--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  বিজেপি-আৰ এছ এছক আক্ৰমণৰ লক্ষ্য কৰি ল’লে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।   বিজেপি-আৰ এছ এছক সমালোচনা কৰি  ৰাহুল গান্ধীয়ে  কয় যে তেওঁলোকে ক্ষমতাৰ বাবে মণিপুৰ আৰু সমগ্ৰ দেশকে 'জ্বলাই' দিব পাৰে। 

 ৰাহুলে কয় " বিজেপি-আৰ এছ এছে কেৱল ক্ষমতা বিচাৰে আৰু ক্ষমতা পাবলৈ যিকোনো কাম  কৰিব পাৰে। ক্ষমতাৰ বাবে, তেওঁলোকে মণিপুৰ জ্বলাই দিব, তেওঁলোকে সমগ্ৰ দেশ জ্বলাই দিব। তেওঁলোকে দেশৰ দুখ আৰু বেদনাৰ বিষয়ে গুৰুত্ব নিদিয়ে," । ৰাহুল গান্ধীয়ে লগতে  কয় যে  হাৰিয়ানা, পঞ্জাৱ হওঁক বা উত্তৰ প্ৰদেশ হওঁক,তেওঁলোকে সমগ্ৰ দেশক 'বিক্ৰী' কৰিব,  কিয়নো তেওঁলোকে কেৱল ক্ষমতা বিচাৰে। ৰাহুল গান্ধীয়ে পুনৰ কয় - বিজেপিয়ে য'তেই ঘৃণা বিয়পায়,  তাতেই প্ৰেমৰ দোকান খোলা হ’ব।

 বিৰোধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা সংসদত   মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত এক বিবৃতি দাবী কৰি আহিছে৷বিৰোধী মিত্ৰজোঁট ইণ্ডিয়ান নেচনেল ডেভেলপমেণ্টেল ইনক্লুচিভ এলায়েন্স (ইণ্ডিয়া)ৰ সাংসদসকলে উত্তৰ-পূবৰ ৰাজ্যখনৰ পৰিস্থিতি মূল্যায়ন কৰিবলৈ ২৯ আৰু ৩০ জুলাইত মণিপুৰ ভ্ৰমণ কৰাৰ কথা আছে। 

বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ সাংসদসকলৰ এটা প্ৰতিনিধিৰ দলে চলিত  সপ্তাহতে  মণিপুৰ ভ্ৰমণ কৰিব। ইণ্ডিয়াৰ সাংসদসকলে ২৯ আৰু ৩০ জুলাইত দুদিনৰ বাবে মণিপুৰ ভ্ৰমণ কৰিব বুলি জানিব পৰা গৈছে। 

অৱশ্যে প্ৰতিনিধি  দলটোত কোন থাকিব তাৰ সম্পূৰ্ণ তালিকা এতিয়াও জানিব পৰা  হোৱা নাই। হিংসাপীড়িত মণিপুৰলৈ ইতিমধ্যে   টিএমচি আৰু কংগ্ৰেছৰ কেইবাগৰাকীও  নেতা আহিছে৷  এইবাৰ প্ৰথমবাৰৰ বাবে ইণ্ডিয়া এলায়েন্সৰ সাংসদসকলে  মণিপুৰ ভ্ৰমণ কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে