--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিংসাজৰ্জৰ মণিপুৰ ভ্ৰমণ কৰিব বিৰোধী মিত্ৰজোট ইণ্ডিয়াৰ প্ৰতিনিধিয়ে। ইণ্ডিয়া মিত্ৰজোঁটৰ কমেও ২০ গৰাকী সাংসদে ২৯  আৰু ৩০  জুলাইত মণিপুৰ ভ্ৰমণ কৰিব। কিন্তু কোন কোন থাকিব বিৰোধী মিত্ৰজোঁটৰ প্ৰতিনিধিৰ দলত?

 জানিব পৰা মতে ইণ্ডিয়াৰ প্ৰতিনিধিৰ দলত থাকিব এইসকল সাংসদ- অধীৰ ৰঞ্জন চৌধুৰী (কংগ্ৰেছ), গৌৰৱ গগৈ (কংগ্ৰেছ), ৰাজীৱ ৰঞ্জন সিং (জেডি-ইউ), সুস্মিতা দেৱ(তৃণমূল কংগ্ৰেছ), কানিমোঝি কৰুণানিধি (ডিএমকে), সন্দোশ কুমাৰ পি. (চিপিআই), এ. এ. ৰহিম (চি.পি.আই.-এম.), অধ্যাপক মনোজ কুমাৰ ঝা (আৰ.জে.ডি.), জাভেদ আলী খান (এছ.পি.), মহুয়া মাঝি (জে.এম.এম.), পি.পি. মহম্মদ ফাইজাল (এন.চি.পি.), অনীল প্ৰসাদ হেজ (জে.ডি.-ইউ.), ই.টি.মহম্মদ বছিৰ (আই.ইউ.এম.এল.), এন.কে. প্ৰেমচন্দ্ৰন (আৰ.এছ.পি.), সুশীল গুপ্তা (আপ),অৰবিন্দ ৰবিকুমাৰ (আৰ.এছ.পি.), থিৰু থল থিৰুমাভালভান (ভিচিকে), জয়ন্ত সিং (আৰএলডি), ফুলো দেৱী নেতাম (আইএনচি) আদি। ইফালে সুস্মিতা দেৱকে ধৰি  তৃণমূল কংগ্ৰেছৰ (টিএমচি) কেইবাগৰাকীও  নেতা-নেত্ৰীয়ে মণিপুৰত এতিয়াও আছেই৷ টিএমচিৰ আন নেতাসকল হৈছে- ডেৰেক অ' ব্ৰায়ান, কল্যাণ বেনাৰ্জী, কাকলি দস্তিদাৰ আৰু দোলা সেন।

ইণ্ডিয়াৰ সাংসদসকলে ২৯ আৰু ৩০ জুলাইত দুদিনৰ বাবে মণিপুৰ ভ্ৰমণ কৰিব বুলি জানিব পৰা গৈছে। অৱশ্যে প্ৰতিনিধি  দলটোত কোন থাকিব তাৰ সম্পূৰ্ণ তালিকা এতিয়াও জানিব পৰা  হোৱা নাই। হিংসাপীড়িত মণিপুৰলৈ ইতিমধ্যে   টিএমচি আৰু কংগ্ৰেছৰ কেইবাগৰাকীও  নেতা আহিছে৷  এইবাৰ প্ৰথমবাৰৰ বাবে ইণ্ডিয়া এলায়েন্সৰ সাংসদসকলে  মণিপুৰ ভ্ৰমণ কৰিব।মণিপুৰত গোষ্ঠী  সংঘৰ্ষ আৰম্ভ হোৱাৰ পিছৰে পৰা বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীকে ধৰি কেইবাগৰাকীও  বিৰোধী নেতাই মণিপুৰ ভ্ৰমণৰ ইচ্ছা প্ৰকাশ কৰিছে। টিএমচিৰ পাঁচগৰাকী নেতাই  মণিপুৰ ভ্ৰমণ কৰিছে৷ ৰাহুল গান্ধীয়েও মণিপুৰ ভ্ৰমণ কৰি   কেইবাটাও সাহায্য শিবিৰলৈ গৈছে আৰু দুৰ্দশাগ্ৰস্ত লোকসকলৰ সৈতে কথা পাতিছে।  

 বিৰোধীয়ে সংসদৰ বৰ্ষাকালীন  অধিৱেশনৰ আৰম্ভণিৰে পৰা মণিপুৰৰ বিষয়ত মাত মাতি আহিছে। অধিৱেশন আৰম্ভ হোৱাৰ আগতে বিৰোধী ইণ্ডিয়া  মিত্ৰজোঁটৰ এখন বৈঠকত মণিপুৰৰ বিষয়কলৈ  দীঘলীয়াকৈ আলোচনা কৰা হৈছিল। ইয়াৰ ঠিক পিছতে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৈছিল যে ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰতিনিধিৰ  এটা দলে মণিপুৰ ভ্ৰমণ কৰিব। বেনাৰ্জীয়ে মণিপুৰ ভ্ৰমণ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল ৷

বিৰোধী দলৰ সূত্ৰই  প্ৰকাশ কৰা মতে  বিৰোধী দলৰ  সাংসদসকলে প্ৰথমে  মণিপুৰলৈ যাব। সাংসদসকল ২৯ জুলাইত মণিপুৰত উপস্থিত হ'ব। তেওঁলোক দুদিনৰ বাবে ৰাজ্যখনত থাকিব। ইণ্ডিয়া  মিত্ৰজোঁটত মুঠ ২৬ টা বিৰোধী দল আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে