--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৯ জুনৰ পৰা আৰম্ভ হ’ব অমৰনাথ যাত্ৰা । এইবেসি  যাত্ৰা সুচাৰুৰূপে পৰিচালিত কৰাৰ বাবে বিশদ ব্যৱস্থা লৈছে জম্মু-কাশ্মীৰ প্ৰশাসনে। অমৰনাথ যাত্ৰাৰ ভক্তসকলে যাতে সহজে পবিত্ৰ দৰ্শন কৰিব পাৰে আৰু তেওঁলোকে কোনো অসুবিধাৰ সন্মুখীন নহয় নালাগে, সেয়া নিশ্চিত কৰাটো মোদী চৰকাৰে অগ্ৰাধিকাৰ দিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী  মন্ত্ৰী  অমিত শ্বাহৰ অধ্যক্ষতাত আজি নতুন দিল্লীত অমৰনাথ  যাত্ৰাৰ নিৰাপত্তা আৰু যাৱতীয় ব্যৱস্থা পৰ্যালোচনাৰ বাবে এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। সভাত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা  অজিত দোভাল, জম্মু আৰু কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ  মনোজ সিনহা, কেন্দ্ৰীয় গৃহ সচিব, চোৰাংচোৱা ব্যুৰোৰ সঞ্চালক, সেনা মুৰব্বী জেনেৰেল মনোজ পাণ্ডে, সেনা মুৰব্বী (ডেজিগনেট) লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদীকে ধৰি জ্যেষ্ঠ সেনা বিষয়া, চিএপিএফৰ সঞ্চালক প্ৰধান, জম্মু আৰু কাশ্মীৰৰ মুখ্য সচিব আৰু ডিজিপি আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

পৰ্যালোচনা বৈঠকৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে নিৰাপত্তা সংস্থাসমূহক সজাগ হ’বলৈ আৰু অমৰনাথযাত্ৰাৰ বাবে নিৰাপত্তাৰক্ষীৰ পৰ্যাপ্ত নিয়োগ নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ নিৰ্ধাৰিত মানক পৰিচালন সঁহাৰি ব্যৱস্থাপনাকে ধৰি ফলপ্ৰসূ সুৰক্ষা ব্যৱস্থাৰ বাবে নিখুঁত আন্তঃসংস্থা সমন্বয় স্থাপন কৰাৰ নিৰ্দেশ দিয়ে।  অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে ভক্তসকলৰ বাবে সুবিধাজনক আৰু চাপমুক্ত অভিজ্ঞতা নিশ্চিত কৰাৰ লগতে  অমৰনাথ যাত্ৰা পৰিচালনাত পৰিৱেশ অনুকূল ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ কয় যে শ্ৰী অমৰনাথ যাত্ৰাৰ ভক্তসকলে যাতে সহজে পবিত্ৰ কৰিব পাব পাৰে আৰু তেওঁলোকে কোনো অসুবিধাৰ সন্মুখীন নহয়, সেই ক্ষেত্ৰত মোদী চৰকাৰে অগ্ৰাধিকাৰ দিছে।

                                                                   
কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰে অমৰনাথ যাত্ৰাক ভক্তসকলৰ বাবে সুৰক্ষিত আৰু আৰামদায়ক কৰি তোলাৰ বাবে উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। যোৱা বছৰ ৪.৫ লাখৰো অধিক ভক্তই পবিত্ৰ দৰ্শনৰ বাবে আহিছিল। এইবাৰ ২৯ জুনত যাত্ৰা আৰম্ভ হ’ব। নিৰৱচ্ছিন্ন পঞ্জীয়ন, কনভয় চলাচল, কেম্পিং সুবিধা, চিকিৎসাৰ সুবিধা, পথ উন্নীতকৰণ, বিদ্যুৎ আৰু পানী যোগান আৰু মোবাইল ফোন সংযোগৰ ব্যৱস্থাকে ধৰি যাত্ৰা সুকলমে পৰিচালনাৰ বাবে বিশদ ব্যৱস্থা গ্ৰহণ কৰিছে জম্মু-কাশ্মীৰ প্ৰশাসনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
ইউৰোপত উৎকট গৰম; ১০ সহস্রাধিক লোকৰ মৃত্যু
শিক্ষকতাত কালিমা! আনৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ধুবুৰীৰ এজন প্ৰধান শিক্ষক
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
Advertisement