--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ আমেৰিকাত এটা শিখ পৰিয়ালৰ চাৰিজন সদস্যক অপহৰণ আৰু তাৰ পিছত হত্যা কৰাৰ অভিযোগত অভিযুক্ত লোকজনক ১৭ বছৰ আগতেও  ডকাইতিৰ গোচৰত  গ্ৰেপ্তাৰ কৰা হৈছিল। মাৰ্কিন আৰক্ষীৰ সূত্ৰই এই কথা প্ৰকাশ কৰিছে। 

যীচু চালগাডো নামৰ অভিযুক্তজনে ১৭ বছৰ আগতে এটা পৰিয়ালক বন্দুকৰ দেখুৱাই তেওঁলোকৰ ধন-সম্পদ  লুট কৰিছিল। কেলিফৰ্ণিয়াৰ সংশোধন আৰু পুনৰ্সংস্থাপন বিভাগৰ মতে, চালগাডোক ২০০৭  চনত কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছিল আৰু ২০১৫ চনত মুক্তি দিয়া হৈছিল ।শেহতীয়াকৈ, চালগাডোক ৩৬ বছৰীয়া শিখ লোক জছদীপ সিং, তেওঁৰ পত্নী জছলীন কৌৰ (২৭), অমনদীপ সিং (৩৯) আৰু এগৰাকী আঠ মহীয়া কন্যা সন্তান অৰুহী ধেৰীক  অপহৰণ আৰু হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।

পৰিয়ালটো পঞ্জাৱৰ হোচিয়াৰপুৰৰ বাসিন্দা আছিল। পৰিয়ালটোৰ কেলিফৰ্ণিয়াত  ট্ৰাকৰ ব্যৱসায় আছিল। চাৰিজনৰ মৃতদেহ বুধবাৰে কেলিফৰ্ণিয়াৰ ডছ পালোচ চহৰৰ ওচৰৰ এটা  এলেকাত পোৱা গৈছিল। চালগাডোৱে সেই  পৰিয়ালটোৰ ট্ৰাকৰ ব্যৱসায়ত কাম কৰিছিল। 

২০০৪ চনত তেওঁক ধন চুৰি কৰাৰ সন্দেহত কামৰ পৰা বৰ্খাস্ত কৰিছিল। তাৰেই প্ৰতিশোধ  ল'বলৈ লোকজনে শিখ পৰিয়ালটোক হত্যা কৰা বুলি ধাৰণা কৰা হৈচে। মাৰ্কেড কাউণ্টিৰ অধিবক্তাসকলে জনাইছে  যে ছালগাডোক ২০০৭ চনৰ আৰম্ভণিতে ডকাইতিৰ অভিযোগত দোষী সাব্যস্ত কৰা হৈছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক