--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰাজয় প্ৰায় নিশ্চিত আছিল। দক্ষিণ ভাৰতৰ একমাত্ৰ বিজেপি শাসিত ৰাজ্যত যে বিজেপিয়ে এইদৰে কৰুণভাৱে বিমুখ হ’ব কোনেও ভবা নাছিল। কিয় কৰ্ণাটকত কংগ্ৰেছে লাভ কৰিলে দূৰ্দান্ত সফলতা আৰু বিজেপি হ’ল পৰাস্ত?

যোৱা দুবছৰত কৰ্ণাটকত কেইবাবাৰো বিজেপিয়ে ‘মেৰুকৰণৰ ৰাজনীতি’ৰ অনুকূল পৰিস্থিতিৰ সৃষ্টি কৰিছিল। শিক্ষানুষ্ঠানত হিজাব বিতৰ্ক, ব্ৰিটিছ বিৰোধী শ্বহীদ টিপু চুলতানৰ ধৰ্মীয় পৰিচয়, অ’বিচি মুছলমানৰ বাবে সংৰক্ষণ বাতিল, কংগ্ৰেছৰ ইস্তাহাৰত বজৰং দলক নিষিদ্ধ কৰাৰ প্ৰতিশ্ৰুতি আদি বিষয়সমূহ ব্যৱহাৰ কৰি বিজেপিয়ে ধৰ্মীয় মেৰুকৰণৰ চেষ্টা কৰি আহিছিল। আনকি নিৰ্বাচনী প্ৰচাৰত ‘হালাল মাংস’ আৰু বিতৰ্কিত ছবি ‘দ্য কেৰেলা ষ্ট’ৰী’ বিষয়সমূহো আহিছিল।

তাৎপৰ্যপূৰ্ণভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ দৰে বিজেপিৰ তাৰকা প্ৰচাৰকসকলে কৰ্ণাটকত মেৰুকৰণৰ জোৱাৰ আনিবলৈ চেষ্টা কৰিছিল। কিন্তু এইবাৰ কৰ্ণাটকত শাসকীয় বিজেপিৰ বিৰুদ্ধে প্ৰতিষ্ঠান-বিৰোধীতা প্ৰবল আছিল। অবাধ দুৰ্নীতি, চৰকাৰী চাকৰিত কমিছন লোৱা আদিৰ অভিযোগে বিৰোধীক ইন্ধন যোগাইছে। সেই সকলো অভিযোগৰ কোনো উত্তৰ নাছিল মোডী-শ্বাহৰ।

‘জয় বজৰংগবলী’ শ্ল’গানৰ পৰা আৰম্ভ কৰি ‘কেৰালা ষ্ট’ৰী’, ‘কংগ্ৰেছে কৰ্ণাটকক ভাৰতৰ পৰা পৃথক কৰিব বিচাৰিছে’, ‘কংগ্ৰেছে তেওঁক ৯১ বাৰ অপমান কৰিছে’ - এইসমূহ বক্তব্য প্ৰধানমন্ত্ৰী মোদীয়ে এইবাৰ খেলিছে। আনকি বিতৰ্কিত ছবি ‘দ্য কেৰেলা ষ্ট’ৰী’ৰ সমৰ্থনতো কৈছিল- “কংগ্ৰেছে আচলতে সন্ত্ৰাসবাদক সমৰ্থন কৰিব বিচাৰে। সেইবাবেই এই ছবিখন নিষিদ্ধ কৰিব বিচাৰিছে। তেওঁলোকে আচলতে সন্ত্ৰাসবাদক সমৰ্থন কৰিছে।”

আনহাতে, নিৰ্বাচনৰ পূৰ্বে অ’বিচি মুছলমানৰ বাবে ৪ শতাংশ কোটা বাতিল কৰি কৰ্ণাটকৰ বিজেপি চৰকাৰে ৰাজ্যখনৰ দুটা প্ৰধান সম্প্ৰদায় লিংগায়ত আৰু ভোক্কালিগাৰ মাজত বিভক্ত কৰাৰ পদক্ষেপক অমিত শ্বাহে ৰাজহুৱাভাৱে সমৰ্থন কৰিছিল।

আনহাতে কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰত আধিপত্য বিস্তাৰ কৰিছিল বিজেপি চৰকাৰৰ দুৰ্নীতি-অপশাসনৰ বিষয়সমূহে। বিজেপি চৰকাৰৰ বিৰুদ্ধে ৪০ শতাংশ আয়োগৰ অভিযোগৰ সমান্তৰালকৈ কৰ্ণাটক চৰকাৰৰ দুগ্ধ প্ৰকল্প ‘নন্দিনী’ বনাম গুজৰাটী ব্ৰেণ্ড ‘আমুল’ৰ বিষয়টোও উত্থাপন হয়।

ৰাহুল গান্ধী আৰু প্ৰিয়ংকাইও ৰাজ্যজুৰি ধাৰাবাহিকভাৱে প্ৰচাৰ চলাইছিল। কিন্তু মেৰুকৰণৰ বিষয়টো তেওঁলোকে এৰাই চলিছিল। ব্যক্তিগতভাৱে মোডীক আক্ৰমণ কৰা নাছিল। সেইবাবেই কৰ্ণাটকত পদুম মৰহিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ