে।

 কংগ্ৰেছৰ বিধায়কগৰাকীয়ে  কৈছে  যে তেওঁ জামতাৰাত দেশৰ সৰ্ববৃহৎ হনুমান মন্দিৰটো নিৰ্মাণ কৰিব। আনছাৰীৰ মতে  মন্দিৰ নিৰ্মাণৰ বাবে প্ৰয়োজন হ'লে তেওঁ নিজৰ বৃক্ক বিক্ৰী কৰিবলৈও প্ৰস্তুত। মুছলমান হোৱা স্বত্বেও তেওঁ কিয় হনুমান মন্দিৰ নিৰ্মাণ কৰিব বিচাৰিছে বুলি সাংবাদিকো সোধাত আনছাৰীয়ে কয়  "মই সদায় ভগৱান হনুমানৰ ভক্ত হৈ আহিছো। কৰ্ণাটকত ইমান ডাঙৰ সফলতাৰ পিছত, মোৰ বিশ্বাস আৰু বৃদ্ধি পাইছে। সেইকাৰণে মই এটা মন্দিৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছো। দেশৰ ভিতৰতে  এয়া  আটাইতকৈ ডাঙৰ হনুমান মন্দিৰ হ'ব।’’ 

উল্লেখ্য নিৰ্বাচনৰ পূৰ্বে  কংগ্ৰেছে কৈছিল যে হনুমানৰ ভক্ত বুলি জনাজাত বজৰং দলক নিষিদ্ধ কৰা হ'ব।অৱশ্যে ইৰফান আনছাৰীয়ে দলৰ সফলতা উদযাপন কৰিলেও কংগ্ৰেছত তেওঁৰ কোনো স্থান নাই। তিনিজন বিধায়কৰ বিৰুদ্ধে ২০২২ চনত ঝাৰখণ্ডত জেএমএমৰ মিত্ৰজোঁটৰ চৰকাৰক উৎখাত কৰিবলৈ বিজেপিৰ পৰা ধন লোৱাৰ অভিযোগ উঠিছিল। ইৰফানৰ নামো কংগ্ৰেছৰ সেইসকল বিধায়কৰ তালিকাত আছিল। তিনিজন বিধায়কৰ পৰা মুঠ ৪৯ লাখ টকা জব্দ কৰা হৈছিল। অভিযোগ পোহৰলৈ অহাৰ লগে লগে  কংগ্ৰেছৰ তিনিজন বিধায়কক বিতাড়িত কৰা হৈছিল।

অৱশ্যে, ইৰফান দলটোৰ সৈতে পোনপটীয়াকৈ জড়িত নহ’লেও  দলটোৰ সফলতাক লৈ উৎসাহিত। কৰ্ণাটক নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ লগে লগে তেওঁ স্থানীয় হনুমান মন্দিৰলৈ প্ৰাৰ্থনা কৰিবলৈ গৈছিল। এতিয়া ইৰফান আনছাৰীয়ে তেওঁৰ বৃক্ক বিক্ৰী হ’লেও বনোৱাৰ হনুমান মন্দিৰ সজাৰ সপোন দেখিছে।














FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ