--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে মেচ ফিক্সিং গোচৰত উচ্চতম ন্যায়ালয় আৰু একাংশ জ্যেষ্ঠ অধিবক্তাৰ বিৰুদ্ধে বক্তব্য দিয়াৰ অভিযোগত আইপিএছ বিষয়া জি সম্পত কুমাৰৰ বিৰুদ্ধে অৱমাননাৰ গোচৰ ৰুজু কৰিবলৈ মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে। বিষয়টো তালিকাভুক্ত কৰা হৈছে যদিও আজি শুনানি লাভ কৰিব পৰা নগ’ল।

ধোনীয়ে ২০১৪ চনত দেৱানী গোচৰ তৰিছিল তেতিয়াৰ আৰক্ষী মহাপৰিদৰ্শক সম্পাদ কুমাৰক মেচ ফিক্সিং আৰু স্পট ফিক্সিঙৰ ক্ষেত্ৰত তেওঁৰ (ধোনী) সম্পৰ্কীয় কোনো বক্তব্য দিয়াৰ পৰা বাধা দিবলৈ। ক্ষতিপূৰণ হিচাপে ১০০ কোটি টকা আদায় দিয়াৰ নিৰ্দেশ দিবলৈও তেওঁ আদালতক অনুৰোধ জনাইছিল। ২০১৪ চনৰ ১৮ মাৰ্চত আদালতে সম্পত কুমাৰক ধোনিৰ বিৰুদ্ধে কোনো ধৰণৰ বক্তব্য দিয়াৰ পৰা বাধা প্ৰদান কৰি অন্তৱৰ্তীকালীন আদেশ গৃহীত কৰিছিল। ইয়াৰ পাছতো সম্পত কুমাৰে এই বিষয়ত ন্যায়পালিকাৰ বিৰুদ্ধে আৰু ৰাজ্যক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তাৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰি উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰা বুলি জানিব পৰা গৈছে।

চলিত বৰ্ষৰ ১৮ জুলাইত এডভোকেট জেনেৰেল আৰ শনমুগাসুন্দৰামৰ পৰা সন্মতি লাভ কৰাৰ পিছত ধোনীয়ে ন্যায়পালিকাৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবে সম্পত কুমাৰক শাস্তি দিবলৈ চলিত বৰ্ষৰ ১১ অক্টোবৰত বৰ্তমানৰ অৱজ্ঞাৰ আবেদনখনক অগ্ৰাধিকাৰ দিছিল।

আই পি এলত দেখা যাব ধোনীক
শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত ধোনীয়ে নিশ্চিত কৰিছিল যে অহা বছৰৰ আই পি এল ছিজনতো তেওঁক দেখা যাব। এই ছিজনতো তেওঁক দলৰ অধিনায়ক হিচাপে দেখা যায়। ইয়াৰ উপৰিও শেহতীয়াকৈ জাদেজা আতৰি যোৱাৰ খবৰটোও বাতৰিৰ শিৰোনামত আছিল। কিন্তু শেহতীয়া খবৰ অনুসৰি ধোনীয়ে জাদেজাক মুকলি কৰি দিবলৈ অস্বীকাৰ কৰিছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ