--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলিউড আৰু পাকিস্তান ক্ৰিকেট দলৰ অৱস্থা একে হৈছেগৈ। যেনেদৰে বলিউডৰ হেভী বাজেটৰ চিনেমাসমূহে শেহতীয়াকৈ বক্স অফিচত মুখঠেকেঁচা খাইছে, সেইদৰে পাকিস্তানৰ মহাশক্তিধৰ অপেনিং বেটাৰদ্বয় বাবৰ আজম-মহম্মদ ৰিজৱানেও টি২০ বিশ্বকাপত ফ্লপ হৈছে।

ইখনৰ পাছত সিখনকৈ মেচত বাবৰ-ৰিঝৱানে ব্যৰ্থ হৈছে। আজি ছিডনীত অনুষ্ঠিত হোৱা টি২০ বিশ্বকাপৰ গ্ৰুপ টুৰ এখন গুৰুত্বপূৰ্ণ মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধেও ব্যৰ্থ হয় বেটছমেন দুগৰাকী।

টছত জিকি প্ৰথমে বেটিং কৰিবলৈ আহে পাকিস্তান। কিন্তু আৰম্ভণি সুখকৰ নহ’ল। টি২০ ক্ৰিকেটৰ অন্যতম শীৰ্ষক্ৰমৰ বেটাৰ মহম্মদ ৰিঝৱানে মাত্ৰ ৪ ৰাণ কৰি প্ৰথম অভাৰতে ৱেইন পাৰ্ণেলৰ বলত পেভিলিয়নমুখী হয়। ৰিঝৱানৰ অপেনিং সংগী তথা বিশ্ব ক্ৰিকেটৰ অন্যতম শ্ৰেষ্ঠ বেটাৰ বাবৰ আজমেও ১৫ টা বলত মাত্ৰ ৬ ৰাণ কৰি লুঙী এনগিডিৰ বলত আউট হয়।

বেটাৰ দুগৰাকী এইদৰে ব্যৰ্থ হোৱাৰ পাছতে সামাজিক মাধ্যমত ব্যাপক ট্ৰ’ল হৈছে। অনেক ক্ৰিকেটানুৰাগীয়ে বাবৰ আজমক ক্ৰিকেট এৰিবলৈও দাবী কৰিছে। দলৰ অতি প্ৰয়োজনীয় মুহূৰ্তত বাবৰ আজম ব্যৰ্থ হোৱাটো মানি ল’ব পৰা নাই তেওঁলোকে।

বাবৰ-ৰিঝৱান ব্যৰ্থ হ’লেও চিডনীত চলি থকা বৰ্ষাবিঘ্নিত মেচখনত পাকিস্তানে প্ৰথমে বেটিং কৰি ২০ অভাৰত ১৮৫ ৰাণৰ লক্ষ্য স্থিৰ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ মূলতে হ’ল ইফটিকাৰ আহমেদ আৰু ছাদাব খানৰ দূৰ্দান্ত অৰ্ধশতক। ইফটিকাৰে ৫১ আৰু ছাদাৱ খানে ৫১ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। দক্ষিণ আফ্ৰিকাৰ হৈ এনৰিক নৰ্ট্জেই চাৰিটাকৈ উইকেট দখল কৰিছে।

বাতৰি লিখাৰ পৰলৈকে দক্ষিণ আফ্ৰিকাই ৯ অভাৰত ৪টা উইকেট হেৰুৱাই ৬৯ ৰাণ কৰি আছে। অধিনায়ক টেম্বা বভুমাই ১৯টা বলত ৩৬ ৰাণৰ ইনিংছ খেলিলেও ব্যৰ্থ হৈছে কুইণ্টন ডি কক (০) আৰু ৰিলী ৰছো (৭)। পাকিস্তানৰ হৈ শ্বাহিন আফ্ৰিদি আৰু ছাদাব খানে ২টাকৈ উইকেট লাভ কৰিছে।





 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক