--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটকত কংগ্ৰেছৰ বিশাল বিজয়কলৈ এতিয়া উৎফুল্লিত দলটোৰ নেতা-কৰ্মীসকল। এনে সময়তে এজন মুছলমান বিধায়কে দেশৰ সৰ্ববৃহৎ হনুমান মন্দিৰ নিৰ্মাণ কৰিব বুলি ঘোষণা কৰিছে। কৰ্ণাটকত কংগ্ৰেছৰ বিপুল বিজয়ৰ পিছত ইৰফান আনছাৰী নামৰ বিধায়কগৰাকীয়ে  এই সিদ্ধান্ত লৈছে। কৰ্ণাটকত তেওঁৰ বিজয়ৰ পিছতে ভগৱান হনুমানৰ প্ৰতি তেওঁৰ ভক্তি বৃদ্ধি পাইছে।

 কংগ্ৰেছৰ বিধায়কগৰাকীয়ে  কৈছে  যে তেওঁ জামতাৰাত দেশৰ সৰ্ববৃহৎ হনুমান মন্দিৰটো নিৰ্মাণ কৰিব। আনছাৰীৰ মতে  মন্দিৰ নিৰ্মাণৰ বাবে প্ৰয়োজন হ'লে তেওঁ নিজৰ বৃক্ক বিক্ৰী কৰিবলৈও প্ৰস্তুত। মুছলমান হোৱা স্বত্বেও তেওঁ কিয় হনুমান মন্দিৰ নিৰ্মাণ কৰিব বিচাৰিছে বুলি সাংবাদিকো সোধাত আনছাৰীয়ে কয়  "মই সদায় ভগৱান হনুমানৰ ভক্ত হৈ আহিছো। কৰ্ণাটকত ইমান ডাঙৰ সফলতাৰ পিছত, মোৰ বিশ্বাস আৰু বৃদ্ধি পাইছে। সেইকাৰণে মই এটা মন্দিৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছো। দেশৰ ভিতৰতে  এয়া  আটাইতকৈ ডাঙৰ হনুমান মন্দিৰ হ'ব।’’ 

উল্লেখ্য নিৰ্বাচনৰ পূৰ্বে  কংগ্ৰেছে কৈছিল যে হনুমানৰ ভক্ত বুলি জনাজাত বজৰং দলক নিষিদ্ধ কৰা হ'ব।অৱশ্যে ইৰফান আনছাৰীয়ে দলৰ সফলতা উদযাপন কৰিলেও কংগ্ৰেছত তেওঁৰ কোনো স্থান নাই। তিনিজন বিধায়কৰ বিৰুদ্ধে ২০২২ চনত ঝাৰখণ্ডত জেএমএমৰ মিত্ৰজোঁটৰ চৰকাৰক উৎখাত কৰিবলৈ বিজেপিৰ পৰা ধন লোৱাৰ অভিযোগ উঠিছিল। ইৰফানৰ নামো কংগ্ৰেছৰ সেইসকল বিধায়কৰ তালিকাত আছিল। তিনিজন বিধায়কৰ পৰা মুঠ ৪৯ লাখ টকা জব্দ কৰা হৈছিল। অভিযোগ পোহৰলৈ অহাৰ লগে লগে  কংগ্ৰেছৰ তিনিজন বিধায়কক বিতাড়িত কৰা হৈছিল।

অৱশ্যে, ইৰফান দলটোৰ সৈতে পোনপটীয়াকৈ জড়িত নহ’লেও  দলটোৰ সফলতাক লৈ উৎসাহিত। কৰ্ণাটক নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ লগে লগে তেওঁ স্থানীয় হনুমান মন্দিৰলৈ প্ৰাৰ্থনা কৰিবলৈ গৈছিল। এতিয়া ইৰফান আনছাৰীয়ে তেওঁৰ বৃক্ক বিক্ৰী হ’লেও বনোৱাৰ হনুমান মন্দিৰ সজাৰ সপোন দেখিছে।













FOLLOW US F
POPULAR
FEATURE
TRENDY
NCERT-ৰ কিতাপত অপাৰেচন সিন্দুৰৰ বিশেষ পাঠ!
এতিয়াৰ পৰা UPI এপৰ জৰিয়তে চাব নোৱাৰিব একাউণ্টৰ জমা ধন
দিলীপ শইকীয়াসহ দেশৰ ১৭ বিশিষ্ট সাংসদক 'সংসদ ৰত্ন' বঁটা
বিশ্বৰ জনপ্ৰিয় গণতান্ত্রিক নেতাৰ শীৰ্ষ স্থানত নৰেন্দ্ৰ মোদী
চেণ্টকমৰ মুৰব্বীক সৰ্বোচ্চ ৰাজ্যিক সন্মান প্ৰদান পাকিস্তানৰ
১৪ ছেপ্টেম্বৰত ভাৰত-পাকিস্তানৰ মেচ
আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ; মহা মৃত্যুঞ্জয় মন্দিৰত পুৱাৰে পৰা অগণন ভক্তৰ ভিৰ
মায়াৰ চৰ শাইলধাৰাত ব্ৰহ্মপুত্ৰৰ প্ৰচণ্ড খহনীয়া! নিদ্ৰাৰত অৱস্থাত জনপ্রতিনিধি
ভিটামিন Aৰ অভাৱত শৰীৰৰ হয় নানা সমস্যা! আপুনি জানেনে সতৰ্কবাণীসমূহ
ভাৰতীয় দলত অন্তৰ্ভুক্ত পেচাৰ অনছুল
পাকিস্তানে পুনৰ নিৰ্মাণ কৰিছে সন্ত্রাসবাদীৰ ঘাটি
লং জাম্প, ৭.৭৫ মিটাৰ জঁপিয়াই শ্ৰেষ্ঠ ভাৰতৰ মুৰলী শ্ৰীশংকৰ
অন্তর্ধান হৈছে কৈলাস পৰ্বতৰ চিৰদৃশ্যমান বৰফৰ ঢাকনি
শীঘ্ৰে প্রস্তুত হৈ উঠিব কেঞ্চাৰৰ ভেকচিন