--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশেষ অধিৱেশনৰ পূৰ্বে দেওবাৰে আবেলি নতুন দিল্লীৰ সংসদ  ভৱনত এক সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়। বৈঠকত  বিৰোধী দলবোৰে মহিলা সংৰক্ষণ বিধেয়ক উত্থাপন কৰাৰ বিষয়টোত জোৰ দিয়ে। টিএমচিৰ সাংসদ  ডেৰেক অ'ব্ৰায়েনে বিষয়টো উত্থাপন কৰে। অৱশ্যে সকলো বিৰোধী দলেই বিশেষ অধিৱেশনৰ সময়ত মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰাৰ সপক্ষে আছে  ।

এনে সময়তে  স্বাভাৱিকতে, প্ৰশ্ন উত্থাপন  হয়, মহিলা সংৰক্ষণ বিধেয়ক ইমান গুৰুত্বপূৰ্ণ কিয়?যোৱা ২৭  বছৰ ধৰি  মহিলা সংৰক্ষণ বিধেয়কখনকলৈ  সংসদৰ দুয়োখন সদনতে আলোচনা হৈ আহিছে। অৱশ্যে বিগত ২৭ টা বছৰে বিধেয়ক খন গৃহীত কৰিব পৰা হোৱা নাছিল৷ ১৯৯৬  চনত এইচ.ডি. দেৱগৌড়াৰ নেতৃত্বত ইউনাইটেড ফ্ৰণ্ট চৰকাৰে মহিলা সংৰক্ষণ বিধেয়ক কাৰ্যকৰী কৰাৰ কথা কৈছিল। মহিলা সাংসদ আৰু বিধায়িকাসকলৰ বাবে ৩৩ শতাংশ সংৰক্ষণৰ দাবী উঠিছিল।

 যদিও এই বিধেয়কখন খন গৃহীত হোৱাৰ পূৰ্বে  দেৱগৌড়াৰ চৰকাৰ  ভংগ হৈছিল। পিছত অটল বিহাৰী বাজপেয়ী চৰকাৰৰ সময়ত বিষয়টো পুনৰ উত্থাপন কৰা হৈছিল৷  কিন্তু সেইবাৰো  বিধেয়কখন গৃহীত কৰিব পৰা নগ'ল। মনমোহন সিং চৰকাৰে প্ৰথমবাৰৰ বাবে ২০১০ চনত ৰাজ্যসভাত মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰিছিল। অৱশ্যে লোকসভাত সংখ্যাগৰিষ্ঠতাৰ অভাৱৰ বাবে বিধেয়কখন স্থগিত হৈ পৰে।যদিও দেশত মহিলা ভোটাৰৰ সংখ্যা উল্লেখযোগ্য হাৰত বৃদ্ধি পাইছে, মহিলাশক্তিৰ  চৰকাৰ সলনি কৰাৰ ক্ষমতা আছে , তথাপি লোকসভাৰ দুয়োখন সদনতে মহিলাৰ প্ৰতিনিধিত্ব তেনেই কম। 

২০১৯ চনৰ   লোকসভা নিৰ্বাচনত, সংসদত মাত্ৰ ৭৮  গৰাকী মহিলা সাংসদ আছিল। ৰাজ্যসভাৰ ২৫০গৰাকী   সাংসদৰ ভিতৰত মাত্ৰ ৩২  গৰাকী মহিলা সাংসদ আছিল , সেয়া আছিল  মুঠ সাংসদৰ ১১ শতাংশ। একেদৰে মোদী মন্ত্ৰীসভাত আছে মাত্ৰ  ৫ শতাংশ মহিলা।

অৱশ্যে, নিৰ্বাচন আয়োগৰ ২০১৯  চনৰ তথ্য অনুসৰি ভাৰতৰ মুঠ ৯১ কোটি ভোটাৰৰ ভিতৰত প্ৰায় ৪৪ কোটি মহিলা ভোটাৰ আছে। ২০১৯ ৰ লোকসভা নিৰ্বাচনত,৬৭.০২ শতাংশ পুৰুষ আৰু ৬৭.১৮  শতাংশ মহিলাই ভোটদান কৰিছিল। তামিলনাডু, অৰুণাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু গোৱাকে ধৰি ১২ খন ৰাজ্যত মহিলা ভোটাৰে অধিক ভোটদান কৰিছিল। বিহাৰ, উৰিষ্যা আৰু কৰ্ণাটকত পুৰুষ-মহিলা উভয়ৰে  ভোট প্ৰায় সমান আছিল। এই ১২ খন ৰাজ্যত প্ৰায় ২০০ খন লোকসভা আসন আছে। এই পৰিসংখ্যাবোৰেই দেখুৱায় যে সংসদত মহিলা সংৰক্ষণ বিধেয়ক কিমান গুৰুত্বপূৰ্ণ।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ পর্যটনক নতুন গতি প্ৰদানৰ লক্ষ্য; গুৱাহাটীলৈ আহিব ‘গানছ এন ৰ’জেছ’
পৃথিৱীক চুই যাব সৌৰ ধুমুহাই
‘দৈনিক জনমভূমি’ৰ জ্যেষ্ঠ সাংবাদিক কিশোৰ গোস্বামীলৈ ‘দেৱকুমাৰ বৰা সোঁৱৰণি মিডিয়া ফেল’শ্বিপ’
শাৰীৰিক প্ৰত্যাহ্বানক নেওচি ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল মৰাণৰ অমৰ চাওৰা; পাঞ্জা খেলত দুটাকৈ সোণৰ পদক অৰ্জন
অসম মীন উন্নয়ন নিগম কেলেংকাৰী: চিআইডিৰ জালত দুজনকৈ উচ্চপদস্থ বিষয়া
গুৱাহাটী বিমানবন্দৰৰ নতুন সংহত টাৰ্মিনেলৰ বাণিজ্যিক সেৱা আৰম্ভ, উত্তৰ-পূবৰ যোগাযোগত নতুন দিগন্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement