--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক পথ দুৰ্ঘটনাই কাঢ়ি নিলে এটা পৰিয়ালৰ কেইবাজনো লোকৰ জীৱন। চিকিৎসালয়ত এজন লোকৰ মৃত্যু হৈছিল। তেওঁৰ পত্নী আৰু চাৰি কন্যাই  এখন  এম্বুলেন্সেৰে মৃতদেহটো লৈ ঘৰলৈ উভতি আহিছিল। কিন্তু ঘৰ পোৱাৰ পূৰ্বোেই বিপৰীত দিশৰ পৰা আহি থকা  এখন গাড়ীয়ে এম্বুলেন্সখনত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে। 

ফলত এম্বুলেন্সখন দুটুকুৰা হৈ পৰে।   দুৰ্ঘটনাটোত চিকিৎসালয়ত মৃত্যু ঘটা লোক জনৰ পত্নী  আৰু তেওঁৰ তিনি কন্যাৰ মৃত্যু ঘটে। ঘটনাটো শুক্ৰবাৰে  উত্তৰ প্ৰদেশৰ উন্নাওত সংঘটিত হৈছে।আৰক্ষীয়ে জনোৱা অনুসৰি, পৰিয়ালটো কানপুৰৰ পৰা মোৰাবালৈ গৈ আছিল। এম্বুলেন্সখন পুৰবা আৰক্ষী থানাৰ অন্তৰ্গত তুচৰাউৰ গাঁৱৰ ওচৰত এখন গাড়ীৰ সৈতে মুখামুখী সংঘৰ্ষত লিপ্ত হয়।  দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ  আছিল যে এম্বুলেন্সখন মাজতে দুটুকুৰা হৈ পৰিছিল। এম্বুলেন্সখনত থকা  চাৰিজন যাত্ৰীৰ ঘটনাস্থলীত মৃত্যু ঘটে। অৱশ্যে সৌভাগ্যক্ৰমে  চালকজন বাচি যায়। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ঘটনাটোত গভীৰ  শোক প্ৰকাশ কৰিছে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে  ধনীৰাম নামৰ লোকজনক  কানপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। বৃহস্পতিবাৰে নিশা তেওঁৰ মৃত্যু হয়। ধনীৰামৰ পত্নী আৰু চাৰি কন্যাই  তেওঁৰ শৰীৰটো আনিবলৈ গৈছিল। দুৰ্ঘটনাটোত ধনীৰামৰ পত্নী প্ৰেমা (৭০), তিনিগৰাকী কন্যা মঞ্জুলা (৪৫), অঞ্জলি (৪০) আৰু ৰুচি (৩০) নিহত হয়। আন এগৰাকী কন্যা সুধাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।তেওঁৰ অৱস্থাও সংকটজনক বুলি জানিব পৰা গৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে