--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগত সংঘটিত ৰে’ল দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ ইতিমধ্যে দুৰ্ঘটনাস্থলীলৈ ৰাওনা হোৱাৰ কথা উল্লেখ কৰাৰ লগতে  দুৰ্ঘটনাগ্ৰস্তসকলৰ উদ্ধাৰ অভিযান অব্যাহত থকাৰ কথা সদৰী কৰে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে  পিএমএনআৰএফৰপৰা প্ৰতিগৰাকী মৃতকৰ নিকট-আত্মীয়লৈ ২ লাখ টকাকৈ আৰু প্ৰতিগৰাকী আহতলৈ ৫০,০০০ টকাকৈ সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে লিখিছে;

“পশ্চিমবংগত সংঘটিত ৰে’ল দুৰ্ঘটনাত মৰ্মাহত হৈছোঁ। ইয়াত আপোনজনক হেৰুৱাবলগীয়া হোৱাসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিলোঁ। মই আহতসকলৰ আশু-আৰোগ্য কামনা কৰিছোঁ। মই বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰি সমগ্ৰ পৰিস্থিতিৰ বুজ লৈছোঁ। দুৰ্ঘটনাগ্ৰস্তসকলক উদ্ধাৰ অভিযান অব্যাহত আছে। ইতিমধ্যে দুৰ্ঘটনাস্থলীলৈ ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ ৰাওনা হৈছে।”


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ