--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তামিলনাডুৰ মন্ত্ৰী উদয়ানিধি ষ্টালিনে পুনৰ দৃঢ়তাৰে কৈছে যে সনাতন ধৰ্ম নিৰ্মূল কৰিবই লাগিব।তামিলনাডুৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী উদয়ানিধি ষ্টালিনে  পুনৰ সনাতন ধৰ্ম সম্পৰ্কে  বিবৃতি দিছে। ষ্টালিনে তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবিৰ বক্তব্যৰ আঁত ধৰি সনাতন ধৰ্মৰ বিষয়ে নতুনকৈ মন্তব্য কৰে৷ ৰাজ্যপালে এক অনুষ্ঠানত কৈছিল যে ৰাজ্যখনত যথেষ্ট জাতি ভিত্তিক  বৈষম্য আছে। তেওঁ লগতে কৈছিল যে সনাতন ধৰ্ম নিৰ্মূল কৰাৰ  কোনো প্ৰয়োজন নাই , কাৰণ তামিলনাডুত জন্মৰ ভিত্তিত সকলোৱেই সমান।

ৰাজ্যপালৰ মন্তব্যৰ  প্ৰত্যুত্তৰত ষ্টালিনে কয়, "জাতিগত বৈষম্যৰ দূৰ কৰাৰ বাবেই তেওঁ সনাতন ধৰ্ম বিলুপ্ত কৰাৰ কথা কৈ আহিছে। সনাতন ধৰ্ম বিলুপ্ত কৰিবই  লাগিব বুলি পুনৰবাৰ দোহাৰি ষ্টালিনে কয় "আমি জাতিৰ ভিত্তিত বৈষম্যৰ সমাপ্তিৰ কথাও কৈ আহিছো, ৰাজ্যপালেও একেটা কথাকে  কৈছে। আমি বিশ্বাস কৰোঁ যে জন্মৰ ভিত্তিত জাতিগত বৈষম্য বিলুপ্ত কৰা উচিত। য'তেই জাতিৰ ভিত্তিত বৈষম্যমূলক আচৰণ হয়, তাতেই মই সেই বৈষম্যৰ অৱসান ঘটাব বিচাৰিম।"

তামিলনাডুৰ ৰাজ্যপালে দেওবাৰে কৈছিল যে সমাজত সামাজিক বৈষম্য বিদ্যমান, যি কথা গ্ৰহণযোগ্য নহয়। তেওঁ কৈছিল "আমাৰ অস্পৃশ্যতা, সামাজিক বৈষম্য আছে। সমাজৰ এটা ডাঙৰ অংশক সমানভাৱে ব্যৱহাৰ কৰা নহয়। এয়া  বেদনাদায়ক। হিন্দু ধৰ্মই তেনে কৰিবলৈ নকয়। হিন্দু ধৰ্মই সমতাৰ কথা কয়," ।

ৰাজ্যপালে লগতে কৈছিল"মই প্ৰতিদিনে বাতৰি কাকতত পঢ়ো, মই প্ৰতিবেদন পাওঁ, মই শুনিছো যে অনুসূচীত জাতিৰ আমাৰ ভাই-ভনীসকলক মন্দিৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হোৱা নাই। এয়া  বৰ আচৰিত কথা । ভাৰতৰ কোনো ঠাইতে কোনো জাতিগত বাধা থাকিব নালাগে।"





 ৰাজ্যপালৰ এই মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰি ডিএমকেৰ মুখপাত্ৰ চাৰাভানান আন্নাদুৰাই কয়, "ৰাজ্যপালে আমাৰ দ্ৰাবিড় আৰ্হি পছন্দ নকৰে। সেয়েহে তেওঁ মিছা কথা  প্ৰচাৰ কৰি আহিছে।"

ডিএমকেৰ মুখপাত্ৰ সৰ্বণ আন্নাদুৰাই কয়, "দ্ৰাবিড় আৰ্হি  শাসনৰ এক সফল আৰ্হি বুলি ৰাজ্যপালে হজম কৰিব পৰা নাই। তেওঁ দ্ৰাবিড় আদৰ্শৰ বিৰোধী। তেওঁ সনাতন আদৰ্শৰ প্ৰচাৰক, তেওঁ য'লৈকে যায়,  সনাতন ধৰ্মৰ গুণ-গান  কৰে, কিন্তু সনাতন ধৰ্ম জাতি ব্যৱস্থাৰ বাবে দায়বদ্ধ।" উল্লেখ্য উদয়নিধিয়ে অলপতেএখন ধৰ্মীয় সন্মিলনত অংশগ্ৰহণ কৰি কৈছিল, "কিছুমান বস্তুৰ প্ৰতিবাদ কৰিব নোৱাৰি। সেইবোৰ বিলুপ্ত কৰিব লাগিব। আমি ডেংগু, মহ, মেলেৰিয়া বা কৰোনাৰ বিৰোধী নহয়। আমি ইয়াক আঁতৰ কৰিব লাগিব। একেদৰে, আমি সনাতন ধৰ্ম বাতিল কৰিব লাগিব। 'সনাতন' শব্দটো সংস্কৃতৰ পৰা আহিছে। এয়া সামাজিক ন্যায় আৰু সমতাৰ বিৰুদ্ধে। "

তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ পুত্ৰই কৰা মন্তব্যই  বিতৰ্কৰ সৃষ্টি কৰিছে । বিজেপিৰ আইটি চেলৰ মুৰব্বী অমিত মালৱীয়ই দাবী কৰিছে যে উদয়নিধিয়ে যি কৈছিল সেয়া ৮০ শতাংশ লোকক হত্যা কৰাৰ প্ৰৰোচনাৰ বাহিৰে আন একো নহয়। দক্ষিণৰ ৰাজ্যসমূহৰ কেইবাজনো বিজেপি নেতাই একে ধৰণেই প্ৰতিক্ৰিয়া ব্যক্ত  কৰিছে । বিতৰ্কৰ সন্মুখীন হৈ উদয়নিধিয়ে দাবী কৰিছে যে তেওঁ কেতিয়াও  গণহত্যাৰ আহ্বান জনোৱা নাছিল।ইপিনে ষ্টালিনৰ সনাতন ধৰ্ম বিতৰ্কই দক্ষিণৰ ৰাজ্যসমূহত স্পষ্ট মেৰু বিভাজন ঘটাইছে৷ বিজেপিয়ে সনাতন ধৰ্মৰ নামলৈ হিন্দী বলয়ৰ ৰাজ্য কেইখনক প্ৰভাৱান্বিত কৰিব পাৰিছে যদিও দক্ষিণৰ ৰাজ্যসমূহে বিজেপিৰ এনে ফৰ্মূলা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে৷ ফলত দক্ষিণৰ ৰাজ্য সমূহত ক্ৰমে হ্ৰাস পাই আহিছে বিজেপিৰ জনপ্ৰিয়তা৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ