--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  চিবিএছইয়ে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছত দিল্লীত আত্মহত্যাৰ পথ বাছি ল’লে  দুজনকৈ শিক্ষাৰ্থীয়ে । শিক্ষাৰ্থীদুগৰাকীয়ে নিজৰ ঘৰতে  ফাঁচী লগাই আত্মহত্যা কৰাৰ  অভিযোগ উত্থাপিত হৈছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে যে তেওঁলোক দুয়ো ব'ৰ্ড পৰীক্ষাত তেওঁলোকৰ প্ৰদৰ্শনক লৈ অসন্তুষ্ট হৈ পৰিছিল। 

অভিযোগ অনুসৰি এগৰাকী ১৬ বছৰীয়া কিশোৰীয়ে পৰীক্ষাত কম নম্বৰ লাভ কৰাৰ পিছত পশ্চিম দিল্লীৰ হৰি নগৰত নিজৰ ঘৰতে ফাঁচী লগাই আত্মহত্যা কৰে। ছাত্ৰীগৰাকীক সংকটজনক অৱস্থাত  ডিডিইউ চিকিৎসালয়লৈ লৈ গৈছিল, কিন্তু চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।  আৰক্ষীৰ উপ-আয়ুক্ত  (পশ্চিম) ঘনশ্যাম বনচালে প্ৰকাশ কৰা মতে বিজ্ঞান শাখাৰ ছাত্ৰীগৰাকীয়ে  শুক্ৰবাৰে ঘোষণা কৰা ফলাফলত ৭৫  শতাংশ নম্বৰ লাভ কৰিছিল ।

 এই কথাতে তেওঁ হতাশ হৈ পৰিছিল আৰু চৰম সিদ্ধান্ত গ্ৰহণ কৰিছিল। অৱশ্যে ছাত্ৰীগৰাকীৰ ঘৰত কোনো চুইচাইড নোট পোৱা হোৱা নাই। দ্বিতীয় ঘটনাটো উত্তৰ-পশ্চিম দিল্লীৰ চুলতানপুৰীত সংঘটিত হৈছে।   এগৰাকী ১৯ বছৰীয়া কিশোৰীয়ে পৰীক্ষাত অনুত্তীৰ্ণ হোৱাৰ পিছতে  নিজৰ ঘৰতে আত্মহননৰ পথ বাছি লয়।তেওঁক  মঙ্গোলপুৰীৰ এছজিএম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল, কিন্তু চিকিৎসাৰ সময়তে তেওঁৰ  মৃত্যু হয়। 

ছাত্ৰীগৰাকীৰ  পৰিয়ালৰ সদস্যসকলে আৰক্ষীক জনোৱা অনুসৰি  দ্বাদশ শ্ৰেণীৰ ফলাফল  পোৱাৰ পিছতে ছাত্ৰীগৰাকী  বিচলিত হৈ পৰিছিল। উল্লেখ্য কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে শুক্ৰবাৰে দশম আৰু দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা কৰে। দশম শ্ৰেণীৰ উত্তীৰ্ণৰ শতাংশ আছিল ৯৩.১২ শতাংশ; দ্বাদশ শ্ৰেণীৰ বাবে এইটো ৮৭.৩৩ শতাংশ আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস