--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  চিবিএছইয়ে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছত দিল্লীত আত্মহত্যাৰ পথ বাছি ল’লে  দুজনকৈ শিক্ষাৰ্থীয়ে । শিক্ষাৰ্থীদুগৰাকীয়ে নিজৰ ঘৰতে  ফাঁচী লগাই আত্মহত্যা কৰাৰ  অভিযোগ উত্থাপিত হৈছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে যে তেওঁলোক দুয়ো ব'ৰ্ড পৰীক্ষাত তেওঁলোকৰ প্ৰদৰ্শনক লৈ অসন্তুষ্ট হৈ পৰিছিল। 

অভিযোগ অনুসৰি এগৰাকী ১৬ বছৰীয়া কিশোৰীয়ে পৰীক্ষাত কম নম্বৰ লাভ কৰাৰ পিছত পশ্চিম দিল্লীৰ হৰি নগৰত নিজৰ ঘৰতে ফাঁচী লগাই আত্মহত্যা কৰে। ছাত্ৰীগৰাকীক সংকটজনক অৱস্থাত  ডিডিইউ চিকিৎসালয়লৈ লৈ গৈছিল, কিন্তু চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।  আৰক্ষীৰ উপ-আয়ুক্ত  (পশ্চিম) ঘনশ্যাম বনচালে প্ৰকাশ কৰা মতে বিজ্ঞান শাখাৰ ছাত্ৰীগৰাকীয়ে  শুক্ৰবাৰে ঘোষণা কৰা ফলাফলত ৭৫  শতাংশ নম্বৰ লাভ কৰিছিল ।

 এই কথাতে তেওঁ হতাশ হৈ পৰিছিল আৰু চৰম সিদ্ধান্ত গ্ৰহণ কৰিছিল। অৱশ্যে ছাত্ৰীগৰাকীৰ ঘৰত কোনো চুইচাইড নোট পোৱা হোৱা নাই। দ্বিতীয় ঘটনাটো উত্তৰ-পশ্চিম দিল্লীৰ চুলতানপুৰীত সংঘটিত হৈছে।   এগৰাকী ১৯ বছৰীয়া কিশোৰীয়ে পৰীক্ষাত অনুত্তীৰ্ণ হোৱাৰ পিছতে  নিজৰ ঘৰতে আত্মহননৰ পথ বাছি লয়।তেওঁক  মঙ্গোলপুৰীৰ এছজিএম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল, কিন্তু চিকিৎসাৰ সময়তে তেওঁৰ  মৃত্যু হয়। 

ছাত্ৰীগৰাকীৰ  পৰিয়ালৰ সদস্যসকলে আৰক্ষীক জনোৱা অনুসৰি  দ্বাদশ শ্ৰেণীৰ ফলাফল  পোৱাৰ পিছতে ছাত্ৰীগৰাকী  বিচলিত হৈ পৰিছিল। উল্লেখ্য কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে শুক্ৰবাৰে দশম আৰু দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা কৰে। দশম শ্ৰেণীৰ উত্তীৰ্ণৰ শতাংশ আছিল ৯৩.১২ শতাংশ; দ্বাদশ শ্ৰেণীৰ বাবে এইটো ৮৭.৩৩ শতাংশ আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন