--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ আমেৰিকাত এটা শিখ পৰিয়ালৰ চাৰিজন সদস্যক অপহৰণ আৰু তাৰ পিছত হত্যা কৰাৰ অভিযোগত অভিযুক্ত লোকজনক ১৭ বছৰ আগতেও  ডকাইতিৰ গোচৰত  গ্ৰেপ্তাৰ কৰা হৈছিল। মাৰ্কিন আৰক্ষীৰ সূত্ৰই এই কথা প্ৰকাশ কৰিছে। 

যীচু চালগাডো নামৰ অভিযুক্তজনে ১৭ বছৰ আগতে এটা পৰিয়ালক বন্দুকৰ দেখুৱাই তেওঁলোকৰ ধন-সম্পদ  লুট কৰিছিল। কেলিফৰ্ণিয়াৰ সংশোধন আৰু পুনৰ্সংস্থাপন বিভাগৰ মতে, চালগাডোক ২০০৭  চনত কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছিল আৰু ২০১৫ চনত মুক্তি দিয়া হৈছিল ।শেহতীয়াকৈ, চালগাডোক ৩৬ বছৰীয়া শিখ লোক জছদীপ সিং, তেওঁৰ পত্নী জছলীন কৌৰ (২৭), অমনদীপ সিং (৩৯) আৰু এগৰাকী আঠ মহীয়া কন্যা সন্তান অৰুহী ধেৰীক  অপহৰণ আৰু হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।

পৰিয়ালটো পঞ্জাৱৰ হোচিয়াৰপুৰৰ বাসিন্দা আছিল। পৰিয়ালটোৰ কেলিফৰ্ণিয়াত  ট্ৰাকৰ ব্যৱসায় আছিল। চাৰিজনৰ মৃতদেহ বুধবাৰে কেলিফৰ্ণিয়াৰ ডছ পালোচ চহৰৰ ওচৰৰ এটা  এলেকাত পোৱা গৈছিল। চালগাডোৱে সেই  পৰিয়ালটোৰ ট্ৰাকৰ ব্যৱসায়ত কাম কৰিছিল। 

২০০৪ চনত তেওঁক ধন চুৰি কৰাৰ সন্দেহত কামৰ পৰা বৰ্খাস্ত কৰিছিল। তাৰেই প্ৰতিশোধ  ল'বলৈ লোকজনে শিখ পৰিয়ালটোক হত্যা কৰা বুলি ধাৰণা কৰা হৈচে। মাৰ্কেড কাউণ্টিৰ অধিবক্তাসকলে জনাইছে  যে ছালগাডোক ২০০৭ চনৰ আৰম্ভণিতে ডকাইতিৰ অভিযোগত দোষী সাব্যস্ত কৰা হৈছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী