--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ-পঁচিশ হাজাৰ নহয়, দুই কোটি টকাত এটা ভেড়া বিক্ৰী হ’ল৷ ইয়াৰ সমান্তৰালভাৱে বিশ্বৰ আটাইতকৈ দামী ভেড়াৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে এই জন্তুটোৱে। 

এই ভেড়াটো অষ্ট্ৰেলিয়াৰ নিউ চাউথ ৱেলছত বিক্ৰী কৰা হৈছিল। স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ভেড়াটো ক্ৰয় কৰিছিল এটা ‘এলিট অষ্ট্ৰেলিয়ান ছিণ্ডিকেট’ দল এটিয়ে। অষ্ট্ৰেলিয়াত ভেড়াৰ মাংস আৰু উলৰ চাহিদা ব্যাপক। বিশেষকৈ মাংসৰ বাবে বগা ভেড়াৰ চাহিদা দিনক দিনে বৃদ্ধি পাইছে। আৰু তাৰ লগে লগে এই ভেড়াৰ দাম বাঢ়িবলৈ আৰম্ভ কৰিছে।

ভেড়া বিক্ৰেতা গ্ৰেহাম গিলমৰে কয় যে তেওঁ কেতিয়াও সপোনতো ভবা নাছিল যে তেওঁৰ ভেড়াৰ বাবে লাখ লাখ টকা পাব। তেওঁ বিক্ৰী কৰা ভেড়া আছিল এক বিশেষ জাতৰ ভেড়া। ইহঁতৰ শৰীৰত বৰ বেছি লোমশ নহয়। এই ভেড়াবোৰ কেৱল মাংসৰ বাবেহে পালন কৰা হয়। এই ভেড়াটো অতি দ্ৰুতগতিত বৃদ্ধি পায়। অষ্ট্ৰেলিয়াত ভেড়াৰ মাংসৰ বিপুল চাহিদাৰ বাবে এই পাতল উলৰ ভেড়াৰ চাহিদাও বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে।

গ্ৰেহামে নিজৰ ভেড়াটো বিক্ৰী কৰাৰ সিদ্ধান্ত ল’লে। ভেড়া কিনিবলৈ বজাৰত হাজিৰ হৈছিল কেইবাজনো গ্ৰাহক। ইয়াৰ ভিতৰত ‘এলিট অষ্ট্ৰেলিয়ান হোৱাইট ছিণ্ডিকেট’ৰ চাৰিজন সদস্যই দুই কোটি টকাত ভেড়াটো ক্ৰয় কৰিছিল।

এলিট অষ্ট্ৰেলিয়ান হোৱাইট ছিণ্ডিকেটে প্ৰায় ২ কোটি টকাত ক্ৰয় কৰিছে অষ্ট্ৰেলিয়াৰ ভেড়া। এই ছিণ্ডিকেটত নিউ চাউথ ৱেলছৰ ৪ জন লোক আছে। এই ছিণ্ডিকেটৰ সদস্য ষ্টিভ পেড্ৰিকে ইয়াক ‘এলিট ভেড়া’ বুলি অভিহিত কৰিছে।

এক বাৰ্তালাপত ষ্টিভে কয় – এই ভেড়াটো গোটটোৰ সকলোৱে ব্যৱহাৰ কৰিব। আমি এই ভেড়াৰ জেনেটিক্স ব্যৱহাৰ কৰি আন ভেড়াবোৰকো একেদৰে শক্তিশালী কৰিম। এই ভেড়াৰ বৃদ্ধিৰ হাৰ বহুত ভাল। এই ভেড়াটো ডাঙৰ হ’বলৈ কম সময় লাগে।

মালিক গ্ৰেহাম গিলমৰে কয় যে ক’লে- ইমান দামী ভেড়া বিক্ৰী কৰাটো আচৰিত কথা। অৱশ্যে যোৱা বছৰ এটা ভেড়াৰ বাবে আমি ১.৩৫ কোটি টকা পাইছিলোঁ৷ কিন্তু এতিয়া নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

এটা ভেড়াৰ খৰচে দেখুৱাইছে যে অষ্ট্ৰেলিয়াত ঊল আৰু ভেড়াৰ মাংস উদ্যোগ কিমান উচ্চতাত আছে। মাংসৰ দাম ক্ৰমাগতভাৱে বৃদ্ধি পাইছে আৰু অষ্ট্ৰেলিয়াত  ঊলৰ বা নোমৰ বাবে ভেড়াৰ কিনা লোকসকল হ্ৰাস পাইছে। কাৰণ নোম আঁতৰোৱাৰ প্ৰক্ৰিয়াটো অতি ব্যয়বহুল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ