--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগত সংঘটিত ৰে’ল দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ ইতিমধ্যে দুৰ্ঘটনাস্থলীলৈ ৰাওনা হোৱাৰ কথা উল্লেখ কৰাৰ লগতে  দুৰ্ঘটনাগ্ৰস্তসকলৰ উদ্ধাৰ অভিযান অব্যাহত থকাৰ কথা সদৰী কৰে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে  পিএমএনআৰএফৰপৰা প্ৰতিগৰাকী মৃতকৰ নিকট-আত্মীয়লৈ ২ লাখ টকাকৈ আৰু প্ৰতিগৰাকী আহতলৈ ৫০,০০০ টকাকৈ সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে লিখিছে;

“পশ্চিমবংগত সংঘটিত ৰে’ল দুৰ্ঘটনাত মৰ্মাহত হৈছোঁ। ইয়াত আপোনজনক হেৰুৱাবলগীয়া হোৱাসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিলোঁ। মই আহতসকলৰ আশু-আৰোগ্য কামনা কৰিছোঁ। মই বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰি সমগ্ৰ পৰিস্থিতিৰ বুজ লৈছোঁ। দুৰ্ঘটনাগ্ৰস্তসকলক উদ্ধাৰ অভিযান অব্যাহত আছে। ইতিমধ্যে দুৰ্ঘটনাস্থলীলৈ ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ ৰাওনা হৈছে।”


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু