--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ সংসদীয় গণতন্ত্ৰত সোমবাৰৰ দিনটো এক গুৰুত্বপূৰ্ণ দিন আছিল। কাৰণ সোমবাৰৰ পৰাই আৰম্ভ হৈছিল নতুন সংসদ ভৱনৰ কাম-কাজ। নতুন সংসদ ভৱনত পাঁচদিনীয়া প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে সংসদৰ বিশেষ অধিৱেশন। শেষবাৰৰ  বাবে পুৰণি সংসদ ভৱনত  ভাষণ দিয়াৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বহুবাৰ আৱেগিক হৈ পৰা দেখা গ’ল। প্ৰধানমন্ত্ৰীয়ে কৈছিল যে আনকি  ৰে’লৱে প্লেটফৰ্মত  বাস কৰা জনো আজি সংসদত উপস্থিত থাকিব পাৰিছে।

  মোদীয়ে কয় -এয়াই আমাৰ গণতন্ত্ৰৰ শক্তি।  মোদীয়ে কয়, "আমাৰ বহু স্মৃতি এই সংসদ ভৱনৰ সৈতে জড়িত হৈ আছে । যেতিয়া মই এজন সাংসদ হিচাপে প্ৰথমবাৰৰ বাবে এই ভৱনলৈ আহিছিলো, মই সংসদ ভৱনৰ পদূলিত  মূৰ দোৱাই সেৱা জনাই আহিছিলো। মই শ্ৰদ্ধাৰে গণতন্ত্ৰৰ মন্দিৰত ভৰি দিছিলো। ভাৰতৰ গণতন্ত্ৰৰ শক্তি হ'ল এয়াই যে ৰে'লৱে প্লেটফৰ্মত বাস কৰা দৰিদ্ৰ লোকো সংসদত উপস্থিত হৈছে।’’ 

উল্লেখ্য সোমবাৰে সংসদত দিয়া ভাষণত মোদীয়ে পূৰ্বৰ কেইবাগৰাকীও প্ৰধানমন্ত্ৰীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰাৰ লগতে তেওঁলোকক প্ৰশংসা কৰিছিল।  ভাষণত মোদীয়ে জৱহৰলাল  নেহৰুৰ নাম বিশেষ ভাবে আছিল। মোদীয়ে তেওঁৰ ভাষণত প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু তেওঁৰ মন্ত্ৰীসভাৰ উচ্চ প্ৰশংসা কৰে। নেহৰুৰ উপৰি প্ৰধানমন্ত্ৰীয়ে লাল বাহাদুৰ শাস্ত্ৰী, ইন্দিৰা গান্ধী আৰু মনমোহন সিঙৰ অৱদানৰ কথাও শ্ৰদ্ধাৰে  স্মৰণ  কৰে। 

ভাষণৰ আৰম্ভণিতে মোদীয়ে জি-২০ সন্মিলনৰ সফলতাৰ কথা উল্লেখ কৰে। মোদীয়ে কয় "এয়া কোনো দলৰ সফলতা নহয়, ই দেশৰ সফলতা।’’ ঐতিহাসিক চন্দ্ৰযান-৩ অভিযানৰ বিষয়ে উল্লেখ কৰি মোদীয়ে ভাৰতীয় বিজ্ঞানীসকলৰ লগতে ইছৰোকো অভিনন্দন জ্ঞাপন কৰে। তাৰ পিছত তেওঁ পুৰণি সাংসদসকলক স্মৰণ কৰে। তেতিয়াই  মোদীৰ মুখত নেহৰুৰ প্ৰশংসা শুনা যায়। সাধাৰণতে মোদীয়ে নেহৰুক পূৰ্বে কেতিয়াও এনেদৰে প্ৰশংসা কৰা নাছিল। ইয়াৰ বিপৰীতে নেহৰুৰ বাবেই দেশ পিছুৱাই যোৱা বুলি বিজেপিৰেই বহুতে কৈ আহিছে। প্ৰধানমন্ত্ৰীয়ে পুৰণি সংসদ ভৱনৰ প্ৰায় আঠ দশকৰ যাত্ৰাৰ কথা স্মৰণ কৰে।তেওঁ কয় "নেহৰুজীৰ মাজনিশাৰ ভাষণে আমাক সদায় অনুপ্ৰাণিত কৰিব। এই সদনতে অটল বিহাৰী বাজপেয়ীয়ে কৈছিল যে চৰকাৰ আহিব আৰু যাব, কিন্তু এই দেশ থাকিব। "

মোদীয়ে নেহৰুৰ মন্ত্ৰীসভাকো প্ৰশংসা কৰিছিল। তেওঁ লগতে  দুখ প্ৰকাশ কৰে  যে পুৰণি  সংসদ ভৱনে  তেওঁলোকৰ কাৰ্যকালত তিনিজন প্ৰধানমন্ত্ৰীক হেৰুৱাইছিল। তেওঁলোক সকলোৱেই কংগ্ৰেছৰ আছিল। তেওঁ চৰকাৰৰ নেতৃত্ব দিছিল। তেওঁলোক আছিল ক্ৰমে জৱাহৰলাল নেহৰু, লাল বাহাদুৰ শাস্ত্ৰী আৰু ইন্দিৰা গান্ধী ।  মোদীয়ে কয় "এই দেশখন অগণন সাংসদৰ অৱদানৰ দ্বাৰা নিৰ্মাণ হৈছে। যিটো ভাৰতীয় গণতন্ত্ৰৰ গৌৰৱ’’।









FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ পর্যটনক নতুন গতি প্ৰদানৰ লক্ষ্য; গুৱাহাটীলৈ আহিব ‘গানছ এন ৰ’জেছ’
পৃথিৱীক চুই যাব সৌৰ ধুমুহাই
‘দৈনিক জনমভূমি’ৰ জ্যেষ্ঠ সাংবাদিক কিশোৰ গোস্বামীলৈ ‘দেৱকুমাৰ বৰা সোঁৱৰণি মিডিয়া ফেল’শ্বিপ’
শাৰীৰিক প্ৰত্যাহ্বানক নেওচি ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল মৰাণৰ অমৰ চাওৰা; পাঞ্জা খেলত দুটাকৈ সোণৰ পদক অৰ্জন
অসম মীন উন্নয়ন নিগম কেলেংকাৰী: চিআইডিৰ জালত দুজনকৈ উচ্চপদস্থ বিষয়া
গুৱাহাটী বিমানবন্দৰৰ নতুন সংহত টাৰ্মিনেলৰ বাণিজ্যিক সেৱা আৰম্ভ, উত্তৰ-পূবৰ যোগাযোগত নতুন দিগন্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement