--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হোলীৰ দিন আছিল। তেতিয়া কাফিৰ বয়স আছিল মাত্ৰ তিনি বছৰ। সকলোৱে হোলী খেলি থকা দেখি তাইও ঘৰৰ পৰা ওলাই আহিছিল ৰঙৰ উৎসৱ উদযাপন কৰিবলৈ। কিন্তু ৰঙৰ সলনি দুৰ্বৃত্তই তাইৰ মুখত এচিড নিক্ষেপ কৰিলে। পৰিয়ালৰ সৈতে পুৰণি শত্ৰুতা থকা তিনিজন লোকে গায়ে-মূৰে ফাকুৰ প্ৰলেপ সানি কাফিৰ মুখলৈ এচিড নিক্ষেপ কৰিছিল। এই আক্ৰমণৰ পাছত কাফিৰ মুখখন বেয়াকৈ জ্বলি যোৱাৰ লগতে চকুৰ দৃষ্টিশক্তি হেৰুৱাই পেলায়। সেই কাফিয়ে এতিয়া কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডৰ (CBSE) পৰীক্ষাত ৯৫%তকৈ অধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।

এচিড আক্ৰমণৰ বলি হোৱা লোকসকল বাচি থাকিলেও মানসিক আঘাতৰ পৰা ওলাই অহাটো তেওঁলোকৰ বাবে আজীৱন সংগ্ৰাম হৈ পৰে। ইয়াৰ সৈতে যুঁজি যিকোনো মাইলৰ খুঁটিত উপনীত হোৱাটো সঁচাকৈয়ে এক আদৰ্শগত কৃতিত্ব। কাফিয়ে সমাজত এক আদৰ্শ স্থাপন কৰিবলৈ সক্ষম হৈছে। অৱশ্যে তেওঁৰ সাহস আৰু সামৰ্থ্যৰ বাহিৰেও এই সফলতাৰ আঁৰত পৰিয়ালৰ সহযোগিতাও অন্তৰ্ভুক্ত।

এচিড আক্ৰমণৰ পিছত কাফি আৰু তেওঁৰ পৰিয়ালে কেতিয়াও হাৰ নামানিলে। তেওঁৰ পৰিয়ালৰ লোকে ছবছৰ ধৰি দেশৰ বহু চিকিৎসালয় পৰিদৰ্শন কৰি আহিছে। কিন্তু লাখ লাখ চেষ্টাৰ পাছতো কাফীয়ে পুনৰ দৃষ্টিশক্তি লাভ কৰিব নোৱাৰিলে।

২০১১ চনত হাৰিয়ানাৰ হিছাৰত কাফিৰ ওপৰত এই আক্ৰমণ সংঘটিত হৈছিল। দৃষ্টিশক্তি হেৰুৱাৰ পিছত আন ল’ৰা-ছোৱালীৰ দৰে স্কুলত পঢ়াটো কাফিৰ বাবে সম্ভৱ নহ’ল। গতিকে পিতৃ-মাতৃয়ে তেওঁক চণ্ডীগড়ৰ ব্লাইণ্ড ইনষ্টিটিউটলৈ লৈ আহিল। ইয়াত পঢ়াৰ সময়ত কাফীয়ে দশম মানত ৯৫.২০ শতাংশ নম্বৰ লাভ কৰিছে। কাফিৰ সপোন হৈছে আইএএছ বিষয়া হোৱা।

কাফিয়ে কয় "আপোনাৰ জীৱনত এনেকুৱা মুহূৰ্ত থাকে যেতিয়া আপুনি ভাবিব যে ই শেষ। কিন্তু মোৰ মা-দেউতাই হাৰ নামানিলে। মই এচিড আক্ৰমণত বাচি থকা ছোৱালী। মই সকলোকে দেখুৱাব বিচাৰো যে মোৰ যিয়েই নহওক কিয়, মই অসাৰ নহয়।"

দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত কাফিৰ পিতৃ পৱনে এখন লোহাৰ দোকান চলাইছিল। এই আক্ৰমণৰ পিছত পৰিয়ালটোক আৰু অধিক চলাবলৈ হিছাৰ এৰিব লগীয়া হয় পৰিয়ালটোৱে। আনহাতে, দুবছৰৰ অন্তত কাৰাগাৰৰ পৰা ওলাই আহিছিল এই আক্ৰমণৰ তিনিওজন অভিযুক্ত। ২০১৯ চনত পৱনে ইয়াৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। এই গোচৰৰ শুনানি বাকী আছে। বৰ্তমান পৱনে চণ্ডীগড়ৰ ১৭ নং ছেক্টৰত পিয়ন হিচাপে কাম কৰে। 

কাফি দৃষ্টিহীন হ’লেও পৰিয়ালৰ সমস্যাৰ প্ৰতি সচেতন। কাফিয়ে কয় যে, "চকুৰে নেদেখিলেও মনৰ পোহৰেৰে সমাজখন জিলিকাই তুলিব বিচাৰো।"

কাফিৰ এই সাহসে সমাজক কৰিছে অনুপ্ৰাণিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন