--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলিউড আৰু পাকিস্তান ক্ৰিকেট দলৰ অৱস্থা একে হৈছেগৈ। যেনেদৰে বলিউডৰ হেভী বাজেটৰ চিনেমাসমূহে শেহতীয়াকৈ বক্স অফিচত মুখঠেকেঁচা খাইছে, সেইদৰে পাকিস্তানৰ মহাশক্তিধৰ অপেনিং বেটাৰদ্বয় বাবৰ আজম-মহম্মদ ৰিজৱানেও টি২০ বিশ্বকাপত ফ্লপ হৈছে।

ইখনৰ পাছত সিখনকৈ মেচত বাবৰ-ৰিঝৱানে ব্যৰ্থ হৈছে। আজি ছিডনীত অনুষ্ঠিত হোৱা টি২০ বিশ্বকাপৰ গ্ৰুপ টুৰ এখন গুৰুত্বপূৰ্ণ মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধেও ব্যৰ্থ হয় বেটছমেন দুগৰাকী।

টছত জিকি প্ৰথমে বেটিং কৰিবলৈ আহে পাকিস্তান। কিন্তু আৰম্ভণি সুখকৰ নহ’ল। টি২০ ক্ৰিকেটৰ অন্যতম শীৰ্ষক্ৰমৰ বেটাৰ মহম্মদ ৰিঝৱানে মাত্ৰ ৪ ৰাণ কৰি প্ৰথম অভাৰতে ৱেইন পাৰ্ণেলৰ বলত পেভিলিয়নমুখী হয়। ৰিঝৱানৰ অপেনিং সংগী তথা বিশ্ব ক্ৰিকেটৰ অন্যতম শ্ৰেষ্ঠ বেটাৰ বাবৰ আজমেও ১৫ টা বলত মাত্ৰ ৬ ৰাণ কৰি লুঙী এনগিডিৰ বলত আউট হয়।

বেটাৰ দুগৰাকী এইদৰে ব্যৰ্থ হোৱাৰ পাছতে সামাজিক মাধ্যমত ব্যাপক ট্ৰ’ল হৈছে। অনেক ক্ৰিকেটানুৰাগীয়ে বাবৰ আজমক ক্ৰিকেট এৰিবলৈও দাবী কৰিছে। দলৰ অতি প্ৰয়োজনীয় মুহূৰ্তত বাবৰ আজম ব্যৰ্থ হোৱাটো মানি ল’ব পৰা নাই তেওঁলোকে।

বাবৰ-ৰিঝৱান ব্যৰ্থ হ’লেও চিডনীত চলি থকা বৰ্ষাবিঘ্নিত মেচখনত পাকিস্তানে প্ৰথমে বেটিং কৰি ২০ অভাৰত ১৮৫ ৰাণৰ লক্ষ্য স্থিৰ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ মূলতে হ’ল ইফটিকাৰ আহমেদ আৰু ছাদাব খানৰ দূৰ্দান্ত অৰ্ধশতক। ইফটিকাৰে ৫১ আৰু ছাদাৱ খানে ৫১ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। দক্ষিণ আফ্ৰিকাৰ হৈ এনৰিক নৰ্ট্জেই চাৰিটাকৈ উইকেট দখল কৰিছে।

বাতৰি লিখাৰ পৰলৈকে দক্ষিণ আফ্ৰিকাই ৯ অভাৰত ৪টা উইকেট হেৰুৱাই ৬৯ ৰাণ কৰি আছে। অধিনায়ক টেম্বা বভুমাই ১৯টা বলত ৩৬ ৰাণৰ ইনিংছ খেলিলেও ব্যৰ্থ হৈছে কুইণ্টন ডি কক (০) আৰু ৰিলী ৰছো (৭)। পাকিস্তানৰ হৈ শ্বাহিন আফ্ৰিদি আৰু ছাদাব খানে ২টাকৈ উইকেট লাভ কৰিছে।





 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু