--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় দলৰ ‘চেজ মাষ্টাৰ’ তথা ২০২২ চনৰ টি-২০ বিশ্বকাপত সৰ্বাধিক ৰান সংগ্ৰহকাৰী বিৰাট কোহলীয়ে আজি ৩৪ সংখ্যক জন্মদিন উদযাপন কৰিছে। বিৰাট কোহলীৰ নাম শুনিলেই মোহলীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা টি-২০ বিশ্বকাপ ২০২২ত পাকিস্তানৰ বিৰুদ্ধে ৮২ ৰানৰ ইনিংছকে ধৰি বহু মেচ বিজয়ী ইনিংছ মনত পৰে। বিৰাট কোহলী আজি বিশ্বৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ আৰু ইয়াৰ আঁৰত আছে তেওঁৰ খেলৰ প্ৰতি থকা মৰম আৰু নিষ্ঠা। নিজৰ কষ্টৰ বলতে দিল্লীৰ এটা সাধাৰণ পৰিয়ালৰ এজন ল’ৰাই আজি চুবলৈ সক্ষম হৈছে সাফল্যৰ সৰ্বোচ্চ শিখৰ।

১৯৮৮ চনৰ ৫ নৱেম্বৰত দিল্লীত পাঞ্জাবী পৰিয়ালত জন্মগ্ৰহণ কৰা বিৰাট কোহলীৰ পিতৃ প্ৰেম কোহলী পেছাত উকীল আৰু মাতৃ সৰোজ এগৰাকী গৃহিণী। তেওঁৰ পৰিয়ালত সৰু, তেওঁৰ এজন ককায়েক আৰু এগৰাকী বায়েক আছে। বিৰাটৰ মাতৃয়ে কয়, বিৰাটে ৩ বছৰ বয়সত বেট ধৰিছিল আৰু সদায় দেউতাকক হাৰাশাস্তি কৰিছিল লগত খেলিবলৈ।

বিৰাটৰ চখ দেখি দেউতাকে তেওঁক ৯ বছৰ বয়সত ক্ৰিকেট একাডেমীত নামভৰ্তি কৰাই দিয়ে, য’ত তেওঁক প্ৰশিক্ষক ৰাজকুমাৰ শৰ্মাই প্ৰশিক্ষণ দিছিল। ২০০২ চনৰ অক্টোবৰৰ পৰা ক্ৰিকেটত অভিষেক ঘটা বিৰাট কোহলীয়ে প্ৰথমবাৰৰ বাবে দিল্লী ১৫ অনুৰ্ধৰ দলত অন্তৰ্ভুক্ত হয়। সেই সময়ত বিৰাটে ২০০২ আৰু ২০০৩ চনৰ পলি উমৰিগাৰ ট্ৰফীত প্ৰথমবাৰৰ বাবে পেছাদাৰী ক্ৰিকেট খেলিছিল আৰু ২০০৪ চনৰ শেষৰ ফালে তেওঁ দিল্লী ১৭ বছৰ অনুৰ্ধ দলৰ সদস্য হৈ পৰিছিল।

বিৰাট কোহলীয়ে দেউতাকক বহুত ভাল পাইছিল আৰু দেউতাকে সদায় তেওঁক ভাল ক্ৰিকেটাৰ হ’বলৈ কৈছিল। ২০০৬ চনত কৰ্ণাটকৰ হৈ খেলি থাকোঁতে হঠাৎ বিৰাটৰ পিতৃৰ স্বাস্থ্যৰ অৱনতি ঘটি হাৰ্ট এটেকত মৃত্যু হয়। দেউতাকৰ মৃত্যুৰ পাছতো কোহলিয়ে প্ৰশিক্ষকক ফোন কৰি ক’লে যে মই মেচখন খেলিম। তেওঁৰ প্ৰশিক্ষকেও বিৰাটৰ এই মনোভাৱ দেখি আচৰিত হৈছিল। বিৰাটেও এটা সাক্ষাৎকাৰত এই কথা উল্লেখ কৰিছিল আৰু কৈছিল যে মোৰ বাবে কোনো মেচ বাদ দিয়াটো গ্ৰহণযোগ্য নহয় আৰু সেইবাবেই মই সেই মেচখন সম্পূৰ্ণ কৰি তাৰপাছত দেউতাৰ অন্ত্যেষ্টিক্ৰিয়ালৈ গৈছিলো।

২০০৬ চনৰ জুলাই মাহত বিৰাট ভাৰতীয় দলৰ ১৯ বছৰ অনুৰ্ধৰ দলত নিৰ্বাচিত হয়। আৰু ইয়াৰ লগে লগে তেওঁৰ প্ৰথম ভ্ৰমণ আছিল ইংলেণ্ড আৰু তেওঁ তিনিখন এদিনীয়াত ১০৫ ৰান সংগ্ৰহ কৰিছিল। আৰু ২০০৮ চনত তেওঁক ভাৰতীয় দলৰ ১৯ বছৰ অনুৰ্ধৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হয়। আৰু তাৰ পিছত মালয়েছিয়াত অনুষ্ঠিত হ’বলগীয়া মেচখনত তেওঁ নিজৰ উজ্জ্বল প্ৰদৰ্শন কৰি দলটোক জয়ী কৰে।

২০০৯ চনত ভাৰতীয় ক্ৰিকেট দলৰ শ্ৰীলংকা ভ্ৰমণৰ বাবে নিৰ্বাচিত হয়। এই ভ্ৰমণত তেওঁ টিম ইণ্ডিয়াৰ টিম এৰ হৈ খেলাৰ সুযোগ লাভ কৰে। বীৰেন্দ্ৰ ছেহৱাগ আৰু শচীন তেণ্ডুলকাৰ আঘাতপ্ৰাপ্ত হোৱাত বিৰাটে বেটিং কৰিবলৈ মাতিছিল আৰু এই মেচত বিৰাটে প্ৰথম এদিনীয়া অৰ্ধশতক অৰ্জন কৰিছিল। আৰু সেই ছিৰিজ ভাৰতে জয়লাভ কৰে।

টিম ইণ্ডিয়াত নিৰ্বাচিত হোৱাৰ পিছত কোহলীয়ে পিছলৈ ঘূৰি নাচালে আৰু ক্ৰমান্বয়ে প্ৰতিটো ফৰ্মেটতে দলত যোগদান কৰিলে। ২০১১ চনত ভাৰতীয় দলে জয়ী হোৱা বিশ্বকাপৰ দলৰ অংশ হিচাপেও তেওঁ অংশগ্ৰহণ কৰাৰ বিপৰীতে পিছলৈ ২০১৬ চনত তেওঁ অধিনায়কত্বৰ সুযোগো লাভ কৰে। বৰ্তমান তেওঁ ভাৰতীয় দলৰ এজন গুৰুত্বপূৰ্ণ খেলুৱৈ আৰু টি-২০ বিশ্বকাপত ভাল প্ৰদৰ্শন কৰি সকলোৰে নয়নৰ মণি হৈ পৰিছে। বিৰাট কোহলীৰ ওপজা দিনটোত প্ৰাগ নিউজৰ ফালৰ পৰাও যাচিলো অলেখ শুভকামনা।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক