--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশেষ অধিৱেশনৰ পূৰ্বে দেওবাৰে আবেলি নতুন দিল্লীৰ সংসদ  ভৱনত এক সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়। বৈঠকত  বিৰোধী দলবোৰে মহিলা সংৰক্ষণ বিধেয়ক উত্থাপন কৰাৰ বিষয়টোত জোৰ দিয়ে। টিএমচিৰ সাংসদ  ডেৰেক অ'ব্ৰায়েনে বিষয়টো উত্থাপন কৰে। অৱশ্যে সকলো বিৰোধী দলেই বিশেষ অধিৱেশনৰ সময়ত মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰাৰ সপক্ষে আছে  ।

এনে সময়তে  স্বাভাৱিকতে, প্ৰশ্ন উত্থাপন  হয়, মহিলা সংৰক্ষণ বিধেয়ক ইমান গুৰুত্বপূৰ্ণ কিয়?যোৱা ২৭  বছৰ ধৰি  মহিলা সংৰক্ষণ বিধেয়কখনকলৈ  সংসদৰ দুয়োখন সদনতে আলোচনা হৈ আহিছে। অৱশ্যে বিগত ২৭ টা বছৰে বিধেয়ক খন গৃহীত কৰিব পৰা হোৱা নাছিল৷ ১৯৯৬  চনত এইচ.ডি. দেৱগৌড়াৰ নেতৃত্বত ইউনাইটেড ফ্ৰণ্ট চৰকাৰে মহিলা সংৰক্ষণ বিধেয়ক কাৰ্যকৰী কৰাৰ কথা কৈছিল। মহিলা সাংসদ আৰু বিধায়িকাসকলৰ বাবে ৩৩ শতাংশ সংৰক্ষণৰ দাবী উঠিছিল।

 যদিও এই বিধেয়কখন খন গৃহীত হোৱাৰ পূৰ্বে  দেৱগৌড়াৰ চৰকাৰ  ভংগ হৈছিল। পিছত অটল বিহাৰী বাজপেয়ী চৰকাৰৰ সময়ত বিষয়টো পুনৰ উত্থাপন কৰা হৈছিল৷  কিন্তু সেইবাৰো  বিধেয়কখন গৃহীত কৰিব পৰা নগ'ল। মনমোহন সিং চৰকাৰে প্ৰথমবাৰৰ বাবে ২০১০ চনত ৰাজ্যসভাত মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰিছিল। অৱশ্যে লোকসভাত সংখ্যাগৰিষ্ঠতাৰ অভাৱৰ বাবে বিধেয়কখন স্থগিত হৈ পৰে।যদিও দেশত মহিলা ভোটাৰৰ সংখ্যা উল্লেখযোগ্য হাৰত বৃদ্ধি পাইছে, মহিলাশক্তিৰ  চৰকাৰ সলনি কৰাৰ ক্ষমতা আছে , তথাপি লোকসভাৰ দুয়োখন সদনতে মহিলাৰ প্ৰতিনিধিত্ব তেনেই কম। 

২০১৯ চনৰ   লোকসভা নিৰ্বাচনত, সংসদত মাত্ৰ ৭৮  গৰাকী মহিলা সাংসদ আছিল। ৰাজ্যসভাৰ ২৫০গৰাকী   সাংসদৰ ভিতৰত মাত্ৰ ৩২  গৰাকী মহিলা সাংসদ আছিল , সেয়া আছিল  মুঠ সাংসদৰ ১১ শতাংশ। একেদৰে মোদী মন্ত্ৰীসভাত আছে মাত্ৰ  ৫ শতাংশ মহিলা।

অৱশ্যে, নিৰ্বাচন আয়োগৰ ২০১৯  চনৰ তথ্য অনুসৰি ভাৰতৰ মুঠ ৯১ কোটি ভোটাৰৰ ভিতৰত প্ৰায় ৪৪ কোটি মহিলা ভোটাৰ আছে। ২০১৯ ৰ লোকসভা নিৰ্বাচনত,৬৭.০২ শতাংশ পুৰুষ আৰু ৬৭.১৮  শতাংশ মহিলাই ভোটদান কৰিছিল। তামিলনাডু, অৰুণাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু গোৱাকে ধৰি ১২ খন ৰাজ্যত মহিলা ভোটাৰে অধিক ভোটদান কৰিছিল। বিহাৰ, উৰিষ্যা আৰু কৰ্ণাটকত পুৰুষ-মহিলা উভয়ৰে  ভোট প্ৰায় সমান আছিল। এই ১২ খন ৰাজ্যত প্ৰায় ২০০ খন লোকসভা আসন আছে। এই পৰিসংখ্যাবোৰেই দেখুৱায় যে সংসদত মহিলা সংৰক্ষণ বিধেয়ক কিমান গুৰুত্বপূৰ্ণ।







FOLLOW US F
POPULAR
FEATURE
TRENDY
২০ বছৰে ক’মাত থকাৰ পাছত অৱশেষত মৃত্যুক সাবটিলে 'স্লিপিং প্ৰিন্স' নামেৰে জনাজাত যুৱকজনে
ৰাষ্ট্ৰসংঘৰ মজিয়াত সন্ত্রাসবাদীক মুকলি সমর্থন পাকিস্তানৰ
ধনৰ অবৈধ সৰবৰাহ! ছট্টিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী বাঘেলৰ পুত্ৰক গ্ৰেপ্তাৰ
কাইলৈ শাওণ মাহৰ প্ৰথমটো সোমবাৰ; ব্ৰত ৰখাৰ নিয়ম জানি লওক, নহ'লে পূজা হʼব আধৰুৱা
অলিম্পিকত নাথাকিব ভাৰত-পাকিস্তানৰ মেচ
এছিয়া কাপ ক্রিকেট প্রতিযোগিতাক লৈ অনিশ্চয়তাৰ সৃষ্টি
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে
ধোঁৱাচাঙত ৰাজ্যৰ জলসিঞ্চন বিভাগ ; কামপুৰত বতৰৰ ওপৰত নিৰ্ভৰশীল কৃষকে ৰুব পৰা নাই ভূঁই
পাকিস্তানক সহায়ৰ বাবে আগবাঢ়িছে ভাৰতৰ বন্ধু ৰাষ্ট্ৰ! ঐতিহাসিক চুক্তিত স্বাক্ষৰ...
অখিল গগৈৰ বিৰুদ্ধে মহিলা আয়োগত অভিযোগ দাখিল লাকী গগৈ নামৰ এগৰাকী মহিলাৰ
ঋষভ পন্তে ভংগ কৰিলে এম এছ ধোনীৰ অভিলেখ
৮৭ কোটি টকাত বিক্ৰী হ’ল এটা হেণ্ডবেগ! জানো আহক এই বেগৰ ৰহস্য
কোটিৰ ঘৰৰ পৰা কোটিৰ বাহনলৈ! জানক অনন্ত আম্বানীৰ বিলাসীতাৰ কথা
শুভাংশু শুক্লাৰ ওভতনি যাত্ৰা ; আজি পৃথিৱীত পদার্পণ কৰিব শুভাংশু শুক্লাই