--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিংসাজৰ্জৰ মণিপুৰ ভ্ৰমণ কৰিব বিৰোধী মিত্ৰজোট ইণ্ডিয়াৰ প্ৰতিনিধিয়ে। ইণ্ডিয়া মিত্ৰজোঁটৰ কমেও ২০ গৰাকী সাংসদে ২৯  আৰু ৩০  জুলাইত মণিপুৰ ভ্ৰমণ কৰিব। কিন্তু কোন কোন থাকিব বিৰোধী মিত্ৰজোঁটৰ প্ৰতিনিধিৰ দলত?

 জানিব পৰা মতে ইণ্ডিয়াৰ প্ৰতিনিধিৰ দলত থাকিব এইসকল সাংসদ- অধীৰ ৰঞ্জন চৌধুৰী (কংগ্ৰেছ), গৌৰৱ গগৈ (কংগ্ৰেছ), ৰাজীৱ ৰঞ্জন সিং (জেডি-ইউ), সুস্মিতা দেৱ(তৃণমূল কংগ্ৰেছ), কানিমোঝি কৰুণানিধি (ডিএমকে), সন্দোশ কুমাৰ পি. (চিপিআই), এ. এ. ৰহিম (চি.পি.আই.-এম.), অধ্যাপক মনোজ কুমাৰ ঝা (আৰ.জে.ডি.), জাভেদ আলী খান (এছ.পি.), মহুয়া মাঝি (জে.এম.এম.), পি.পি. মহম্মদ ফাইজাল (এন.চি.পি.), অনীল প্ৰসাদ হেজ (জে.ডি.-ইউ.), ই.টি.মহম্মদ বছিৰ (আই.ইউ.এম.এল.), এন.কে. প্ৰেমচন্দ্ৰন (আৰ.এছ.পি.), সুশীল গুপ্তা (আপ),অৰবিন্দ ৰবিকুমাৰ (আৰ.এছ.পি.), থিৰু থল থিৰুমাভালভান (ভিচিকে), জয়ন্ত সিং (আৰএলডি), ফুলো দেৱী নেতাম (আইএনচি) আদি। ইফালে সুস্মিতা দেৱকে ধৰি  তৃণমূল কংগ্ৰেছৰ (টিএমচি) কেইবাগৰাকীও  নেতা-নেত্ৰীয়ে মণিপুৰত এতিয়াও আছেই৷ টিএমচিৰ আন নেতাসকল হৈছে- ডেৰেক অ' ব্ৰায়ান, কল্যাণ বেনাৰ্জী, কাকলি দস্তিদাৰ আৰু দোলা সেন।

ইণ্ডিয়াৰ সাংসদসকলে ২৯ আৰু ৩০ জুলাইত দুদিনৰ বাবে মণিপুৰ ভ্ৰমণ কৰিব বুলি জানিব পৰা গৈছে। অৱশ্যে প্ৰতিনিধি  দলটোত কোন থাকিব তাৰ সম্পূৰ্ণ তালিকা এতিয়াও জানিব পৰা  হোৱা নাই। হিংসাপীড়িত মণিপুৰলৈ ইতিমধ্যে   টিএমচি আৰু কংগ্ৰেছৰ কেইবাগৰাকীও  নেতা আহিছে৷  এইবাৰ প্ৰথমবাৰৰ বাবে ইণ্ডিয়া এলায়েন্সৰ সাংসদসকলে  মণিপুৰ ভ্ৰমণ কৰিব।মণিপুৰত গোষ্ঠী  সংঘৰ্ষ আৰম্ভ হোৱাৰ পিছৰে পৰা বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীকে ধৰি কেইবাগৰাকীও  বিৰোধী নেতাই মণিপুৰ ভ্ৰমণৰ ইচ্ছা প্ৰকাশ কৰিছে। টিএমচিৰ পাঁচগৰাকী নেতাই  মণিপুৰ ভ্ৰমণ কৰিছে৷ ৰাহুল গান্ধীয়েও মণিপুৰ ভ্ৰমণ কৰি   কেইবাটাও সাহায্য শিবিৰলৈ গৈছে আৰু দুৰ্দশাগ্ৰস্ত লোকসকলৰ সৈতে কথা পাতিছে।  

 বিৰোধীয়ে সংসদৰ বৰ্ষাকালীন  অধিৱেশনৰ আৰম্ভণিৰে পৰা মণিপুৰৰ বিষয়ত মাত মাতি আহিছে। অধিৱেশন আৰম্ভ হোৱাৰ আগতে বিৰোধী ইণ্ডিয়া  মিত্ৰজোঁটৰ এখন বৈঠকত মণিপুৰৰ বিষয়কলৈ  দীঘলীয়াকৈ আলোচনা কৰা হৈছিল। ইয়াৰ ঠিক পিছতে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৈছিল যে ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰতিনিধিৰ  এটা দলে মণিপুৰ ভ্ৰমণ কৰিব। বেনাৰ্জীয়ে মণিপুৰ ভ্ৰমণ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল ৷

বিৰোধী দলৰ সূত্ৰই  প্ৰকাশ কৰা মতে  বিৰোধী দলৰ  সাংসদসকলে প্ৰথমে  মণিপুৰলৈ যাব। সাংসদসকল ২৯ জুলাইত মণিপুৰত উপস্থিত হ'ব। তেওঁলোক দুদিনৰ বাবে ৰাজ্যখনত থাকিব। ইণ্ডিয়া  মিত্ৰজোঁটত মুঠ ২৬ টা বিৰোধী দল আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস