--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ-পঁচিশ হাজাৰ নহয়, দুই কোটি টকাত এটা ভেড়া বিক্ৰী হ’ল৷ ইয়াৰ সমান্তৰালভাৱে বিশ্বৰ আটাইতকৈ দামী ভেড়াৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে এই জন্তুটোৱে। 

এই ভেড়াটো অষ্ট্ৰেলিয়াৰ নিউ চাউথ ৱেলছত বিক্ৰী কৰা হৈছিল। স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ভেড়াটো ক্ৰয় কৰিছিল এটা ‘এলিট অষ্ট্ৰেলিয়ান ছিণ্ডিকেট’ দল এটিয়ে। অষ্ট্ৰেলিয়াত ভেড়াৰ মাংস আৰু উলৰ চাহিদা ব্যাপক। বিশেষকৈ মাংসৰ বাবে বগা ভেড়াৰ চাহিদা দিনক দিনে বৃদ্ধি পাইছে। আৰু তাৰ লগে লগে এই ভেড়াৰ দাম বাঢ়িবলৈ আৰম্ভ কৰিছে।

ভেড়া বিক্ৰেতা গ্ৰেহাম গিলমৰে কয় যে তেওঁ কেতিয়াও সপোনতো ভবা নাছিল যে তেওঁৰ ভেড়াৰ বাবে লাখ লাখ টকা পাব। তেওঁ বিক্ৰী কৰা ভেড়া আছিল এক বিশেষ জাতৰ ভেড়া। ইহঁতৰ শৰীৰত বৰ বেছি লোমশ নহয়। এই ভেড়াবোৰ কেৱল মাংসৰ বাবেহে পালন কৰা হয়। এই ভেড়াটো অতি দ্ৰুতগতিত বৃদ্ধি পায়। অষ্ট্ৰেলিয়াত ভেড়াৰ মাংসৰ বিপুল চাহিদাৰ বাবে এই পাতল উলৰ ভেড়াৰ চাহিদাও বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে।

গ্ৰেহামে নিজৰ ভেড়াটো বিক্ৰী কৰাৰ সিদ্ধান্ত ল’লে। ভেড়া কিনিবলৈ বজাৰত হাজিৰ হৈছিল কেইবাজনো গ্ৰাহক। ইয়াৰ ভিতৰত ‘এলিট অষ্ট্ৰেলিয়ান হোৱাইট ছিণ্ডিকেট’ৰ চাৰিজন সদস্যই দুই কোটি টকাত ভেড়াটো ক্ৰয় কৰিছিল।

এলিট অষ্ট্ৰেলিয়ান হোৱাইট ছিণ্ডিকেটে প্ৰায় ২ কোটি টকাত ক্ৰয় কৰিছে অষ্ট্ৰেলিয়াৰ ভেড়া। এই ছিণ্ডিকেটত নিউ চাউথ ৱেলছৰ ৪ জন লোক আছে। এই ছিণ্ডিকেটৰ সদস্য ষ্টিভ পেড্ৰিকে ইয়াক ‘এলিট ভেড়া’ বুলি অভিহিত কৰিছে।

এক বাৰ্তালাপত ষ্টিভে কয় – এই ভেড়াটো গোটটোৰ সকলোৱে ব্যৱহাৰ কৰিব। আমি এই ভেড়াৰ জেনেটিক্স ব্যৱহাৰ কৰি আন ভেড়াবোৰকো একেদৰে শক্তিশালী কৰিম। এই ভেড়াৰ বৃদ্ধিৰ হাৰ বহুত ভাল। এই ভেড়াটো ডাঙৰ হ’বলৈ কম সময় লাগে।

মালিক গ্ৰেহাম গিলমৰে কয় যে ক’লে- ইমান দামী ভেড়া বিক্ৰী কৰাটো আচৰিত কথা। অৱশ্যে যোৱা বছৰ এটা ভেড়াৰ বাবে আমি ১.৩৫ কোটি টকা পাইছিলোঁ৷ কিন্তু এতিয়া নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

এটা ভেড়াৰ খৰচে দেখুৱাইছে যে অষ্ট্ৰেলিয়াত ঊল আৰু ভেড়াৰ মাংস উদ্যোগ কিমান উচ্চতাত আছে। মাংসৰ দাম ক্ৰমাগতভাৱে বৃদ্ধি পাইছে আৰু অষ্ট্ৰেলিয়াত  ঊলৰ বা নোমৰ বাবে ভেড়াৰ কিনা লোকসকল হ্ৰাস পাইছে। কাৰণ নোম আঁতৰোৱাৰ প্ৰক্ৰিয়াটো অতি ব্যয়বহুল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা