--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সংসদৰ মজিয়াত উন্মোচিত হ’ল প্ৰধানমন্ত্ৰী মোদীৰ মিথ্যাচাৰ৷ কেন্দ্ৰীয় চৰকাৰৰ তথ্যতেই মিছা প্ৰমাণিত হ’ল প্ৰধানমন্ত্ৰী মোদীৰ বক্তব্য৷ 

বৃহস্পতিবাৰে ৰাজ্যসভাত কেন্দ্ৰীয় চৰকাৰে জনাইছে যে বিগত পাঁচ বছৰত দেশত কোনো নতুন আইআইটি বা আইআইএম খোলা হোৱা নাই। কংগ্ৰেছৰ সাংসদ কুমাৰ কেটকাৰৰ এক লিখিত প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় শিক্ষা ৰাজ্যমন্ত্ৰী সুভাষ সৰকাৰে আজি ৰাজ্যসভাত এই তথ্য প্ৰদান কৰে৷ 

মন্ত্ৰীজনে প্ৰদান কৰা তথ্যই আৰু প্ৰকাশ কৰিছে যে এই মুহূৰ্তত দেশত মুঠ ২৩খন আইআইটি আৰু ২০খন আইআইএম কাৰ্যক্ষম হৈ আছে। অৱশ্যে, শিক্ষা মন্ত্ৰণালয়ৰ তথ্যই প্ৰকাশ কৰিছে যে যোৱা পাঁচ বছৰত দেশত মুঠ ২৪২খন উচ্চ শিক্ষা প্ৰতিষ্ঠান (এইচইআই) স্থাপন কৰা হৈছে। 

যোৱা ৫ বছৰত ২৪২টা নতুন প্ৰতিষ্ঠানৰ তালিকাত অন্তৰ্ভুক্ত আছে ৯০খন ৰাজ্যিক বিশ্ববিদ্যালয়, ১৪০খন ৰাজ্যিক ব্যক্তিগত বিশ্ববিদ্যালয়, ৮খন কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু ৪খন বিশ্ববিদ্যালয়৷

লক্ষণীয়ভাৱে, শিক্ষা মন্ত্ৰণালয়ে ৰাজ্যসভাত বিৰোধী দলসমূহৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দি আহিছে। নতুন শিক্ষানুষ্ঠান স্থাপনসন্দৰ্ভত আপৰ সাংসদ সন্দীপ কুমাৰ পাঠকৰ এক প্ৰশ্নৰ উত্তৰত শিক্ষা মন্ত্ৰণালয়ে ২৬ জুলাইত ৰাজ্যসভাত জনাই যে ২০১৫-১৬ বৰ্ষৰ পৰা ২০২০-২১ চনলৈ সমগ্ৰ দেশত মুঠ ৩১৪খন নতুন বিশ্ববিদ্যালয় আৰু ৪,৭২৫খন মহাবিদ্যালয় স্থাপন কৰা হৈছে।

আইআইটি-আইআইএমৰ প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীক উভতি ধৰিছে কংগ্ৰছে৷ বিগত ৫ বছৰত কোনো নতুন আইআইটি বা আইআইএম নাই বুলি আজি ৰাজ্যসভাত শিক্ষা মন্ত্ৰণালয়ে জনোৱা তথ্যৰ পাছত কংগ্ৰেছে প্ৰধানমন্ত্ৰীক প্ৰত্যুত্তৰ দিছিল।

প্ৰধানমন্ত্ৰী মোদীক লৈ কংগ্ৰেছে নিজৰ টুইটাৰ হেণ্ডেলৰ জৰিয়তে কয় যে প্ৰধানমন্ত্ৰী মোডীয়ে আমেৰিকাত কয় যে প্ৰতিবছৰে ভাৰতত একোখনকৈ নতুন আইআইটি আৰু আইআইএম স্থাপন কৰা হৈছে, আনহাতে কেন্দ্ৰীয় চৰকাৰে আজি ৰাজ্যসভাত কয় যে যোৱা পাঁচ বছৰত কোনো নতুন আইআইটি বা আইআইএম স্থাপন কৰা হোৱা নাই। 

প্ৰধানমন্ত্ৰী মোদীয়ে ইমান মিছা কিয় কয় বুলিও কংগ্ৰেছে প্ৰশ্ন কৰে৷ কংগ্ৰেছ নেত্ৰী সুপ্ৰিয়া শ্ৰীনেটে কয়, ২০২৩ৰ ২৪ জুনত মোদীয়ে আমেৰিকাত কৈছিল, আজি ভাৰতত প্ৰতিবছৰে একোখনকৈ নতুন আইআইটি আৰু একোখনকৈ নতুন আইআইএম নিৰ্মাণ কৰা হৈছে।

আৰু আজি কেন্দ্ৰীয় চৰকাৰৰ তথ্যৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ মিথ্যাচাৰ উন্মোচিত হৈ পৰিল৷ লগে লগে বিষয়টোক লৈ ব্যস্ত হৈ পৰিছে ভাৰতীয় জাতীয় কংগ্ৰেছকে ধৰি ‘ইণ্ডিয়া’ৰ নেতৃবৰ্গ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৰৈমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; এজন কিশোৰৰ মৃত্যু, এজনৰ অৱস্থা সংকটজনক
গোৱালপাৰাত দুর্লভ প্ৰজাতিৰ মাছ অৱিষ্কাৰ
বিজেপিৰে একত্ৰীকৰণ আপৰ পদত্যাগী ৭ সাংসদক
’২৫ চনত বিশ্বৰ সামৰিক ব্যয় ২.৯% বৃদ্ধি
শিক্ষা বিভাগৰ সমৱেশৰ ঠিকাত গুৰুতৰ অনিয়মৰ অভিযোগ,৭০% পলিয়েষ্টাৰৰ ইউনিফর্মে গৰমত দহিব কণ কণ শিক্ষার্থীক
ধনৰ অভাৱত বাতিল নিবিদা; ২৮ এপ্রিলত ১০০০ কোটিৰ ঋণ ল’ব অসম চৰকাৰে
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
মধ্যপ্রাচ্যৰ যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ আস্থা; চলিত বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ হ’ব ৬.৪%
চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়; অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰিলে পদৰ অযোগ্য হ’ব প্রার্থী
সেনাৰ গতি-বিধিৰ ছবি পাকিস্তানলৈ, গ্ৰেপ্তাৰ ৩০
ডিব্ৰুগড় জে’লত পুনৰ গ্ৰেপ্তাৰ হ’ব অমৃতপাল সিং, NSAৰ জিম্মাৰ ম্যাদ অন্ত
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ
স্বাস্থ্যৰ ক্ষতি নকৰিব; কি খাদ্যৰ লগত কি খাদ্য খাব নালাগে জানি লওক