--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  বিজেপি-আৰ এছ এছক আক্ৰমণৰ লক্ষ্য কৰি ল’লে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।   বিজেপি-আৰ এছ এছক সমালোচনা কৰি  ৰাহুল গান্ধীয়ে  কয় যে তেওঁলোকে ক্ষমতাৰ বাবে মণিপুৰ আৰু সমগ্ৰ দেশকে 'জ্বলাই' দিব পাৰে। 

 ৰাহুলে কয় " বিজেপি-আৰ এছ এছে কেৱল ক্ষমতা বিচাৰে আৰু ক্ষমতা পাবলৈ যিকোনো কাম  কৰিব পাৰে। ক্ষমতাৰ বাবে, তেওঁলোকে মণিপুৰ জ্বলাই দিব, তেওঁলোকে সমগ্ৰ দেশ জ্বলাই দিব। তেওঁলোকে দেশৰ দুখ আৰু বেদনাৰ বিষয়ে গুৰুত্ব নিদিয়ে," । ৰাহুল গান্ধীয়ে লগতে  কয় যে  হাৰিয়ানা, পঞ্জাৱ হওঁক বা উত্তৰ প্ৰদেশ হওঁক,তেওঁলোকে সমগ্ৰ দেশক 'বিক্ৰী' কৰিব,  কিয়নো তেওঁলোকে কেৱল ক্ষমতা বিচাৰে। ৰাহুল গান্ধীয়ে পুনৰ কয় - বিজেপিয়ে য'তেই ঘৃণা বিয়পায়,  তাতেই প্ৰেমৰ দোকান খোলা হ’ব।

 বিৰোধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা সংসদত   মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত এক বিবৃতি দাবী কৰি আহিছে৷বিৰোধী মিত্ৰজোঁট ইণ্ডিয়ান নেচনেল ডেভেলপমেণ্টেল ইনক্লুচিভ এলায়েন্স (ইণ্ডিয়া)ৰ সাংসদসকলে উত্তৰ-পূবৰ ৰাজ্যখনৰ পৰিস্থিতি মূল্যায়ন কৰিবলৈ ২৯ আৰু ৩০ জুলাইত মণিপুৰ ভ্ৰমণ কৰাৰ কথা আছে। 

বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ সাংসদসকলৰ এটা প্ৰতিনিধিৰ দলে চলিত  সপ্তাহতে  মণিপুৰ ভ্ৰমণ কৰিব। ইণ্ডিয়াৰ সাংসদসকলে ২৯ আৰু ৩০ জুলাইত দুদিনৰ বাবে মণিপুৰ ভ্ৰমণ কৰিব বুলি জানিব পৰা গৈছে। 

অৱশ্যে প্ৰতিনিধি  দলটোত কোন থাকিব তাৰ সম্পূৰ্ণ তালিকা এতিয়াও জানিব পৰা  হোৱা নাই। হিংসাপীড়িত মণিপুৰলৈ ইতিমধ্যে   টিএমচি আৰু কংগ্ৰেছৰ কেইবাগৰাকীও  নেতা আহিছে৷  এইবাৰ প্ৰথমবাৰৰ বাবে ইণ্ডিয়া এলায়েন্সৰ সাংসদসকলে  মণিপুৰ ভ্ৰমণ কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস