--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক পথ দুৰ্ঘটনাই কাঢ়ি নিলে এটা পৰিয়ালৰ কেইবাজনো লোকৰ জীৱন। চিকিৎসালয়ত এজন লোকৰ মৃত্যু হৈছিল। তেওঁৰ পত্নী আৰু চাৰি কন্যাই  এখন  এম্বুলেন্সেৰে মৃতদেহটো লৈ ঘৰলৈ উভতি আহিছিল। কিন্তু ঘৰ পোৱাৰ পূৰ্বোেই বিপৰীত দিশৰ পৰা আহি থকা  এখন গাড়ীয়ে এম্বুলেন্সখনত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে। 

ফলত এম্বুলেন্সখন দুটুকুৰা হৈ পৰে।   দুৰ্ঘটনাটোত চিকিৎসালয়ত মৃত্যু ঘটা লোক জনৰ পত্নী  আৰু তেওঁৰ তিনি কন্যাৰ মৃত্যু ঘটে। ঘটনাটো শুক্ৰবাৰে  উত্তৰ প্ৰদেশৰ উন্নাওত সংঘটিত হৈছে।আৰক্ষীয়ে জনোৱা অনুসৰি, পৰিয়ালটো কানপুৰৰ পৰা মোৰাবালৈ গৈ আছিল। এম্বুলেন্সখন পুৰবা আৰক্ষী থানাৰ অন্তৰ্গত তুচৰাউৰ গাঁৱৰ ওচৰত এখন গাড়ীৰ সৈতে মুখামুখী সংঘৰ্ষত লিপ্ত হয়।  দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ  আছিল যে এম্বুলেন্সখন মাজতে দুটুকুৰা হৈ পৰিছিল। এম্বুলেন্সখনত থকা  চাৰিজন যাত্ৰীৰ ঘটনাস্থলীত মৃত্যু ঘটে। অৱশ্যে সৌভাগ্যক্ৰমে  চালকজন বাচি যায়। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ঘটনাটোত গভীৰ  শোক প্ৰকাশ কৰিছে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে  ধনীৰাম নামৰ লোকজনক  কানপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। বৃহস্পতিবাৰে নিশা তেওঁৰ মৃত্যু হয়। ধনীৰামৰ পত্নী আৰু চাৰি কন্যাই  তেওঁৰ শৰীৰটো আনিবলৈ গৈছিল। দুৰ্ঘটনাটোত ধনীৰামৰ পত্নী প্ৰেমা (৭০), তিনিগৰাকী কন্যা মঞ্জুলা (৪৫), অঞ্জলি (৪০) আৰু ৰুচি (৩০) নিহত হয়। আন এগৰাকী কন্যা সুধাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।তেওঁৰ অৱস্থাও সংকটজনক বুলি জানিব পৰা গৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস