--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শুকুৰবাৰে হংকঙত এক নিলামৰ সময়ত প্ৰতি কেৰেটত সৰ্বাধিক হীৰাৰ মূল্যৰ বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়। ছ’থেবিজে নিলাম কৰা ১১.১৫ কেৰেটৰ উইলিয়ামছন পিংক ষ্টাৰ হীৰাটো ৩৯২ মিলিয়ন হংকং ডলাৰত বিক্ৰী হয়। ইয়াৰ মূল্য ২ কোটি ১০ লাখ ডলাৰ বুলি অনুমান কৰা হৈছিল।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি কিংবদন্তি গোলাপী হীৰাৰ পৰা উইলিয়ামছন পিংক ষ্টাৰৰ নামকৰণ কৰা হৈছে। ১৯৪৭ চনত প্ৰয়াত দ্বিতীয় ৰাণী এলিজাবেথৰ বিয়াত উপহাৰ হিচাপে  দিয়া হৈছিল ২৩.৬০ কেৰেটৰ হীৰাটো। একে সময়তে ২০১৭ চনত নিলামৰ সময়ত দ্বিতীয়টো ৫৯.৬০ কেৰেটৰ পিংক ষ্টাৰ হীৰা অভিলেখ ৭১২ মিলিয়ন ডলাৰত বিক্ৰী হৈছিল। ৰঙীন হীৰাৰ ভিতৰত গোলাপী ৰঙৰ হীৰা আটাইতকৈ বিৰল আৰু দামী হীৰা।

ৰঙীন হীৰাবোৰৰ ভিতৰত এই গোলাপী ৰঙৰ হীৰাটোৱেই আটাইতকৈ বিৰল আৰু মূল্যৱান। গধুৰ মুদ্ৰাত ইয়াৰ মূল্য ৪১৩ কোটি টকা বুলি অনুমান কৰা হৈছে। এই হীৰা নিলাম কৰিছিল হংকঙৰ ছ’থেবিজে।

কেইমাহমান পূৰ্বে এংগোলাত খননৰ সময়ত খনিকৰসকলে এটা গোলাপী ৰঙৰ হীৰা পাইছিল। যোৱা ৩০০ বছৰৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ গোলাপী ৰঙৰ হীৰা সেইটোৱেই হ’ব পাৰে। ইয়াৰ নাম আছিল দ্য লুলো ৰ'জ। আচলতে লুলো খনিৰ পৰা ওলাই আহিছিল হিৰাটো। যাৰ বাবেই এই নাম দিয়া হৈছিল।

২০২২ চনৰ মে’ মাহত এই বগা হীৰাটো এক বিলিয়ন ৬৯ লাখ টকাত বিক্ৰী হৈছিল। হীৰাটো ২২৮.৩১ কেৰেটৰ। ২০০০ চনত খনিটো এৰি যোৱাৰ পিছত এজন জুৱেলাৰে ইয়াক হাৰত লগাই দিছিল। আঠ বছৰৰ পাছত পুনৰ নিলাম কৰা হ’ল হিৰাটো।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ