--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হোলীৰ দিন আছিল। তেতিয়া কাফিৰ বয়স আছিল মাত্ৰ তিনি বছৰ। সকলোৱে হোলী খেলি থকা দেখি তাইও ঘৰৰ পৰা ওলাই আহিছিল ৰঙৰ উৎসৱ উদযাপন কৰিবলৈ। কিন্তু ৰঙৰ সলনি দুৰ্বৃত্তই তাইৰ মুখত এচিড নিক্ষেপ কৰিলে। পৰিয়ালৰ সৈতে পুৰণি শত্ৰুতা থকা তিনিজন লোকে গায়ে-মূৰে ফাকুৰ প্ৰলেপ সানি কাফিৰ মুখলৈ এচিড নিক্ষেপ কৰিছিল। এই আক্ৰমণৰ পাছত কাফিৰ মুখখন বেয়াকৈ জ্বলি যোৱাৰ লগতে চকুৰ দৃষ্টিশক্তি হেৰুৱাই পেলায়। সেই কাফিয়ে এতিয়া কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডৰ (CBSE) পৰীক্ষাত ৯৫%তকৈ অধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।

এচিড আক্ৰমণৰ বলি হোৱা লোকসকল বাচি থাকিলেও মানসিক আঘাতৰ পৰা ওলাই অহাটো তেওঁলোকৰ বাবে আজীৱন সংগ্ৰাম হৈ পৰে। ইয়াৰ সৈতে যুঁজি যিকোনো মাইলৰ খুঁটিত উপনীত হোৱাটো সঁচাকৈয়ে এক আদৰ্শগত কৃতিত্ব। কাফিয়ে সমাজত এক আদৰ্শ স্থাপন কৰিবলৈ সক্ষম হৈছে। অৱশ্যে তেওঁৰ সাহস আৰু সামৰ্থ্যৰ বাহিৰেও এই সফলতাৰ আঁৰত পৰিয়ালৰ সহযোগিতাও অন্তৰ্ভুক্ত।

এচিড আক্ৰমণৰ পিছত কাফি আৰু তেওঁৰ পৰিয়ালে কেতিয়াও হাৰ নামানিলে। তেওঁৰ পৰিয়ালৰ লোকে ছবছৰ ধৰি দেশৰ বহু চিকিৎসালয় পৰিদৰ্শন কৰি আহিছে। কিন্তু লাখ লাখ চেষ্টাৰ পাছতো কাফীয়ে পুনৰ দৃষ্টিশক্তি লাভ কৰিব নোৱাৰিলে।

২০১১ চনত হাৰিয়ানাৰ হিছাৰত কাফিৰ ওপৰত এই আক্ৰমণ সংঘটিত হৈছিল। দৃষ্টিশক্তি হেৰুৱাৰ পিছত আন ল’ৰা-ছোৱালীৰ দৰে স্কুলত পঢ়াটো কাফিৰ বাবে সম্ভৱ নহ’ল। গতিকে পিতৃ-মাতৃয়ে তেওঁক চণ্ডীগড়ৰ ব্লাইণ্ড ইনষ্টিটিউটলৈ লৈ আহিল। ইয়াত পঢ়াৰ সময়ত কাফীয়ে দশম মানত ৯৫.২০ শতাংশ নম্বৰ লাভ কৰিছে। কাফিৰ সপোন হৈছে আইএএছ বিষয়া হোৱা।

কাফিয়ে কয় "আপোনাৰ জীৱনত এনেকুৱা মুহূৰ্ত থাকে যেতিয়া আপুনি ভাবিব যে ই শেষ। কিন্তু মোৰ মা-দেউতাই হাৰ নামানিলে। মই এচিড আক্ৰমণত বাচি থকা ছোৱালী। মই সকলোকে দেখুৱাব বিচাৰো যে মোৰ যিয়েই নহওক কিয়, মই অসাৰ নহয়।"

দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত কাফিৰ পিতৃ পৱনে এখন লোহাৰ দোকান চলাইছিল। এই আক্ৰমণৰ পিছত পৰিয়ালটোক আৰু অধিক চলাবলৈ হিছাৰ এৰিব লগীয়া হয় পৰিয়ালটোৱে। আনহাতে, দুবছৰৰ অন্তত কাৰাগাৰৰ পৰা ওলাই আহিছিল এই আক্ৰমণৰ তিনিওজন অভিযুক্ত। ২০১৯ চনত পৱনে ইয়াৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। এই গোচৰৰ শুনানি বাকী আছে। বৰ্তমান পৱনে চণ্ডীগড়ৰ ১৭ নং ছেক্টৰত পিয়ন হিচাপে কাম কৰে। 

কাফি দৃষ্টিহীন হ’লেও পৰিয়ালৰ সমস্যাৰ প্ৰতি সচেতন। কাফিয়ে কয় যে, "চকুৰে নেদেখিলেও মনৰ পোহৰেৰে সমাজখন জিলিকাই তুলিব বিচাৰো।"

কাফিৰ এই সাহসে সমাজক কৰিছে অনুপ্ৰাণিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিয়াৰ হালধি অনুষ্ঠানত হালধি লগাই ICUত ভৰ্তি কইনা
চীনত আমেৰিকান কোম্পানীৰ বাবে সুদিন ; ট্ৰাম্পৰ সৈতে বৈঠকৰ পিছত বাণিজ্যিক যুদ্ধ সমাপ্তিৰ ইংগিত জিনপিঙৰ
ডিগবৈ শোধনাগাৰত কৰ্মৰত অৱস্থাত ঠিকাভিত্তিক শ্ৰমিক পৰেশ বৰগোহাঁইৰ ৰহস্যজনক মৃত্যু
ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চিলনী চোৰ মহিদুল ইছলামক গ্ৰেপ্তাৰ ধিং আৰক্ষীৰ
শাসক লেবাৰ পাৰ্টিৰ ৰাজনৈতিক বিপর্যয়, গাদী হেৰুৱাব পাৰে ব্রিটেইনৰ প্ৰধানমন্ত্ৰী ষ্টাৰ্মাৰে
ইন্ধনৰ সংকট অব্যাহত; সলনি হোৱা নাই চিলিণ্ডাৰ বুকিঙৰ নির্দেশনা
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই