--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৯ জুনৰ পৰা আৰম্ভ হ’ব অমৰনাথ যাত্ৰা । এইবেসি  যাত্ৰা সুচাৰুৰূপে পৰিচালিত কৰাৰ বাবে বিশদ ব্যৱস্থা লৈছে জম্মু-কাশ্মীৰ প্ৰশাসনে। অমৰনাথ যাত্ৰাৰ ভক্তসকলে যাতে সহজে পবিত্ৰ দৰ্শন কৰিব পাৰে আৰু তেওঁলোকে কোনো অসুবিধাৰ সন্মুখীন নহয় নালাগে, সেয়া নিশ্চিত কৰাটো মোদী চৰকাৰে অগ্ৰাধিকাৰ দিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী  মন্ত্ৰী  অমিত শ্বাহৰ অধ্যক্ষতাত আজি নতুন দিল্লীত অমৰনাথ  যাত্ৰাৰ নিৰাপত্তা আৰু যাৱতীয় ব্যৱস্থা পৰ্যালোচনাৰ বাবে এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। সভাত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা  অজিত দোভাল, জম্মু আৰু কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ  মনোজ সিনহা, কেন্দ্ৰীয় গৃহ সচিব, চোৰাংচোৱা ব্যুৰোৰ সঞ্চালক, সেনা মুৰব্বী জেনেৰেল মনোজ পাণ্ডে, সেনা মুৰব্বী (ডেজিগনেট) লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদীকে ধৰি জ্যেষ্ঠ সেনা বিষয়া, চিএপিএফৰ সঞ্চালক প্ৰধান, জম্মু আৰু কাশ্মীৰৰ মুখ্য সচিব আৰু ডিজিপি আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

পৰ্যালোচনা বৈঠকৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে নিৰাপত্তা সংস্থাসমূহক সজাগ হ’বলৈ আৰু অমৰনাথযাত্ৰাৰ বাবে নিৰাপত্তাৰক্ষীৰ পৰ্যাপ্ত নিয়োগ নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ নিৰ্ধাৰিত মানক পৰিচালন সঁহাৰি ব্যৱস্থাপনাকে ধৰি ফলপ্ৰসূ সুৰক্ষা ব্যৱস্থাৰ বাবে নিখুঁত আন্তঃসংস্থা সমন্বয় স্থাপন কৰাৰ নিৰ্দেশ দিয়ে।  অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে ভক্তসকলৰ বাবে সুবিধাজনক আৰু চাপমুক্ত অভিজ্ঞতা নিশ্চিত কৰাৰ লগতে  অমৰনাথ যাত্ৰা পৰিচালনাত পৰিৱেশ অনুকূল ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ কয় যে শ্ৰী অমৰনাথ যাত্ৰাৰ ভক্তসকলে যাতে সহজে পবিত্ৰ কৰিব পাব পাৰে আৰু তেওঁলোকে কোনো অসুবিধাৰ সন্মুখীন নহয়, সেই ক্ষেত্ৰত মোদী চৰকাৰে অগ্ৰাধিকাৰ দিছে।

                                                                   
কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰে অমৰনাথ যাত্ৰাক ভক্তসকলৰ বাবে সুৰক্ষিত আৰু আৰামদায়ক কৰি তোলাৰ বাবে উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। যোৱা বছৰ ৪.৫ লাখৰো অধিক ভক্তই পবিত্ৰ দৰ্শনৰ বাবে আহিছিল। এইবাৰ ২৯ জুনত যাত্ৰা আৰম্ভ হ’ব। নিৰৱচ্ছিন্ন পঞ্জীয়ন, কনভয় চলাচল, কেম্পিং সুবিধা, চিকিৎসাৰ সুবিধা, পথ উন্নীতকৰণ, বিদ্যুৎ আৰু পানী যোগান আৰু মোবাইল ফোন সংযোগৰ ব্যৱস্থাকে ধৰি যাত্ৰা সুকলমে পৰিচালনাৰ বাবে বিশদ ব্যৱস্থা গ্ৰহণ কৰিছে জম্মু-কাশ্মীৰ প্ৰশাসনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু